1. News

বহি:ৰাজ্যৰ কৃষকক প্ৰশংসা কৰি আন্তৰ্জাতিক উদ্যানশস্য মেলাত কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

PANKAJ KHANIKAR
PANKAJ KHANIKAR

আজি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হঅষ্টম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা-২০২৩। অনুষ্ঠানটো শুভাৰম্ভ তথা উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কৃষি আৰু আনুষংগিক খণ্ডৰ জৰিয়তে অসমৰ অৰ্থনীতি সবল কৰাৰ লক্ষ্যৰে প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা হৈছে অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলাখন বিগত দুদিনত দেশ-বিদেশৰ প্ৰতিনিধি আৰু বিভিন্ন প্ৰান্তৰ কৃষক উপস্থিত থাকিব বুলি জানিবলৈ দিছে উদ্যোক্তা সমিতিয়ে।

প্ৰথম দিনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ন্যূনতম সমৰ্থন মূল্যত চৰকাৰে ধান ক্ৰয় কৰা কাৰ্যই কৃষকসকলক উপকৃত হৈছে বুলি কয়। লগতে তেওঁ উপস্থিত কৃষকসকলক উদ্দেশ্যি কয়- ‘’আমাৰ কৃষকসকলে বছৰত কেৱল এটা খেতি কৰে। কিন্তু যোৱা নিৰ্বাচনত মই মধ্যপ্ৰদেশ, ছত্তিছগড়, ৰাজস্থান আদি ৰাজ্যৰ ভ্ৰমণৰ সুবিধা পাইছিলো। তেতিয়া মই তাত দেখিছিো যে সেই ৰাজ্যসমূহৰ কৃষকে বছৰত তিনিটা খেতি কৰে, আৰু বাৰীৰ চাৰিওকাষে বেৰাৰ বাবে বাণিজ্যিকভাৱে বিভিন্ন গছ ৰোপন কৰে, উদ্যান শস্যৰ খেতি কৰে। কিন্তু আমাৰ কৃষকসকলে বছৰত এটা খেতি কৰে। দ্বিতীয়টো খেতি কৰাৰ কথা ভবা নাই। কিন্তু আমি বিভিন্নধৰণৰ চৰকাৰী কৃষি আঁচনিসমূহৰ জৰিয়তে কৃষকসকলৰ কাষত থিয় হৈ দ্বিতীয়টো খেতি কৰাৰ বাবে অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰি আছো। চৰকাৰৰ এই পদক্ষেপক কৃষকসকলে সহযোগিতা প্ৰদৰ্শন কৰি আমি আমাৰ ৰাজ্যৰ কৃষি খণ্ডলৈ এক পৰিৱৰ্তন অনাৰ প্ৰয়াস কৰিছো।

লগতে পঢ়ক-

Rainbow Rooster : ৰেইনবো ৰুষ্টাৰ কুকুৰা পালন লাভান্বিত হৈছে নলবাৰীৰ কুকুৰা পালক

 

অনুষ্ঠানতে ৰাজ্যৰ কেইবাজনো কৃষক কৃষিখণ্ডত দেখুওৱা পাৰদৰ্শিতাৰ বাবে বঁটা প্ৰদানো কৰা হয়। অনুষ্ঠানতে বঁটা প্ৰদান কৰা হয় কাছাৰ জিলাৰ ছানালেম্বী দেৱী, দৰং জিলাৰ গোবিন্দ ডেকা, চিৰাং জিলাৰ আকবৰ আলি, শোণিতপুৰ জিলাৰ ঘনশ্যাম নাথ, নলবাৰীৰ নিভা দাস, নলবাৰীৰ উপানন্দ দাস, বাক্সাৰ বদন নাৰ্জাৰী, যোৰহাটৰ পল্লবী গগৈ, বিশ্বনাথৰ পুলিমাই কুটুম আৰু মৰিগাঁও জিলা আমলিঘাট বানানা প্ৰডিউচাৰ কোম্পানীলৈ বেষ্ট প্ৰেকটিছ ফাৰ্মাৰ কোম্পানী অৱ নৰ্থ-ইষ্টৰ বঁটা লাভ কৰে। বঁটাতো গ্ৰহণ কৰে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া অপূৰ্ব ভাগৱতী আৰু লক্ষণ চেত্ৰীয়ে।
 

এই উদ্বোধনী অনুষ্ঠানটোত ৰাজ্যৰ কেইবাজনো কেবিনেট মন্ত্ৰী-বিধায়কৰ লগতে এম্বেছাদৰ অৱ ছাৰ্বিয়া, ছেছেলিছ, মংগোলিয়া; মালয়েছিয়াৰ উচ্চায়ুক্ত; কাউন্সিলৰ অৱ থাইলেণ্ড, ইণ্ডোনেছিয়া, ভূটান, নিউজীলেণ্ড, দক্ষিণ কোৰিয়া, ইৰাণ; বাংলাদেশ, ছাৰ্বিয়া, দক্ষিণ কোৰিয়া, নিউজীলেণ্ড, থাইলেণ্ডৰ প্ৰতিনিধিসকল উপস্থিত থাকে। আনফালে  ৰাজ্যৰ কৃষি উৎপাদন আয়ুক্ত ডাঃ আশিস কুমাৰ ভূটানী, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকা, অসম বীজ নিগমৰ অধ্যক্ষ প্ৰবীণ হাজৰিকা, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা, কৃষি সঞ্চালক ভাস্কৰ পেগু প্ৰমুখ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক- 

A to Z হিচাপ কৰিলে খেতিত লাভতকৈ লোকচানহে হয়! কথাষাৰ কিমান সঁচা

English Summary: 8th Assam Int’l Agri-Horti Show to begin

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.