1. News

শদিয়াত MBA কৃষক, ৰাজধানী দিল্লীৰ চাকৰি এৰি পৈতৃক মাটিত কৃষি কৰ্মৰ পাতনি

Pranita Chutia
Pranita Chutia
শদিয়াত MBA কৃষক, ৰাজধানী দিল্লীৰ চাকৰি এৰি পৈতৃক মাটিত কৃষি কৰ্মৰ পাতনি।
শদিয়াত MBA কৃষক, ৰাজধানী দিল্লীৰ চাকৰি এৰি পৈতৃক মাটিত কৃষি কৰ্মৰ পাতনি।

শদিয়াৰ এজন উচ্চ শিক্ষিত যুৱক । নাম  বাস্তৱ গগৈ। ২০১৩ চনতে MBA সম্পূৰ্ণ কৰি ৰাজধানী দিল্লীত কেইবছৰমান চাকৰি কৰাৰ পিছত  ঘৰলৈ ঘূৰি আহি পৈতৃক সূত্ৰে লাভ কৰা প্ৰায় ৮০ বিঘা মাটিত কৃষি কৰ্মৰ পাতনি মেলে । বৰ্তমান তেওঁ নাহৰবাৰী অঞ্চলত চাহ বাগানৰ সমান্তৰালকৈ ছাগলী ,গাহৰি আৰু dairy ফাৰ্মৰ কাম আগবঢ়াই নিছে ।

বিশেষকৈ ২০১৯ চনত কৰোণাকালতে বাস্তৱে আৰম্ভ কৰিছিল ফাৰ্মখন। বৰ্তমান তেওঁ ফাৰ্মখনৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ উপৰিও কেইবাজনো স্থানীয় যুৱকক নিয়োজিত কৰিবলৈ সক্ষম হৈছে । মাত্ৰ কেইটামান ছাগলীৰে আৰম্ভ কৰা ফাৰ্মখনত বৰ্তমান প্ৰায় ১৩০ ৰো অধিক ছাগলীৰে ভৰপুৰ হৈছে । তেওঁ জানিবলৈ দিয়া মতে প্ৰথম পৰ্যায়ত তেওঁ পঞ্জাৱৰ পৰা বিটেল প্ৰজাতিৰ ছাগলী আনি স্থানীয় প্ৰজাতিৰ ছাগলীৰ লগত প্ৰজনন কৰাই এতিয়া তিনিচুকীয়াৰ বিভিন্ন ঠাইত তেওঁৰ ছাগলী মাংস আৰু breeding ৰ বাবে ছাগলী দিবলৈ সক্ষম হৈছে ।

ইয়াৰ উপৰিও তেঁও জনাইছে যে প্ৰায় দুবছৰ আগতে আৰম্ভ কৰা dairy ফাৰ্ম খনৰ পৰা বৰ্তমান পৰ্যায়ত দৈনিক ৩০ লিটাৰকৈ দুগ্ধ উপদান কৰি স্থানীয় বিভিন্ন ঠাইত যোগান ধৰিবলৈ সক্ষম হৈছে । তেওঁ কয় যে আগন্তুক দিনত দৈনিক ১২০ লিটাৰ দুগ্ধ উৎপাদন কৰাৰ লক্ষ্যৰে তেওঁ আগবাঢ়িব আৰু ইয়াৰ পিছতে নিজাববীয়াকৈ ভিন্ন অঞ্চলত দুগ্ধ outlet মুকলি কৰাৰ মত পোষণ কৰিছে।

অন্যহাতে প্ৰায় এবছৰ আগতে আৰম্ভ কৰা তেওঁৰ গাহৰি ফাৰ্মখনত প্ৰায় ৩৪ৰো অধিক গাহৰি প্ৰতিপালিত হৈ আছে আৰু এইবছৰ পোনপ্ৰথম বাৰৰ বাবে ১৫ টা গাহৰি breeding হৈ উঠিছে আৰু ১০ টা গাহৰি breeding বাবে সাজু কৰিছে। বৈজ্ঞানিক পদ্ধতিৰ লগতে প্ৰণালীবদ্ধভাবে আগুৱাই গলে অসমৰ কৃষিখণ্ডৰ এক উজ্জ্বল ভৱিষ্যতৰ দিশে উচ্চশিক্ষিত যুৱক বাস্তৱ।

লগতে পঢ়কঃ কৃষি কাৰ্যৰে আদৰ্শ গহপুৰৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া থিৰেশ্বৰ শইকীয়া!

English Summary: MBA Farmer

Like this article?

Hey! I am Pranita Chutia. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.