1. News

গাখীৰৰ পাছত এইবাৰ দাম বাঢ়িল পিয়াজৰ

Mrigakshi Phukan
Mrigakshi Phukan
onion price rise
onion price rise

সাম্প্ৰতিক সময়ত সমগ্ৰ দেশতে বৃদ্ধি পাইছে পিয়াজৰ দাম। 'দ্য ফ্ৰী প্ৰেছ জাৰ্নেল'ৰ এক প্ৰতিবেদন অনুসৰি, যোৱা সপ্তাহত অত্যাৱশ্যকীয় সামগ্ৰীৰ হাৰ প্ৰায় ৬০-৮০% বৃদ্ধি হৈছে। প্ৰতিবেদন অনুসৰি নৱেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰত নতুন শস্য বজাৰলৈ অহালৈকে মূল্যবৃদ্ধি অব্যাহত থাকিব।

পিয়াজৰ খুচুৰা মূল্য প্ৰতি কিলোগ্ৰামত ৪০ টকা অতিক্ৰম কৰিছে আৰু ব্যৱসায়ীসকলে কৈছে যে পিয়াজৰ মূল্য প্ৰতি কিলোগ্ৰামত ৫০ টকালৈ বৃদ্ধি হ'ব পাৰে। অক্টোবৰৰ আৰম্ভণিতে খুচুৰা বজাৰত প্ৰতি কিলোগ্ৰামত ১৫ৰ পৰা ২৫ টকাৰ ভিতৰত পিয়াজ উপলব্ধ হয়।

বৰ্তমান পিয়াজৰ পুৰণি ষ্টক শেষ হ'বৰ হৈছে আৰু বৰ্তমানৰ যোগান আগৰ বাকী থকা ষ্টকৰ পৰা কৰা হৈছে। ই কৃষকসকলৰ পৰা অহা নাই। সেয়েহে, মূল্য বৃদ্ধি হৈছে। ষ্টকৰ (গুদাম) পৰা পিঁয়াজৰ ক্ৰয় মূল্য এপষেক আগৰ তুলনাত প্ৰায় ৩০-৪০% অধিক। সেয়েহে, পিঁয়াজৰ ক্ৰয় মূল্য প্ৰতি কিলোগ্ৰামত ১৫ টকাৰ পৰা ৩০ টকাৰ ভিতৰত।

ব্যৱসায়ীৰ মতে ৰবি শস্যৰ আগমনৰ পিছত মূল্য স্থিৰ হ'ব। ৰবি পিয়াঁজে মুঠ পিয়াজ উৎপাদনৰ 70% অৰিহণা যোগায়। খৰিফ পিয়াজে সামান্য অৰিহণা যোগায়, কিন্তু ছেপ্টেম্বৰ-নৱেম্বৰৰ কম সময়ছোৱাত যোগান বজাই ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

গাখীৰৰ দামো বৃদ্ধি

যোৱা সপ্তাহত, দেশৰ দুটা সৰ্ববৃহৎ গাখীৰ ব্ৰেণ্ড আমুল আৰু মাদাৰ ডেইৰীয়ে ইনপুট ব্যয় বৃদ্ধিৰ কথা উল্লেখ কৰি ফুল ক্ৰীম গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ টকা বৃদ্ধি কৰিছিল।

গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেশ্যনে (জিচিএমএমএফ), যি আমুল ব্ৰেণ্ডৰ অধীনত গাখীৰ বজাৰ কৰে, গুজৰাটৰ বাহিৰে সকলো বজাৰত আমুল গ’ল্ড (ফুল ক্ৰীম) আৰু ম'হৰ গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ টকা বৃদ্ধি কৰিছে।

আমুল গ’ল্ডৰ মূল্য প্ৰতি লিটাৰত ৬১ টকাৰ পৰা ৬৩ টকালৈ বৃদ্ধি কৰা হৈছে, আনহাতে ৫০০ মিলি পেকৰ মূল্য ৩১ টকাৰ বিপৰীতে ৩২ টকা হ'ব। ম'হৰ গাখীৰৰ মূল্য প্ৰতি লিটাৰত ৬৩ টকাৰ পৰা ৬৫ টকালৈ বৃদ্ধি কৰা হৈছে।

আমূলৰ সিদ্ধান্তৰ পাছত, মাদাৰ ডেইৰীয়ে ১৬ অক্টোবৰৰ পৰা দিল্লী-এনচিআৰ আৰু উত্তৰ ভাৰতৰ আন কিছুমান বজাৰত ফুল-ক্ৰীম গাখীৰ আৰু গৰুৰ গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ টকা বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰে।

লগতে পঢ়কঃ এলপিজি চিলিণ্ডাৰৰ মূল্য: দেৱালীৰ পূৰ্বে দাম হ্ৰাস পাব গেছ চিলিণ্ডাৰৰ, চহৰ অনুসৰি হাৰ পৰীক্ষা কৰক

English Summary: onion price rise

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.