1. অন্যান্য

কম মূলধনেৰে কৰিব পাৰিব এইবোৰ কাম। প্ৰয়োজন কেৱল অকণমান পৃথক চিন্তাৰ

KJ Staff
KJ Staff

সম্প্ৰতি কাঠফুলা খেতিয়ে বিশেষ জনপ্ৰিয়তা লাভ কৰিছে। বিভিন্নজনে এই খেতি কৰি স্বাৱলম্বী হৈছে। লগতে বহু ছাত্ৰ-ছাত্ৰীয়ে কাঠফুলাৰ খেতি কৰি পঢ়া-শুনা বৰ্তাই ৰখাৰ লগতে ঘৰখনক আৰ্থিক সকাহ দিব পাৰিছে। এই খেতি কৰি বৰ্তমানলৈ অধিক সফলতা লাভ কৰাসকলৰ অন্যতম হৈছে গৃহিনীসকল। গৃহিনীসকলে ঘৰৰ কাম-বনৰ মাজতে কাঠফুলাৰ খেতি কৰিব পাৰে। কাঠফুলা খেতি বছৰটোৰ বাৰ মাহে কৰিব পৰা যায় যদিও ইয়াৰ উৎপাদন ছেপ্তেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈ বেছি ভাল হয়। এইক্ষেত্ৰত আগ্ৰহী কৃষকসকলে ওচৰৰ কৃষি বিষয়াৰে আলোচনা কৰি কৰিব পাৰে।

অসম নদ-নদী, বিল, জলাশয়ৰে ভৰপূৰ। মীনপালনৰ উপযুক্ত পৰিৱেশ থকা স্বত্ত্বেও ৰাজ্যৰ বাবে প্ৰয়োজনীয় এক চতুৰ্থাংশও অসম উৎপাদন কৰিব নোৱাৰে। অথচ অসমৰ গ্ৰামাঞ্চলসমূহত বিল-জলাশয়েৰে ভৰপূৰ, বাৰ মাহে এইবোৰত পানী থাকে। এই খাল-বিলসমূহক অলপ থিক-থাক কৰি গাঁৱৰ লোকসকলে মাছ পুহি জীৱিকা-নিৰ্বাহ কৰিব পাৰে। এই মাছপোহা কাৰ্যৰ লগতে মীনপালকজনে গাইগৰু পালন, ছাগলী পালন, হাঁহ-কুকুৰা পালন কৰিব পাৰে।

অসমৰ গাঁও অঞ্চলত এৰী, মুগা, পাট আৰু কপাহৰ কাপোৰ উৎপাদনৰ পৰিৱেশ আছে। মহিলাসকলে এনে কামবোৰত লাগিও নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে। তদুপৰি অসমৰ বিভিন্ন জনগোষ্ঠীৰ শিল্পকৰ্ম, হস্তচালিত বস্ত্ৰ শিল্পৰ বৰ্তমান চাহিদা অধিক। গাঁৱৰ মহিলাসকলে ব্যক্তিগতভাৱে বা সমজুৱা ভাৱে জনজাতীয় গামোচা, মেখেলা-চাদৰ বৈ উপাৰ্জন কৰিব পাৰে। বৰ্তমান মহিলাসকলে ঘৰতে বোৱা পৰম্পৰাগত কাপোৰসমূহ চৰকাৰে ক্ৰয় কৰাৰো ব্যৱস্থা কৰিছে। আপোনালোকে জনা উচিত অসমত বিবিধ ধৰণৰ সম্পদ আছে, তাক চিনাক্ত আৰু উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰিলে অসমৰ উন্নতি আশা কৰিব পৰা যায়।

উল্লেখ্য যে চীন দেশৰ ক্ষুদ্ৰ আৰু গ্ৰাম্য উদ্যোগবোৰে দেশৰ ২৫ কোটি মানুহৰ নিয়োগ সৃষ্টি কৰিছে বুলি বিভিন্ন প্ৰতিবেদনত প্ৰকাশ। এই সংখ্যা প্ৰতিবছৰে বৃদ্ধি হৈ আছে। চীন দেশ বৰ্তমান বিশ্বৰ ভিতৰত আগশাৰীৰ দেশ বুলি পৰিগণিত হৈছে। অসমৰ মানুহে নিজৰ অঞ্চলৰ সম্পদ ব্যৱহাৰ কৰি কম মূলধনেৰে কৃষিকে ধৰি ক্ষুদ্ৰ উদ্যোগ আৰু গ্ৰাম্য উদ্যোগ গঢ়ি তুলিব পাৰে।

লগতে পঢ়ক- এবিঘা মাটিতে ২০-৩০ কুইন্টলকৈ ফ্ৰেঞ্চবিন কিদৰে উৎপাদন কৰিব!

English Summary: Small Scale Industries

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.