1. News

"আন্তর্জাতিক কৃষি-উদ্যান শস্য মেলা-২০২৩”ত শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ বিশ্বনাথৰ পুলিমাই কুটুম পেগুলৈ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Pulimai Kutumb pegu bags Assam State Best Farmers award
Pulimai Kutumb pegu bags Assam State Best Farmers award

যোৱা ১৬ ৰপৰা ১৮ ডিচেম্বৰলৈ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কৃষি, উদ্যান শস্য বিভাগৰ উদ্যোগত আয়োজিত হৈছিল “অষ্টম অসম আন্তর্জাতিক কৃষি-উদ্যান শস্য মেলা-২০২৩”৷ অসমৰ বিভিন্ন জিলাৰ লগতে এই কৃষি মেলাত অ‌ংশ গ্ৰহন কৰে বিশ্বনাথ জিলা কৃষি বিভাগে৷

জিলাখনৰ প্ৰায় ১৭জন কৃষকে অংশ গ্ৰহণ কৰে এই আন্তঃ ৰাষ্ট্ৰীয় কৃষি মেলাখনত৷ বিগত তিনিটা দিনত বিশ্বনাথ জিলা কৃষি বিভাগৰ বিপনীখনিত জিলাখনৰ পৰা যোৱা কৃষকসকলে বিভিন্ন কৃষিজাত সামগ্ৰীৰ আকৰ্ষণীয় প্ৰদৰ্শনৰে আপ্লুত কৰে কৃষি মেলালৈ অহা সকলো লোককে৷

উল্লেখযোগ্য যে আন্তঃ ৰাষ্ট্ৰীয় কৃষি মেলাত বিশ্বনাথ জিলাৰ গহপুৰ অঞ্চলৰ ৩৭ বছৰীয়া প্ৰগতিশীল কৃষক পুলিমাই কুটুম পেগুয়ে ATMAৰ অধিনত কৃষি আৰু ৰেচম খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে শ্ৰেষ্ঠ কৃষকৰ বঁটা লাভ কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

অনুষ্ঠানটিত অংশগ্ৰহণ কৰি জিলা খনৰ কৃষকসকলে কৃষি আৰু উদ্যান শস্যৰ ক্ষেত্ৰত নতুন জ্ঞান আৰু অভিজ্ঞতা আহৰণ কৰে ৷জিলা কৃষি বিষয়া বাণেশ্বৰ বে নেতৃত্বত অংশ লোৱা কৃষকৰ দলটিক সংগ দিয়ে বিশ্বনাথৰ কৃষি উন্নয়ণ বিষয়া মানসপ্ৰতীম দাসৰ লগতে ATMA, APART আৰু জিলা কৃষি বিভাগৰ কেইবাগৰাকী বিষয়া কৰ্মচাৰীয়ে৷

লগতে পঢ়ক- 

ইঞ্জিনিয়াৰ পাছ কৰি মীনপালনেৰে ১৩ জন লোকক স্থায়ী সংস্থাপন মৰিগাঁৱৰ ৰাজাকুল ইছলামৰ

English Summary: Pulimai Kutumb pegu bags Assam State Best Farmers award

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.