1. News

‘ক্ষুদ্ৰ জলসিঞ্চনে কেৱল পানীয়েই নহয় কৃষকৰ উপাৰ্জনতো নিৰ্ণায়ক ভূমিকা লয় ’

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Kaushal Jaiswal with Krishi Jagran Team
Kaushal Jaiswal with Krishi Jagran Team

কৃষি জাগৰণৰ কে জে চৌপালত আজি কৃষি সাংবাদিকসকলৰ সৈতে মত-বিনিময় কৰিলে Rivuils irrigation india pvt. Ltd. ৰ মেনেজিং ডাইৰেক্টৰ কৌশল জয়ছৱালে। কৃষি সাংবাদিকৰে মত-বিনিময় অনুষ্ঠানটোলৈ আদৰণি জনায় কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ সঞ্চালক এমচিডমিনিকে। আদৰণি ভাষণত তেওঁ কয় যে বিশ্বৰ জলসিঞ্চন ব্যৱস্থাৰ ক্ষেত্ৰখনত কৌশল জয়ছোৱালৰ এক পৰিচয় আছে। দেশৰ জলসিঞ্চন ব্যৱস্থাক তেওঁৰ মৌলিক চিন্তাৰে নতুন ৰূপ প্ৰদান কৰিছে।

ইফালে, মত-বিনিময় কালত ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাৰ দ্বাৰা কৃষকসকল কিদৰে লাভান্বিত সেই কথাবোৰ সংবাদ মাধ্যমৰ যোগেৰে প্ৰচাৰ-প্ৰসাৰ কৰিবলৈ অনুৰোধ জনায় কৃষি সাংবাদিকসকলক। তেওঁ কয় ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাৰ সুবিধা থকাৰ দৰে প্ৰত্যাহ্বানো আছে।

তেওঁ কয় যে ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাউ কেৱল পানী ৰাহি কৰাত উপযোগী হোৱাই নহয়, কৃষকৰ উপাৰ্জনৰ ক্ষেত্ৰতো ই এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। ক্ষুদ্ৰ জলসিঞ্চনৰ জৰিয়তে আমি ইউৰিয়াৰ ব্যৱহাৰ আধালৈ হ্ৰাস কৰিব পাৰো। ক্ষুদ্ৰ জলসিঞ্চনৰ দ্বাৰা কেৱল শস্যক জলসিঞ্চন কৰা হয় আৰু মাটিক নহয়। ইয়াৰ ফলত পানী ৰাহি হয়, ইউৰিয়া কম ব্যৱহাৰ কৰা হয়। যাৰ বাবে কৃষকসকলে সময় আৰু ধন দুয়োটা ৰাহি কৰে। ইয়াৰ লগতে সঠিক পৰিমাণৰ জলসিঞ্চনৰ দ্বাৰা শস্যৰ উৎপাদনো যথেষ্ট বৃদ্ধি পায়। এই ব্যৱস্থা ব্যৱহাৰ কৰি মাটিৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰি। কৃষিত এই ব্যৱস্থাৰ দ্বাৰা জলসিঞ্চন কৰিলে অপতৃণো কম হয়।

অনুষ্ঠানতে তেওঁ জানিবলৈ দিয়ে যে তেওঁৰ কোম্পানী ৰিভুলিছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে লিমিটেড দেশৰ বিভিন্ন প্ৰান্তত ক্ষুদ্ৰ জলসিঞ্চনৰ বাবে কাম কৰি আছে। আৰু কৃষকসকলক এটা ফোন কলৰ জৰিয়তেই সঁজুলিৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা দূৰ কৰিবলৈ চেষ্টা চলাই আছে।

লগতে পঢ়ক- 

এমাজনত ১ কেজি বাঁহৰ চাউলৰ দাম ৩০০-৭০০ টকা

English Summary: Kaushal Jaiswal, MD of Rivulis Irrigation in Krishi Jagran office today

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.