1. News

দুৰ্গা পূজাৰ নহয় মহাপুৰুষজনাৰ জন্মোৎসৱৰ উচাহ মাজুলীত

PANKAJ KHANIKAR
PANKAJ KHANIKAR
গুৰুজনাৰ জন্মোৎসৱৰ প্ৰস্তুতি
গুৰুজনাৰ জন্মোৎসৱৰ প্ৰস্তুতি

মাজুলিত দুৰ্গা পূজা নাই।কিন্তু ব্যাপক আয়োজন মহাপুৰুষ শংকৰদেৱৰ জন্মোৎসৱৰ। ৪০০ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি যাগ যজ্ঞ,বলি বিধান আদিৰ দৰে কাৰ্যৰ পৰা বিৰত থকা জিলা খনৰ ৩২ খন সত্ৰই ৰক্ষা কৰি আহিছে বৈষ্ণৱ ধৰ্মৰ খুটি।

সম্প্ৰতি দেশৰ বিভিন্ন স্থানত দুর্গা পূজা উদযাপনৰ অঘোষিত প্ৰতিযোগিতা। ইয়াৰ বিপৰীতে মাজুলীৰ সত্ৰানুষ্ঠান, জাতি জনগোষ্ঠীৰ সমন্বয়ত মুঠ ১১০ স্থানত মহাপুৰুষ গুৰুজনাৰ জন্মোৎসৱৰ প্ৰস্তুতি চলিছে। অহা ৩ ৰ পৰা ৫ অক্টোবৰ লৈ ৩ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে গুৰু দুজনাৰ সৃষ্টিৰাজি চৰ্চা, পৰিবেশন আৰু প্ৰচাৰ চলোৱা হ'ব। মাজুলীৰ আকাশ বতাহত সত্ৰীয়া সংস্কৃতিৰ পৰম্পৰাৰে প্ৰতিধ্বনিত হ'ব খোল-তাল, মৃদংগ,ডবা-শংখ,কাহ,কালি ভেৰুৰ সমলয়ত হৰিনামৰ মুৰ্চনা। ৫ টাকৈ বানপানীৰ অত্যাচাৰ, খহনীয়াত বিধ্বস্ত জনাঞ্চলত পুনৰ সেউজ সপোন ৰছা কৃষকে আগতীয়া ৰবি শস্য হেৰুৱাইও জন্মোৎসৱ উদযাপনৰ বাবে দেহমন একাত্ম কৰি লৈছে। বিভিন্ন ঠাইত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ উপৰি মাজুলী ভিত্তিত মহিলাৰ মাজত দিহা নাম,ছাত্র ছাত্ৰী সকলৰ মাজত সত্ৰীয়া নৃত্য, বৰগীত, চিত্ৰকলা প্ৰতিযোগিতা, যুৱক যুৱতী সকলে ভাওনা পৰিবেশন কৰিব।

লগতে পঢ়ক- পূজা নিজৰ টকাৰে হ'ব লাগে,আনৰ টকাৰে নহয়'- হিমন্ত বিশ্ব শৰ্মা

তাৰোপৰি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ৩ অক্টোবৰত পুৱা উষা কীৰ্তন, পৰিৱেশ নিকাকৰণ, ধৰ্ম ধ্বজ্জা উত্তোলন, স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলনৰ পিছত মূল বেদীত ভাগৱত স্থাপন কৰিব। দুপৰীয়া ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আৰম্ভ হ'ব আৰু ৪ অক্টোবৰলৈকে উক্ত আধ্যাত্মিক অনুষ্ঠানভাগ অব্যাহত থাকিব । সত্ৰানুষ্ঠান সমূহত ৪ দিন ধৰি উদযাপন কৰা হ'ব মহাপুৰুষ জনাৰ জন্মোৎসৱ।

বিশেষকৈ জেংৰাইমুখ কেন্দ্ৰীয় নামঘৰৰ উদ্যোগত অঞ্চল সমূহত গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছে।মাজুলীৰ ফুলনিত থকা নেপালী সম্প্ৰদায়ৰ লোক সকলে কিছু বৰ্ষৰ আগলৈকে বলিবিধান নকৰিলেও দুৰ্গা দেৱীৰ পূজা ব্যক্তিগত ভাৱে উদযাপন কৰাৰ কথা কিছুমানলোকে জানিব লৈ দিয়ে যদিও বৰ্তমান সেই প্ৰথা নাইকিয়া হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।

লগতে পঢ়ক- মালিগাঁৱৰ যমৰ-যাতনা আৰু এটা বছৰ সহিব লাগিব গুৱাহাটীবাসীয়ে

English Summary: NO DURGA PUJA IN MAJULI

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.