1. News

Orientation Programme: নৱনিযুক্ত কৃষি বিষয়াসকলৰ সৈতে কৃষি মন্ত্ৰী অতুল বৰা!

RAHUL ALI
RAHUL ALI
Orientation Program with Newly Appointed Agriculture officer
Orientation Program with Newly Appointed Agriculture officer

কৃষি বিভাগক অধিক গতিশীল কৰাৰ উদ্দেশ্যে বিভাগৰ অধীনত নৱনিযুক্ত আঁচনি বিষয়া, মেডিয়া এক্সপাৰ্ট আৰু গাণনিক বিষয়াসকলৰ   সৈতে বুধবাৰে গুৱাহাটীৰ কৃষি সঞ্চালকালয়ৰ কৃষি নিৱাসত আয়োজিত অভিমুখীকৰণ কাৰ্যসূচীত বিষয়াসকলৰ সৈতে মিলিত হয় কৃষিমন্ত্ৰী অতুল বৰা। নৱনিযুক্ত প্ৰত্যেকগৰাকী বিষয়াক অনাগত দিনৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সমাজ তথা কৃষকৰ সেৱাত সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ মন্ত্ৰীগৰকীয়ে উৎসাহ যোগায়।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ আয় দুগুণ কৰাৰ বাবে ২০২২ক লক্ষ্য হিচাপে লৈ কৃষি খণ্ডত যথেষ্ট পৰিমাণে বিনিয়োগ কৰাৰ লগতে বিভিন্ন কল্যাণকামী আঁচনি গ্ৰহণ কৰিছে। সমান্তৰালভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰেও কৃষকৰ সৰ্বতোপ্ৰকাৰৰ কল্যাণৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। কৃষি ক্ষেত্ৰখনলৈ যুগান্তকাৰী পৰিৱৰ্তন অনাৰ বাবে বিভাগীয় বিষয়াসকলেও অহোপুৰুষাৰ্থ কৰি আহিছে। এই প্ৰক্ৰিয়াক অধিক ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ উদ্দেশ্যে চৰকাৰৰ কল্যাণকামী আঁচনিসমূহ ৰাইজৰ কাষ চপাই নি কৃষকৰ হিত সাধনৰ বাবে বিষয়াসকলক সজাগতা সৃষ্টিৰ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে।

তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি "প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি" আঁচনিখনৰ সুবিধা কৃষকে লাভ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈও তেওঁলোকক আন্তৰিক আহ্বান জনায়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক দেশৰ শীৰ্ষ ৫ ৰাজ্যৰ এখন কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই লক্ষ্যত উপনীত হোৱাত বিশেষ ভূমিকা পালন কৰিব পাৰে কৃষি আৰু আনুষংগিক খণ্ডই। কৃষকৰপৰা ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় প্ৰক্ৰিয়াটোৰ লগতে ৰাজসাহায্যযুক্ত সামগ্ৰী কৃষকে লাভ কৰাৰ সন্দৰ্ভত কৃষক ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিনম্ৰতাৰে আহ্বান জনায়।

ইপিনে স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে "আজাদী কা অমৃত মহোৎসৱ"ৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচীৰ সফল কাৰ্যকৰীকৰণৰ বাবে জনতাক সজাগ কৰিবলৈও অনুষ্ঠানত উপস্থিত বিষয়াসকলক আহ্বান জনায় মন্ত্ৰী বৰাই। ইয়াৰ লগে লগে

জলবায়ু পৰিৱৰ্তনে পৰিৱেশতন্ত্ৰ তথা কৃষি খণ্ডত পেলোৱা বিৰূপ প্ৰভাৱ ৰোধৰ বাবে "মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষ ৰোপণ" শীৰ্ষক প্ৰকল্পটো সঠিকভাৱে কৃতকাৰ্য কৰিবলৈ যাৱতীয় কৰ্মপন্থা গ্ৰহণ আৰু ইয়াৰ বহুল প্ৰচাৰৰ বাবে আহ্বান জনায়।

কৃষি মন্ত্ৰীগৰাকীৰ লগতে অনুষ্ঠানতোত উপস্হিত আছিল কৃষি বিভাগৰ সঞ্চালক শ্ৰী অনন্ত লাল জ্ঞানী, উদ্যান শস্য বিভাগৰ সঞ্চালক শ্ৰী ত্রিৰংগ ভাৰতীয় বৰা, অসম কৃষি আয়োগৰ এগৰাকী অন্যতম সদস্য তথা মুম্বাইৰ ভাৱা আণৱিক গৱেষণা কেন্দ্ৰৰ ৰেডিয়েচন বায়'ল'জী আৰু স্বাস্থ্য কেন্দ্ৰৰ পৰামৰ্শদাতা ড° হলধৰ দেৱশৰ্মা প্ৰমুখ্যে বিভাগৰ শীৰ্ষ বিষয়া আৰু নৱনিযুক্ত বিষয়াসকল।

লগতে পঢ়ক-দেশৰ ‘‘হৰ ঘৰ ত্ৰিৰংগা’’ অভিযানত কৃষি জাগৰণৰ যোগদান

English Summary: Atul Bora Orientation Program with Newly Appointed Agriculture officer at Khanapara

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.