1. News

হস্ততাঁত উন্নয়ন আয়ুক্তৰ কাৰ্যালয়ত ২৯ পদত নিযুক্তিৰ বিজ্ঞাপন

KJ Staff
KJ Staff

ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনত পৰিচালিত হস্ততাঁত উন্নয়ন আয়ুক্তৰ কাৰ্যালয় অৰ্থাৎ Office of the Development Commissioner for Handlooms  ত খালী হৈছে ২৯ পদ । যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় সঞ্চালকে এক নিয়োগ বিজ্ঞাপন সংবাদ - পত্ৰত প্ৰকাশ কৰিছে । প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি , খালী পদসমূহৰ ভিতৰত আছে Junior Weaver ( 7 ) Senior Printer ( 2 ) , Jr. Assistant - Weaving ( 2 ) , Jr. Assistant - Processing ( 2 ) , Attendant Weaving ( 13 ) , Attendant Processing ( 3 ) Junior Weaver পদৰ প্ৰাৰ্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে আগশাৰীৰ বস্তু উদ্যোগত Fabric আৰু Design Loom Setting আৰু Weaving ৰ ৮ বছৰীয়া কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব । মাহে ২৯,২০০-৯২,৩০০ টকা লাভ কৰিব ।

Senior Printer পদৰ প্ৰাৰ্থী দশম শ্রেণী উত্তীৰ্ণ হোৱা নাইবা ITI ৰ পৰা Textile Printing / Screen Printing / Fabric Printing / Block Printing Trade Diploma থকাৰ লগতে আগশাৰীৰ বস্ত্ৰ উদ্যোগৰ Block / Screen_Printing / Dyeing / Processing House / Printing Unit ত ৮ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ'ব লাগিব । মাহে ২৯,২০০-৯২,৩০০ টকা লাভ কৰিব ।

Jr. Assistant Weaving পদৰ প্রার্থী দশম শ্রেণী উত্তীৰ্ণ হোৱা নাইবা ITI ৰ পৰা Textile Weaving Trade ত Diploma থকাৰ লগতে আগশাৰীৰ বস্ত্ৰ উদ্যোগৰ Silk / Cotton / WoollenWinding / Warping / Sizing কৰাৰ ৩ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ'ব লাগিব । মাহে ১৯,৯০০-৬৩,২০০ টকা লাভ কৰিব ]

Attendant - Processing পদৰ প্ৰাৰ্থী দশম শ্রেণী উত্তীৰ্ণ হোৱা নাইবা ITI ৰ পৰা Textile Dyeing / Printing / Fabric Printing / Screen Printing Trade Diploma থকাৰ লগতে আগশাৰীৰ বস্ত্ৰ উদ্যোগ Dyeing / Processing House / Unit ত ২ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ'ব লাগিব । মাহে ১৮,০০০-৫৬,৯০০ টকা লাভ কৰিব ।

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চৰ্তাৱলীকে ধৰি আবেদন দাখিল প্ৰক্ৰিয়াৰ বিষয়ে অধিক জানিবলৈ বস্ত্ৰ মন্ত্ৰালয়ৰ ৱেবছাইট http://handlooms.nic.in & http://handlooms.nic.in/assets/img/advertisement/Advertisment%20for%20Direct%2 Recurtment . pdf লগ - ইন কৰিব পাৰে । আবেদন দাখিলৰ অন্তিম তাৰিখ ৩০ আগষ্ট , ২০২২ ।

লগতে পঢ়ক- ভাৰতীয় ডাক বিভাগত ১ লাখ চাকৰি

English Summary: Office of the Development Commissioner for Handlooms

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.