-
-
পকাধানৰ মাজে মাজে অসম চৰকাৰৰ ধান কটা মেচিন
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কৃষক সকলৰ আয় দুগুণ কৰিবৰ বাবে দৃঢ়সংকল্প গ্ৰহণ কৰিছে ৷ আৰু কৃষকসকলৰ আয় তেতিয়াহে বৃদ্ধি হ'ব যেতিয়া কৃষি ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সঠিক ব্যৱহাৰৰ জৰিয়তে অতি কম সময়ৰ ভিতৰত কৃষিকাৰ্য সমাপন হ'ব ৷ সেই উদ্দেশ্যৰেই সমগ্ৰ ভাৰতবৰ্ষত ধান কটা আৰু ধান চপোৱা সঁজুলি বিতৰণ কৰা হৈছে ৷ অসমতো এই ধান কটা আৰু ধান চপোৱা সঁজুলি বিতৰণ কৰি থকা হৈছে ৷ তাৰ পৰিপ্ৰেক্ষিততে বজালীত ধান কটা আৰু ধান চপোৱা যন্ত্ৰ এটা শুভ উদ্বোধন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই কামৰূপ (ম) জিলাৰ অন্তৰ্গত ক্ষেত্ৰীত ক’ম্বাইন হাৰ্ভেষ্টাৰেৰে আনুষ্ঠানিকভাবে ধান কটা পৰ্ব শুভাৰম্ভ কৰাৰ কিছু দৃশ্য। কিন্তু একাংশ কৃষকৰ অভিযোগ- চৰকাৰৰ এই সেৱাসমূহ লাভ কৰিছে মন্ত্ৰী-বিধায়কৰ সম্পৰ্কীয় বা বিজেপিৰ দলীয় নেতাৰ সম্পৰ্কিত একাংশ কৃষকে আৰু তেওঁলোক প্ৰকৃত কৃষক নহয় ৰাজনৈতিক কৃষকেহে।
লগতে পঢ়ক-
ক্ষেত্ৰী অঞ্চলৰ আম্প্ৰি অ'ৰেঞ্জ গ্ৰোৱাৰ FPC টোৱে ৯০ শতাংশ ৰাজসাহাৰ্য্যত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ণ যোজনা (CMSGUY)ৰ অধীনত ক’ম্বাইন হাৰ্ভেষ্টাৰখন লাভ কৰিছে।
অসম চৰকাৰৰ CMSGUY অধীনত পখীলা ফাৰ্মাৰ কোম্পানীয়ে লাভ কৰা Combine Harvester প্ৰথম বাৰৰ বাবে গড়গৰা ঢুলঢুলি খেতিপথাৰত ব্যৱহাৰ কৰা হয়৷ শুভাৰম্ভণি কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।
লগতে পঢ়ক-
English Summary: paddy harvesting machine in Assam paddy field
কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক
প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।
প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।
Donate now
Share your comments