1. Government Schemes

প্ৰকৃত কৃষক হলেও নাপাব পাৰে PM Kisan আচঁনিৰ দ্বাদশ কিস্তিৰ ধন!

RAHUL ALI
RAHUL ALI
PM Kisan 12th Installment Big Update
PM Kisan 12th Installment Big Update

কৃষকসকলক আৰ্থিকভাৱে সহায় কৰাৰ বাবে ভাৰত চৰকাৰে ১ ডিচেম্বৰ, ২০১৮ চনত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আৰম্ভ কৰে। চৰকাৰে এই আঁচনিৰ অধীনত প্ৰতি বছৰে ৬ হাজাৰ টকা, ৩ টা কিস্তিত কৃষকসকললৈ আগবঢ়ায়। অৱশ্যে এই আঁচনিৰ অধীনত বহু ভুৱা কৃষক অন্তভুৰ্ক্ত হোৱাৰ তথ্য বৰ্তমান পোহৰলৈ আহিছে। ইয়াৰ বিপৰীতে কিছুমান প্ৰকৃত কৃষক এই আঁচনিৰ পৰা বাদ পৰাও পৰিলক্ষিত হৈছে। এইবিলাক লৈ বিভিন্ন ৰাজ্যত আদালতত কেছ-মোকৰ্দমা চলি আছে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ দ্বাদশ কিস্তি অতি সোনকালে আহি আছে, কিন্তু কিছুমান কৃষক আছে যিসকলে এই দ্বাদশ কিস্তিৰ পৰা বঞ্চিত হ'ব পাৰে! কোনসকল কৃষক এই দ্বাদশ কিস্তিৰ ধন নাপাব!

ইতিমধ্যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ বাবে কৃষকৰ পৰা কোটি কোটি আৱেদন লাভ কৰিছে। আবেদন পত্ৰসমূহ ভুল আৰু কিছুমান সঠিক তথ্য নোহোৱাৰ বাবে প্ৰকৃত কৃষকসকলেও এই আবেদনসমূহ কৰ্তৃপক্ষই নাকচ কৰিবলৈ বাধ্য হয়। কৃষকসকলে এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হয়। গতিকে এই কথাকেইটা আবেদনকাৰী কৃষকসকলে মন কৰা উচিত।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ বাবে আবেদন কৰিবলৈ আপোনাৰ নাম ইংৰাজীত পঞ্জীয়ন কৰাতো বাধ্যতামূলক। যিসকল কৃষকে তেওঁলোকৰ নাম অসমীয়াত লিপিৱদ্ধ কৰিছে তেওঁলোকে ইংৰাজীত লিপিবদ্ধ কৰিবলৈ বা অন্য কেতবোৰ ভুল শুধৰাবলৈ gov.in গৈ তথ্যমূহ আপডেট কৰিব পাৰে। মন কৰিব যে আবেদনকাৰীৰ নাম আৰু বেঙ্ক একাউণ্টত আবেদনৰ নাম বেলেগ নোহোৱাটো অতিকে প্ৰয়োজন, যদি এনে হয়, তেন্তে যিমান সম্ভৱ সোনকালে সংশোধন কৰক।

আপোনাক জনাওঁ যে যদি বেঙ্কৰ যিকোনো আইএফএছচি কোড, একাউণ্ট তথ্য আৰু গাওঁখনৰ নামত ভুল হয়,  তেন্তে এই আঁচনিৰ ধন আপোনাৰ একাউণ্টলৈ অহা বন্ধ হ'ব। এই তথ্যসমূহ শুদ্ধ কৰিবৰ বাবে আপুনি gov.in যাব লাগিব। পৰ্টেললৈ যোৱাৰ পিছত যদি আপুনি আধাৰ আৰু বেঙ্কৰ বিৱৰণ উন্নত বা আপডেট কৰিব লগা হয়,  তেন্তে আপুনি তাত দিয়া বিকল্পলৈ যাব পাৰে।

লগতে পঢ়ক-জনসাধাৰণৰ জীৱনশৈলী সলনি কৰা প্ৰধানমন্ত্ৰী মোডীৰ ১০ খন চৰকাৰী আঁচনি

English Summary: PM Kisan 12th Installment Big Update

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.