1. News

লণ্ডনত বৃদ্ধি অসমৰ নেমুৰ চাহিদা! ৪ হাজাৰ নেমু ৰপ্তানি বিদেশী ৰাষ্ট্ৰখনলৈ!

RAHUL ALI
RAHUL ALI
Assam Lemon Export to London
Assam Lemon Export to London

নেমু খেতিয়ক সকলৰ বাবে এক আশাব্যঞ্জক তথা গৌৰৱময় বতৰা৷ বাক্সাৰ কৃষকৰ দ্বাৰা উৎপাদিত নেমুৰ বিদেশ যাত্ৰা৷ তাকো সূদুৰ লণ্ডনলৈ আৰম্ভ হ' ল নেমুটেঙাৰ ৰপ্তানি৷

বুধবাৰে বাক্সাৰ মুছলপুৰৰ পৰা সুদূৰ লণ্ডনলৈ নেমু ৰপ্তানিৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে জিলাখনৰ মুছলপুৰস্থ জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত আনুষ্ঠানিকভাৱে নেমু ৰপ্তানিৰ শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত আয়ুষ গাৰ্গে। নীলাচল এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ উদ্যোগত জিলাখনৰ গাতি অঞ্চলত উৎপাদন কৰা প্ৰায় চাৰি হাজাৰ নেমু ৰপ্তানি কৰে লণ্ডনলৈ।

উল্লেখ্য যে দুবছৰ পূৰ্বে হৰ্টিকালচাৰ মিছন ফৰ নৰ্থ ইষ্ট এণ্ড হিমালয়ান ষ্টেট নামৰ কেন্দ্ৰীয় আঁচনিৰ জড়িয়তে ইণ্ডি‌য়ান চ'ছাইটি অৱ এগ্ৰিবিজনেছ প্ৰফেচনেলচৰ সহযোগত নীলাচল এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেড গঠন কৰা হৈছিল। নীলাচল এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ জড়িয়তে প্ৰথমবাৰৰ বাবে বিদেশীলৈ পঠোৱা হয় এই নেমু সমূহ৷ প্ৰথমে দিল্লী,  তাৰ পিচত সূদুৰ লণ্ডনলৈ প্ৰেৰণ কৰিব বাক্সাত উৎপাদিত নেমু৷

নীলাচল এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া মানস প্ৰতীম কলিতাই জিলা উপায়ুক্ত আয়ুষ গাৰ্গৰ সহযোগত আজি প্ৰথমবাৰৰ বাবে বিদেশলৈ নেমু ৰপ্তানি কৰিবলৈ সক্ষম হয় বুলি জানিব দি কয় যে বাক্সা জিলা নেমু খেতিৰ বাবে উত্তম ঠাই। সেয়েহে নেমু খেতি কৰাৰ বাবে কৃষক সকল আগবাঢ়ি আহিছে। ইতিমধ্যে প্ৰায় সাতশ কৃষকে নীলাচল এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেডত পঞ্জীভুক্ত হৈ নেমু খেতিৰ উৎপাদনেৰে এক বিপ্লৱৰ সূচনা কৰা বুলি উল্লেখ কৰি তেওঁ কৃষিখণ্ডক বানিজ্যকৰণ কৰাৰ বাবে হাতত লোৱা বুলি জানিব দিয়ে৷

উদ্বোধনী অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত আশ্ৰাফুল আমিন, আৰক্ষী অধীক্ষক ৰাজেন সিং, বাক্সা জিলাৰ কৃষি বিষয়া দুলাল দাস, জিলা উদ্যোগ আৰু বানিজ্য কেন্দ্ৰৰ প্ৰৱন্ধক হীৰেন তালুকদাৰ, উদ্যোগ আৰু বানিজ্য কেন্দ্ৰৰ তামুলপুৰৰ অধীক্ষক দূৰ্গা কিংকৰ ভট্টাচাৰ্যৰ লগতে বহু লোক উপস্থিত থাকে।

লগতে পঢ়ক-কেনেদৰে কৰিব পটল খেতি? সবিশেষ পঢ়ক এই প্ৰবন্ধত

English Summary: Assam Lemon Export to London News

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.