1. News

অক্টোৱৰ মাহতে বুটমাহৰ খেতি কৰিব পাৰি

PANKAJ KHANIKAR
PANKAJ KHANIKAR

অসমত বুটমাহৰ চাহিদাৰ কথা অসমীয়া মানুহক নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। সকাম-নিকাম বা সত্ৰ-নামঘৰ, মন্দিৰত বুট-মগুৰ অবিহনে একো সম্ভৱ নহয়। তদুপৰি অসমীয়া মানুহে শক্তিদায়ক খাদ্য হিচাপে পুৱাই কেঁচা বুট খোৱাৰ পৰম্পৰা এটা আছে। জানিব পৰা মতে ভাদ মাহত নগাঁও জিলাত প্ৰায় ২০ কোটি টকাৰ বুট প্ৰয়োজন হয় বুলি এক সমীক্ষাত পোহৰলৈ আহিছে। যদি এই সমীক্ষা সত্য হয় তেনেহ’লে আপুনি ভাবি চাব পাৰে গোটেই অসমত প্ৰতিবছৰে কিমান টকাৰ বুট প্ৰয়োজন হয়। তদুপৰি অসমত বিভিন্ন সময়ত বিভিন্ন ধৰ্মীয় উৎসৱৰ আয়োজন কৰা হয়। এই বৃহত ধৰ্মীয় অনুষ্ঠানবোৰত হাজাৰ টনৰ বুট ব্যৱহাৰ হয়। অথচ কিন্তু কিন্তু অসমত বুটমাহ উৎপাদনত শূন্য।

কিন্তু বছৰটোত প্ৰয়োজন হয় হাজাৰ হাজাৰ টন বুটৰ। গতিকে অসমৰ বুটৰ বজাৰখনলৈ লক্ষ্য কৰি অসমৰ খেতিয়ক কৰিব পাৰে বুটমাহৰ খেতি। আহি আছে বুটমাহৰ খেতিৰ বতৰ। বুটমাহৰ খেতি কৰি আমাৰ কৃষকসকল যথেষ্ট ভাৱে লাভৱান হ’ব পাৰে| কিয়নো উৎপাদিত বুটমাহ আৰু বুটৰ দাইল লাভজনক দামত কৃষকে বিক্ৰী কৰাৰ উপৰি বুটমাহ খেতিয়ে মাটিৰ উৰ্বৰা শক্তি বজাই ৰখাতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু লগতে অন্তবৰ্তী আৰু পৰপৰ্তী শস্যই যথেষ্টভাৱে উপকৃত হ’ব পাৰে| কাৰণ মাহজাতীয় শস্যই বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন আহৰণ কৰি শিপাত থকা টেমুনাত জমা কৰি ৰাখে আৰু পিছত সেইবোৰ মাটিৰ লগত মিহলি হৈ মাটিৰ উৰ্বৰতা বৃদ্ধিত অৰিহণা যোগায়|

তাৰোপৰি গছবোৰ মাটিৰ লগত মিহলি কৰি দিলে মাটিত যথেষ্ট পৰিমাণৰ জৈৱিক পদাৰ্থ সংযোজন হোৱাৰ লগতে নাইট্ৰ’জেন, ফছফৰাছ, প’টাছ, আৰু সুক্ষ্ম খাদ্য মৌল যেনে- দস্তা, মেংগানিজ, লৌহ আৰু তামৰ দ্ৰৱণীয়তাও বৃদ্ধি হয়| গৱেষকসকলৰ মতে, অসমৰ মাটি আৰু জলবায়ু বুটমাহ খেতিৰ বাবে উপযোগী| আমাৰ দৈনন্দিন জীৱনত বুটমাহৰ যথেষ্ট উপকাৰিতা আৰু চাহিদা থকা স্বত্বেও অসমত ইয়াৰ কৃষিভূমিৰ পৰিমাণ আৰু উৎপাদন মুঠেই সন্তোষজনক হোৱা নাই|

কাৰণ বৰ্তমানেও অসমত বুটমাহৰ খেতিয়ে জনপ্ৰিয়তা আৰু প্ৰসাৰতা লাভ কৰিব পৰা নাই। বুটমাহৰ খেতিৰ বাবে নিৰ্দিষ্ট মাটিৰো প্ৰয়োজন নহয় অসমত। শালি ধান চপোৱাৰ পাছতে সেই মাটিখিনিতে বুটমাহৰ খেতি কৰিব পাৰে অসমৰ খেতিয়কসকলে। অৱশ্যে এই সময়ছোৱাত কৰিলে অকণমান আছে খেতি চপোৱাৰ সময়ত হোৱা আগতীয়া মৌচুমী বতাহৰ ফলত হোৱা বৰষুণ| বৰষুণত তিতা বুটমাহবোৰ ক’লা ৰঙৰ হয় আৰু খাদ্য বা বীজ হিচাপে ব্যৱহাৰৰ অনুপযোগী হৈ পৰে| খেতিয়কৰ সকলোখিনি কষ্ট অৱশেষত অথলে যায়| গতিকে অসমৰ চন পৰা বা বানৰ বাবে ৰুৱ নোৱৰা মাটি, অথবা খৰাঙৰ বাবে ৰুৱ নোৱৰা মাটি খিনিত বুটমাহৰ বীজ অক্টোবৰ মাহৰ ভিতৰত সিঁচি ফেব্ৰুৱাৰী মাহৰ ভিতৰত চপোৱাৰ ব্যৱস্থা কৰিব লাগিব।

লগতে পঢ়ক- এবিঘা মাটিতে ২০-৩০ কুইন্টলকৈ ফ্ৰেঞ্চবিন কিদৰে উৎপাদন কৰিব

English Summary: Chickpeas Farming

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.