1. পশুপালন

গাহৰি পালনৰ বাবে অসমত সৰ্বোৎকৃষ্ট প্ৰকাৰসমূহ-

KJ Staff
KJ Staff
Good Species of Pig gives you good income
Good Species of Pig gives you good income

সুস্বাস্থ্যৰ কাৰণে প্ৰতিদিনে ১৫০ গ্ৰাম প্ৰ’টিনৰ প্ৰয়োজন হয় কিন্তু ইয়াৰ পৰিৱৰ্তে ২.৫ গ্ৰাম প্ৰ’টিনহে আমি লাভ কৰোঁ। অসমত প্ৰ’টিনযুক্ত খাদ্যৰ বাৰুকৈয়ে নাটনি হোৱা পৰিলক্ষিত হয়। গৰু, ছাগলী, হাঁহ, কুকুৰা, গাহৰি ইত্যাদি জীৱ-জন্তুয়ে এই অভাৱ পূৰণ কৰাত বহুখিনি অৱদান আগবঢ়াব পাৰে। বিশেষকৈ গাহৰি পালনৰ ফলত অন্যান্য দিশত লাভৱাম্বিত হোৱাৰ উপৰিও অৰ্থনৈতিক দিশত কৃষকক লাভৱাম্বিত হোৱাৰ ক্ষেত্ৰত বহুখিনি অৰিহণা আগবঢ়ায়।

এটা গাহৰিয়ে বছৰত ৮ ৰ পৰা ১০ টা পোৱালি জন্ম দিয়ে। ইয়াৰ বাবে অৱশ্যে বিজ্ঞানসন্মত পদ্ধতিৰে গাহৰি পালন কৰাটো উচিত। বিজ্ঞানসন্মত পদ্ধতিৰে গাহৰি পালন কৰিলে পোহনীয়া জন্তুবিধক লগতে গোটেই পৰিৱেশকেই ৰোগমুক্ত কৰি ৰাখিব পাৰি। গাহৰি পালনৰ আন এক সুবিধাজনক দিশ হৈছে অন্য পোহনীয়া জন্তুৰ তুলনাত গাহৰিৰ ৰোগ প্ৰতিৰোধী ক্ষমতা অধিক। গাহৰি পালন সম্প্ৰতি বহু নিবনুৱা যুৱকৰ অৰ্থোপাৰ্জনৰ সমলৰূপে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে।

অসমৰ গাহৰিৰ প্ৰকাৰ

স্থানীয় প্ৰজাতিৰ গাহৰি অৰ্থনৈতিকভাৱে অধিক লাভজনক নহয় সেয়ে অষ্ট্ৰেলিয়া, আমেৰিকা আৰু আয়াৰলেণ্ডৰ গাহৰিৰ সৈতে স্থানীয় প্ৰজাতিৰ গাহৰিৰ প্ৰজনন ঘটাই বৰ্ণসংকৰ জাতৰ গাহৰি সৃষ্টি কৰাটো সবাতোকৈ লাভজনক হিচাপে পৰিগণিত।

গাহৰিৰ সৰ্বোৎকৃষ্ট প্ৰকাৰসমূহ

  1. হেম্পশ্বায়াৰ-হেম্পশ্বায়াৰ গাহৰি হৈছে এবিধ ঘৰচীয়া গাহৰি। থিয় কাণ, ক’লা শৰীৰ আৰু ডিঙিৰ পৰা আগঠেঙলৈ আৱৰা বগা অংশৰ পৰা হেম্পশ্বায়াৰ গাহৰি চিনাক্ত কৰিব পাৰি।

  2. বগ্গু-ডেভন, কৰ্ণৱাল বা বগ্গু বোলা গাহৰিবিধ ক’লা বৰণৰ। ই এবিধ ঘৰচীয়া গাহৰিৰ জাত। গ্ৰেটব্ৰিটেইনৰ বাসিন্দা আৰু ডেভন, কৰ্ণৱাল, এচচেক্স ইত্যাদি ঠাইত পোৱা যায়।

  3. আমেৰিকান লেণ্ডৰেছ-ই মধ্যমীয়া আকাৰৰ পৰা বিশাল আকাৰৰ এবিধ ঘৰচীয়া গাহৰিৰ প্ৰজাতি। ইহঁতৰ দেহ দীঘল আৰু গাৰ বৰণ বগা, নোমবোৰ মিহি, নাকটো দীঘল, ওজন আৰু কাণ দুখন ওলমা।

  4. আমেৰিকান ইয়ৰ্কশ্বায়াৰ-ই হৈছে এবিধ ঘৰচীয়া তথা বিশাল আকাৰ বগা গাহৰিৰ আমেৰিকান ৰূপান্তৰ। ইহঁত দেখিবলৈ বগা ৰঙৰ আৰু কাণ দুখন থিয়।

  5. স্যাডলবেক- Saddleback নামৰ গাহৰিবিধৰ ক’লা শৰীৰত বেল্টৰ লেখীয়াকৈ বগা চিন দেখা যায়। অৱশ্যে ইহঁতৰ আকাৰ আৰু গঠনৰ মাজত পাৰ্থক্য দেখা পোৱা যায়। ব্ৰিটিছ স্যাডলবেক (British Saddleback) হৈছে ঘৰচীয়া গাহৰিৰ আধুনিক ব্ৰিটিছ প্ৰজনন। ১৯৬৭ চনত ইয়াক সৃষ্টি কৰা হয়।

গাহৰি পালনৰ উপকাৰিতাসমূহ

  • অসমত গাহৰি পালনৰ বাবে যথেষ্ট মাটি আছে।

  • অসমৰ পৰিৱেশ গাহৰি পালনৰ বাবে বিজ্ঞানসন্মতভাৱে উপযোগী।

  • প্ৰাকৃতিকভাৱে লাভ কৰা খাদ্যৰ প্ৰাচুৰ্য্যতা।

  • গাহৰিৰ বিকাশ অতি ক্ষিপ্ৰ।

  • গাহৰিয়ে এবাৰতে ৮ ৰ পৰা ১০ টা পোৱালি জগায়।

  • বিজ্ঞানসন্মতভাৱে সজোৱা গড়ালৰ প্ৰয়োজনীয়তা থাকিলেও গাহৰিয়ে যিকোনো পৰিৱেশতেই অতি সহজে বাস কৰিব পাৰে।

লগতে পঢ়ক-বিজ্ঞানসন্মত গাহৰি পালন সম্পৰ্কে জানো আহক!

English Summary: Best Pig Species farming in Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.