Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 29 July, 2022 11:20 AM IST
ম'বাইলতে কৰক e-KYC

কৃষকসকলক আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্দেশ্যৰে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১ ডিচেম্বৰ, ২০১৮ চনত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি আৰম্ভ কৰে। চৰকাৰে এই আঁচনিৰ অধীনত প্ৰতি বছৰে ৬ হাজাৰ টকা, ৩ টা কিস্তিত কৃষকসকললৈ আগবঢ়ায়। বৰ্তমানলৈ কৃষকসকলে ১১ টা কিস্তিৰ ধন লাভ কৰিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত। অহা ১ আগষ্টৰ পৰা এই আঁচনিৰ দ্বাদশ কিস্তিৰ ধন আপোনাৰ একাউন্টত সোমাব।

পূৰ্বতে আপোনাৰ একাউন্টত ধন সোমাইছিল যদিও এইবাৰ আপোনাৰ একাউন্টত নোসোমাব পাৰে ধন। পূৰ্বৰ কিছু নীতি-নিয়ম এইবাৰ সালসলনি কৰা হৈছে। দ্বাদশ কিস্তিৰ আঁচনিৰ ধন লাভ কৰিবলৈ আপুনি আধাৰ নম্বৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত কৰাটো বাধ্যতামূলক। ইয়াৰ বিপৰীতে প্ৰকৃত কৃষক নহ’লেও আপুনি লাভ নকৰিব ধন। এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে কৃষিমন্ত্ৰী অতুল বৰাই প্ৰদান কৰিছে এক বিশেষ জাননীয়ো। জাননীখনত তেওঁ উল্লেখ কৰিছে-

  • পি এম কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে e - KYC কৰাটো বাধ্যতামূলক । সমূহীয়া সেৱা কেন্দ্ৰ ( CSC ) ত ১৫.০০ টকা মাচুল দি অথবা জন সুবিধা কেন্দ্র ( PFC ) ত বিনামূলীয়াকৈ e - KYC কৰাৰ সুবিধা আগবঢ়োৱা হৈছে। নিজৰ এনড্রয়ড মোবাইল ফোনৰ জৰিয়তেও নির্দিষ্ট এপ ডাউনলোড কৰি বিনামূলীয়াকৈ e - KYC কৰিব পৰা যায় ।
  • প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত শস্য বীমা কৰোৱাৰ সময়তো কৃষক ৰাইজে নিজৰ আধাৰ নম্বৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত কৰাটো বাধ্যতামূলক ।
অতুল বৰাৰ ফেচবুক পোষ্ট :মবাইলতে কৰক e-KYC

লগতে বিভাগীয় মন্ত্ৰীগৰাকীয়ে কৃষকৰ সহায়ৰ বাবে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ পি এম কিষাণ নিধিৰ অধীনত 03612800213 টোল ফ্রী নম্বৰটো মুকলি কৰিছে। উল্লেখ্য পি এম কিষাণ নিধিৰ অধীনৰ যিকোনো তথ্য আৰু ওজৰ-আপত্তিৰ বাবে এই নম্বৰটোৰ লগত যোগাযোগ কৰিব পাৰিব বুলি জনাইছে ৰাজ্যৰ কৃষি বিভাগে।

e-KYC কেনেদৰে কৰিব?

  • প্ৰথমে, pmkisan.gov.in প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ৱেবছাইটযাওঁক।
  • ইয়াত আপুনি ফাৰ্মাৰ্ছ কৰ্ণাৰ দেখিব, য'তeKYC নামৰ বাকছ এটা দেখিব তাত ক্লিক কৰক।
  • ক্লিক কৰাৰ পাছতেইআপোনাৰ আধাৰ নম্বৰটো খালি ঠাইখিনিত ভৰ্তি কৰি দিয়ক। search বুটামটোত ক্লিক কৰি দিয়ক।
  • ইয়াৰ লগে লগেই আপোনাৰপঞ্জীভুক্ত ম'বাইল নম্বৰৰ নম্বৰলৈ এটা OTP যাব।
  • ইয়াৰ লগে লগেই আপোনাৰপঞ্জীভুক্ত ম'বাইল নম্বৰৰ নম্বৰলৈ এটা OTP যাব।
  • আপোনাৰ মবাইলনাম্বাৰলৈ যোৱা অ'টিপিটো খালি ঠাইখিনিত পুৰাই দিয়ক আৰু ইয়াৰ লগে লগেই আপোনাৰ e-KYC সম্পন্ন হ'ব।
  • আপোনাৰ মবাইলনাম্বাৰলৈ যোৱাঅ'টিপিটো খালি ঠাইখিনিত পুৰাই দিয়ক আৰু ইয়াৰ লগে লগেই আপোনাৰ e-KYC সম্পন্ন হ'ব।

লগতে পঢ়ক- প্ৰকৃত কৃষক হলেও নাপাব পাৰে PM Kisan আচঁনিৰ দ্বাদশ কিস্তিৰ ধন!

English Summary: PMKSN LETEST UPDATE
Published on: 29 July 2022, 11:20 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now