Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 4 October, 2022 12:44 PM IST
PM Modi Launches 5G Services in India

আজি আনুষ্ঠানিকভাৱে ৫জি সেৱা মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।দিল্লীৰ এক টেলিকম অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৫জি সেৱা মুকলি কৰে। আগন্তুক কেইটামান বছৰৰ ভিতৰত সমগ্ৰ দেশবাসীয়ে ৫জি সেৱা উপভোগ কৰিব পাৰিব বুলি আশা কৰা হৈছে। প্ৰথম অৱস্থাত দেশৰ ১৩খন চহৰে লাভ কৰিব ৫জি সেৱা। সেই চহৰকেইখন ক্ৰমে এই ১৩ খন চহৰ হ’ল- দিল্লী, গুৰুগ্ৰাম, মুম্বাই, পুনে, কলকাতা, লক্ষ্ণৌ, বেংগালুৰু, চণ্ডীগড়, আহমেদাবাদ, গান্ধীনগৰ, চেন্নাই, জামনগৰ আৰু হায়দৰাবাদ।

দিল্লী, চেন্নাই, কলকাতা, আৰু মুম্বাই আদি চহৰত আজিৰেপৰাই উপলব্ধ হ’ব ৫জি সেৱা। উল্লেখ্য যে, ৪জিতকৈ দহগুণ অধিক দ্ৰুত সেৱা ৫জিয়ে প্ৰদান কৰিব বুলি দাবী কৰা হৈছে।

৫জি প্ৰযুক্তিৰ সুবিধাৰ বিষয়ে কোৱাৰ সময়ত টেলিকম বিশেষজ্ঞসকলে কয় যে ই নিৰন্তৰ কভাৰেজ, উচ্চ ডাটা ৰেট, কম বিলম্ব, আৰু অতি নিৰ্ভৰযোগ্য যোগাযোগৰ সেৱা প্ৰদান কৰিব। তদুপৰি ই শক্তিৰ কাৰ্যক্ষমতা, স্পেকট্ৰামৰ কাৰ্যক্ষমতা, আৰু নেটৱৰ্কৰ কাৰ্যক্ষমতাও বৃদ্ধি কৰিব।

অনুস্থানটোত উপস্থিত থকা ভাৰতী এয়াৰটেলৰ অধ্যক্ষ সুনীল ভাৰতী মিট্টালেও কয় যে প্ৰথম অৱস্থাত কোম্পানীটোৱে ৮খন চহৰত ৫জি সেৱা আগবঢ়াব।

 

৪জি সেৱা সন্দৰ্ভত টুইট কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে একবিংশ শতিকাৰ ভাৰতৰ বাবে এয়া এক ঐতিহাসিক দিন! ৫ জি প্ৰযুক্তিয়ে টেলিকম খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব। প্রগতি ময়দানত প্রদর্শনী উদ্বোধন কৰাৰ পাছত প্রধানমন্ত্রীয়ে বিভিন্ন টেলিকম অপাৰেটৰ আৰু প্রযুক্তি প্রদানকাৰীয়ে স্থাপন কৰা পেভিলিয়নবোৰ ঘূৰি গৈ ‘৫জি’ কি তাক প্রত্যক্ষভাৱে অনুভৱ কৰে৷ প্ৰধানমন্ত্ৰীগৰাকী প্ৰথমে ৰিলায়েন্স জিঅ’ৰ ষ্টললৈ যায়, য’ত তেওঁ কাউণ্টাৰত প্ৰদৰ্শিত ‘ট্ৰু ৫জি’ ডিভাইচসমূহ প্ৰত্যক্ষ কৰে আৰু লগতে জিঅ’ গ্লাছৰ জৰিয়তে ইউজ কেছৰ অভিজ্ঞতাও লাভ কৰে।

প্ৰদৰ্শনীত প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শিত বিভিন্ন ব্যৱহাৰৰ ক্ষেত্ৰসমূহৰ ভিতৰত আছে নিখুঁত ড্ৰ’ন ভিত্তিক কৃষি, উচ্চ সুৰক্ষাৰ ৰাউটাৰ আৰু এআই ভিত্তিক চাইবাৰ ভাবুকি ধৰা পেলোৱা প্লেটফৰ্ম, স্বয়ংক্ৰিয় গাইডযুক্ত বাহন, এম্বুপড - স্মাৰ্ট এম্বুলেন্স, অগমেণ্টেড ৰিয়েলিটি/ভাৰ্চুৱেল ৰিয়েলিটি/ শিক্ষা আৰু দক্ষতা বিকাশ, নলা-নৰ্দমা নিৰীক্ষণ ব্যৱস্থা, স্মাৰ্ট-কৃষি কাৰ্যসূচী, স্বাস্থ্য নিদান আদিৰ ক্ষেত্ৰত বাস্তৱতা মিহলাই।

G ইণ্টাৰনেট সেৱাৰ মূল্য 4G নেটৱৰ্কৰ শুল্কৰ প্ৰায় আশে-পাশে থাকিব বুলি আশা কৰা হৈছে।চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা 5G স্পেকট্ৰম নিলামৰ বাবে ৰিলায়েন্স, ভোডাফোন আইডিয়া, এয়াৰটেল আৰু আদানি গ্ৰুপ আছিল প্ৰধান নিবিদাকাৰী, সৰ্বাধিক দৰদাম কৰিছিল- 5G স্পেকট্ৰামৰ বাবে প্ৰায় ১.৫০ লাখ কোটি টকা। ৰিলায়েন্স জিঅ’ই দাবী কৰিছে যে ভাৰত হ’ব ৫জি ইণ্টাৰনেট গ্ৰহণ কৰা আটাইতকৈ দ্ৰুত দেশ আৰু কয় যে ২০২৩ চনৰ ভিতৰত তেওঁলোকে সমগ্ৰ দেশতে 5G কভাৰেজ বৃদ্ধি কৰিব।

আৰু পঢ়কঃ দুৰ্গা পূজাৰ নহয় মহাপুৰুষজনাৰ জন্মোৎসৱৰ উচাহ মাজুলীত

English Summary: Prime Minister Narendra Modi Launches 5G Services in India
Published on: 01 October 2022, 06:13 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now