1. News

এফালে খৰাঙে দহিছে ৰাজ্য, আনফালে ডবকাত বানে টোপনি কাঢ়িছে গঞাৰ

KJ Staff
KJ Staff

ৰাজ্যত তীব্ৰ খৰাঙৰ মাজতে বানৰ কৱলত ডবকাৰ বহুকেইখন গাঁও ৷ ডবকাৰ ভগীৰামগাওঁ, হাবিগাওঁ, হাওঁগাওঁ, মাটিখলা, গুটিগাওঁ, বুঢ়িগাওঁ, শ্বুইচগেট এলেকাত ভয়ংকৰ পৰিস্থিতি ৷ সোমবাৰে মাজনিশাৰ পৰা আৰম্ভ হোৱা মুষলধাৰ বৰষুনৰ ফলত পাহাৰৰ পৰা নামি অহা ঢলত প্লাৱিত হয় গাওঁ কেইখন৷

ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈ অঞ্চলটোৰ জনসাধাৰণ। বানত অঞ্চলটোৰ ভগীৰাম গাঁৱৰ নামঘৰৰ দেৱাল ভঙাৰ লগতে বহু লোকৰ পুখুৰীৰ পৰা মাছো ওলায় যায় ৷ বুঢ়িগাঁও আৰু নাহাৰগাঁৱৰ জলসিঞ্চন বিভাগৰ শ্বুইচগেটতো ব্যাপক ক্ষতি হয় ৷ কৃত্ৰিম বানৰ সমান্তৰালকৈ ডবকা পাহাৰৰ দাঁতিত থকা গাওঁকেইখনত আৰম্ভ হৈছে ভূমিস্খলন ৷

দুষ্ট চক্ৰই ব্যাপক হাৰত ডবকা পাহাৰৰ মাটি কটাৰ ফলত ভূমিস্খলনৰ হোৱাৰ অভিযোগ উঠিছে ৷ ডবকা বনবিভাগৰ জ্ঞাতাষাৰে দুষ্ট চক্ৰই মাটি কাটি লৈ যোৱাৰ অভিযোগ ৷

লক্ষ্যণীয় কথাটো হল যে বৰ্তমান ৰাজ্যৰ বহু অঞ্চলত নাই বৰষুণ। ফলত পথাৰ শুকাই গৈছে। পথাৰত ৰুৱ পৰা নাই খেতিয়কে। ইফালে খেতিৰ দিন উকলি যোৱাৰ দিশে আগবাঢ়িছে। কৃষি বিভাগে সিঁচা সামূহিক কঠিয়াসমূহো এতিয়া কোনো কামত অহা নাই। কঠিয়াৰ কৃষিবিভাগে জলসিঞ্চনৰ ব্যৱস্থা কৰিলে কৃষকসকলে নিশ্চিতভাৱে উপকৃত হ'লহেঁতেন।

লগতে পঢ়ক- ভেকুলি বিয়া বিনে নিস্তাৰ নাই এতিয়া অসমৰ কৃষকৰ

English Summary: On one side, the drought on the other hand flood

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.