1. News

শিৱসাগৰৰ পৰ্যটন ক্ষেত্ৰত সংযোজিত হ'ল এটা হেৰিটেজ মিউজিয়াম

PANKAJ KHANIKAR
PANKAJ KHANIKAR
শিৱসাগৰৰ পৰ্যটন ক্ষেত্ৰত সংযোজিত হ'ল এটা হেৰিটেজ মিউজিয়াম
শিৱসাগৰৰ পৰ্যটন ক্ষেত্ৰত সংযোজিত হ'ল এটা হেৰিটেজ মিউজিয়াম

ঐতিহাসিক জয়সাগৰ পুখুৰীপাৰত আজিৰে পৰা ডেৰ দশকৰ পূৰ্বে পৰ্যটকৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল এখন আটকধুনীয়া উদ্যান। নাম ৰাখিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান। সকলোবোৰ সম্পূৰ্ণ হৈ উঠাৰ পিছতো উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰা নহ’ল।

হাবি-জংঘলেৰে পৰিপূৰ্ণ হৈ থকা উদ্যানখনি অৱশেষত অসম পৰ্যটন বিভাগৰ অন্তৰ্গত জুইশাল গোষ্ঠীৰ উদ্যোগত আৰু বিধায়ক অখিল গগৈৰ সহযোগত বিগত বৰ্ষটোৰ ডিচেম্বৰ মাহত পৰ্যটনৰ বাবে মুকলি কৰা উদ্যানখনিত ইটোৰ পিছত সিটো সংযোজন কৰি পৰ্যটকক আৰ্কষিত কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক- 

ফেব্ৰুৱাৰী-মাৰ্চৰ ভিতৰতে কৃষকসকলে কৰিব পাৰিব জেং কেৰেলাৰ খেতি

 

দিনে-নিশাই পৰ্যটকক আৰ্কষিত কৰিব পৰাকৈ জাতি-জনগোষ্ঠীয় নৃত্যৰ ব্যৱস্থা গঢ়ি তোলাৰ উপৰিও বটানিকেল গাৰ্ডেন, শিশু  উদ্যান, জনগোষ্ঠীয় সাজপাৰৰ বিপনী,এৰী-মুগা পোহা দৃশ্য সন্নিবিষ্ট কৰাৰ লগতে অসমীয়া পৰম্পৰা খাদ্য সম্ভাৰৰ ৰোস্তোৰা গঢ়ি তোলা হৈছে। আনহাতে অসম পৰ্য্যটন বিভাগৰ অন্তৰ্গত জুইশাল গোষ্ঠীৰ তত্ত্বাৱধানত ন ৰূপত ৰূদ্ৰসিংহ পাৰ্কত আজি মুকলি কৰা হয় এটি হেৰিটেজ মিউজিয়াম।

মিউজিয়ামটো শুভ উদ্বোধন কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।মিউজিয়ামটোত বিভিন্ন ধৰনৰ পৌৰাণিক সামগ্ৰী প্ৰদৰ্শিত কৰা হৈছে।পৰ্যটক সকলৰ বাবে সাঁচি পাতৰ পুথি, আহোম যুগৰ অস্ত্ৰ শস্ত্ৰ, বিভিন্ন সময়ৰ মুদ্ৰা,অসমৰ প্ৰাচীনতম লোক কলা মুখাশিল্পৰ লগতে আহোম যুগৰ বিভিন্ন সা-সামগ্ৰী মিউজিয়ামত প্ৰদৰ্শন কৰা হৈছে। স্বাভাবিকতে ন-ৰূপত জিলিকি উঠিছে স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান।

লগতে পঢ়ক- 

অসমত মিলেট উৎপাদনৰ বাবে কৃষকক বিচক্ষণতাৰে বেংকৰ ঋণ ব্যৱহাৰ কৰিবলৈ আহ্বান নাবাৰ্ডৰ

 

English Summary: A heritage museum added Swargadew Rudra Singha Park

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.