1. News

"এক্সপ- ৱান অৰ্গেনিক নৰ্থ-ইষ্ট ২০২৩"ৰ প্ৰস্তুতিপৰ্বৰ বুজ ল'লে কৃষিমন্ত্ৰীয়ে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
1st Expo Organic North East
1st Expo Organic North East

বুধবাৰে জনতা ভৱনত কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা। বৈঠকত ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেটৰ ব্যয়ৰ স্থিতি আৰু চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে কৃষিমন্ত্ৰীগৰাকীয়ে।

বৈঠকত কৃষকৰ আয় বৃদ্ধি আৰু কল্যাণ নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো আঁচনি সময়মতে কাৰ্যকৰী কৰিবলৈ কৃষি বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। বৈঠকতে  "প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা"ৰ অধীনত যোগ্য কৃষকসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে কামসমূহ ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই।

লগতে পঢ়ক- 

কাছাৰ জিলাত ১৮৫৩ চনতেই কৰা হৈছিল কফি খেতি

RKVY, NFSM, HMNEH, NMEO-OP, SMAM, AIF, RIDF, CMSGUY, Soil Health Management, অসম মিলেট্ অভিযান, জ্ঞান কেন্দ্ৰ নিৰ্মাণ আদি আঁচনিৰ বৰ্তমানৰ অৱস্থা আৰু অহা ৩-৫ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া "১ম এক্সপ' অৰ্গেনিক নৰ্থ-ইষ্ট ২০২৩"ৰ প্ৰস্তুতিপৰ্বৰ বুজ লয় মন্ত্ৰী অতুল বৰাই।

বৈঠকত কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব আৰু কৃষি উৎপাদন আয়ুক্ত ডাঃ আশিস কুমাৰ ভূটানী, ARIAS ছ'চাইটীৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক আকাশদীপ, কৃষি সঞ্চালক অনন্তলাল জ্ঞানী, অতিৰিক্ত সচিব তেজপ্ৰসাদ ভূষাল,  সুব্ৰত ৰায় বৰ্ধন, যুটীয়া সচিব গুণজিৎ কাশ্যপ, উদ্যান শস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা প্ৰমুখ্যে কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক- 

ৰবি শস্যৰ মাটিৰ পৰিমাণ ৪৫৭ লাখ হেক্টৰৰ পৰা ৫২৬ লাখ হেক্টৰলৈ বৃদ্ধি

English Summary: 1st Expo Organic North East Preparations

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.