1. News

কলাক্ষেত্ৰত ৪৯ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ যো-জা

PANKAJ KHANIKAR
PANKAJ KHANIKAR

কলাক্ষেত্ৰত ৪৯ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ প্ৰস্তুতি। ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব এই এএৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনী। চাৰিদিনীয়াকৈ কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই অনুষ্ঠান।

সংবাদমেলযোগে এই কথা জনালে অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ উদ্যোগত আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ সহযোগত আয়োজন কৰা হৈছে এই অনুষ্ঠান। আগন্তুক ২৬ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব এই প্ৰদৰ্শনী অনুষ্ঠান।

লগতে পঢ়ক-

বিশ্বখ্যাত লয়ড কোম্পানীৰ মুখ্য কাৰ্যবাহী পদত যোৰহাটৰ এজন অসমীয়া যুৱক

প্ৰদৰ্শনীত দেশৰ ২২ খন ৰাজ্যৰ প্ৰায় ৪০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। ছাত্ৰ-ছাত্ৰীৰ উপৰিও শিশু বিজ্ঞানী, বিজ্ঞান শিক্ষক আৰু কেইবাগৰাকী সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। জানিব পৰা মতে, ২২ নৱেম্বৰত অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী, শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড৹ ননী গোপাল মহন্ত, NCERTৰ সঞ্চালক দীনেশ প্ৰসাদ ছাকলানি প্ৰদৰ্শনীৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব।

 মন কৰিবলগীয়া যে, প্ৰতিদিনেই বিজ্ঞানভিত্তিক বক্তৃতা, কুইজ প্ৰতিযোগিতা, আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা আয়োজিত বিজ্ঞান ভিত্তিক খেল, পক্ষী নিৰীক্ষণ, ৰাতিৰ আকাশ পৰ্যবেক্ষণ তথা দেশৰ বিশিষ্ট বিজ্ঞানী সকলৰ সৈতে ভাব বিনিময় অনুষ্ঠান অনুষ্ঠিত হ'ব। লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

লগতে পঢ়ক-

যোৰাহাটত সোমবাৰে পশু ধন প্ৰদৰ্শনী মেলা লগতে কৰ্মশালা

English Summary: 49th National Children's Science Conference is being held at Kalakshetra

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.