1. News

বিহপুৰীয়াৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই শ শ ৰোৱনীৰ সৈতে ৰুলে ভূঁই

PANKAJ KHANIKAR
PANKAJ KHANIKAR
পথাৰত কৰ্মৰত অৱস্থাত অসমৰ কেইজনমান মন্ত্ৰী-বিধায়ক
পথাৰত কৰ্মৰত অৱস্থাত অসমৰ কেইজনমান মন্ত্ৰী-বিধায়ক

শাওন মাহ। ৰাজ্যত ভৰ বাৰিষা। ৰাজ্যৰ কৃষক ৰাইজ ব্যস্ত এতিয়া ভূঁই ৰুৱাত। লখিমপুৰ জিলাৰ নাৰায়ণপুৰত এইবাৰ সমষ্টিৰ ভিত্তিত বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ উদ্যোগত কৰা হৈছে ধানখেতি।

শুকুৰবাৰে ১নং তাতিবাহাৰৰ দৈশিঙাবৰীত ৫০ বিঘা চৰকাৰী কৃষি ভূমিত ৰোৱা হৈছে ভূঁই৷ এই শ শ ৰোৱনীৰ মাজত ৰোৱনীৰ বেশত দেখা গ'ল সমষ্টিটোৰ অৰ্থাৎ বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাক। লগতে ভূঁই ৰুৱাত ৰোৱনীসকলক সহযোগিতা আগবঢ়ালে পঞ্চায়ত প্ৰতিনিধিসকলেও৷

পথাৰত বিধায়ক অখিল গগৈ
পথাৰত বিধায়ক অখিল গগৈ

ইয়াৰ পূৰ্বেও বিধায়কগৰাকীৰ সামাজিক মাধ্যমত ভাইৰেল হৈছিল পথাৰত আলি দি থকা অৱস্থাৰ  এখন ফটো। ইফালে বিগত সময়ত ৰাজ্যৰ বহু জনপ্ৰতিনিধিয়ে পথাৰৰ প্ৰতি, কৃষিৰ প্ৰতি বিশেষ আগ্ৰহ দেখুওৱা পৰিলক্ষিত হৈছে।

কঠিয়া সিঁচিছে কৃষিমন্ত্ৰী অতুল বৰাই
কঠিয়া সিঁচিছে কৃষিমন্ত্ৰী অতুল বৰাই

মন্ত্ৰী অতুল বৰা, বিধায়ক অখিল গগৈৰ লগতে কেইবাজনো আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই পথাৰত নামি কৃষকসকলক উৎসাহ যোগাই অহা পৰিলক্ষিত হৈছে। ই ৰাজ্যৰ কৃষিখণ্ডৰ বাবে নিঃসন্দেহে ভাল লক্ষণ। জনপ্ৰতিনিধি তথা ৰাজ্যৰ উচ্চ-পদস্থ বিষয়সকলৰ আগ্ৰহে নতুন প্ৰজন্মকো কৃষিৰ প্ৰতি প্ৰেৰণ উৎসাহী কৰি তুলিব।

লগতে পঢ়ক- ভাৰতীয় কৃষিৰ চাইকেল মেন খ্যাত নীৰজ প্ৰজাপতি কে জে চৌপালত!

English Summary: Paddy field on MLA Amiya kumar Bhuyan

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.