1. News

অসমৰ অনাৰসৰ দিল্লী, কৰ্ণাটকলৈ যাত্ৰা : সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ প্ৰশংসা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
সামাজিক মাধ্যমত অনাৰস খেতিয়কসকলক  সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ প্ৰশংসা
সামাজিক মাধ্যমত অনাৰস খেতিয়কসকলক সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ প্ৰশংসা

সাধাৰণতে বহিঃৰাজ্যৰ সামগ্ৰীৰে অসমৰ বজাৰখন ভৰা। সেয়া উদ্যোগজাত সামগ্ৰী বা আপেল, আঙুৰ খেজুৰ আদি হওঁক। অসমৰ চাহ, সৰিয়হ, খনিজ পদাৰ্থ আদিয়ো বহিঃৰাজ্যত এপাক মাৰিহে অসমৰ বজাৰখনত ভৰি পেলায়হি। কিন্তু এইবোৰৰ মাজতে অসমৰ জহা, বৰা চাউলৰ লগতে বিভিন্ন জৈৱিক পদ্ধতিৰে উৎপাদিত সামগ্ৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ বজাৰ দখল কৰি আহিছে।

কিন্তু এইবাৰ অসমৰ অনাৰসে মন মুহিছে দিল্লী, কৰ্ণাটক আদি ৰাজ্যৰ লোকৰ মন। শেহতীয়াকৈ গোৱালপাৰা জিলাৰ জিলা কৃষি বিভাগে  জিঙিৰাম এফ পি চিৰ দ্বাৰা উৎপাদিত প্রায় ১৫ শটা অর্থাৎ ২০ কুইণ্টল আনাৰস নতুন দিল্লীলৈ ৰপ্তানি কৰে। ৰপ্তানি কৰা প্ৰতিটো অনাৰসৰ ওজন প্রায় ১.৩ ৰ পৰা ১.৫ কিল’গ্রাম।

অনাৰস
অনাৰস

উল্লেখ্য যে নলংগো পাহাৰৰ ৭২ টা পৰিয়ালে প্রায় সাতশ বিঘা মাটিত সম্পূৰ্ণ প্ৰাকৃতিক পদ্ধতিৰে অনাৰস উৎপাদন কৰে । কিন্তু বজাৰৰ সমস্যাৰ বাবে কৃষকসকলে অতি কম দামত অনাৰস বিক্ৰী কৰিবলগীয়া হৈছিল। আৰু লোকচানৰ সন্মুখীন হৈছিল। কিন্তু এইবাৰ তেনে লোকচানৰ সন্মুখীন হ’ব লগা নহ’ল নলংগো পাহাৰৰ খেতিয়কসকল।

অসমৰ মাটিকঠাঁল কৰ্ণাটকলৈ প্ৰেৰণ কৰাৰ সময়ৰ ফটো
অসমৰ মাটিকঠাঁল কৰ্ণাটকলৈ প্ৰেৰণ কৰাৰ সময়ৰ ফটো

ইফালে একে সময়তে লক্ষীপুৰ, কাচাৰৰ পৰা Hmar Agro Organic Producer Co Ltd, এ ১৯ জুলাই তাৰিখে  ১২ মেট্ৰিক টন জৈৱিক পদ্ধতিৰে কৰা অনাৰস কৰ্ণাটকলৈ প্ৰেৰণ কৰিছে। এই প্ৰশংসনীয় কাৰ্যৰ তেওঁলোকক মুখ্যমন্ত্ৰীয়ে উৎসাহ জনাই সামাজিক মাধ্যমত প্ৰশংসাৰে উপচায় পেলায়।

লগতে পঢ়ক-লণ্ডনত বৃদ্ধি অসমৰ নেমুৰ চাহিদা! ৪ হাজাৰ নেমু ৰপ্তানি বিদেশী ৰাষ্ট্ৰখনলৈ!

English Summary: Pineapple on cm

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.