1. News

গোলাঘাট কলিয়াপানীত তৈল খেজুৰ খেতি সন্দৰ্ভত কৰ্মশালা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
কলিয়াপানীত তৈল খেজুৰ খেতি সম্পৰ্কত কৰ্মশালা
কলিয়াপানীত তৈল খেজুৰ খেতি সম্পৰ্কত কৰ্মশালা

গোলাঘাটৰ কলিয়াপানী গাঁও পঞ্চায়তত বৃহস্পতিবাৰে তৈল খেজুৰ খেতি সম্পৰ্কত কৰ্মশালা অনুষ্ঠিত হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে কৃষকসকলক তৈল পাম কৃষিৰ সুবিধা, আয়ৰ নতুন আহিলা, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এই খেতি সন্দৰ্ভত সুবিধা আদি বিষয়ত প্ৰশিক্ষক প্ৰাপ্তি গগৈয়ে কৃষক ৰাইজক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।

গোলাঘাট কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া ভাস্কৰ ফুকনে ভাৰত বৰ্ষত তৈল খেজুৰৰ গুৰুত্ব, খেতি কৰা সন্দৰ্ভত চৰকাৰে  কৃষকক প্ৰদান কৰা বিশেষ সুবিধা সাহায্যসমূহ, তৈল খেজুৰৰ উৎপাদন তথা উদ্যোগত প্ৰত্যক্ষ পৰোক্ষ নিয়োগ, কাৰিকৰী পৰামৰ্শ, তৈল খেজুৰ খেতিৰ সৈতে অন্য ফচল খেতি সন্দৰ্ভত কৃষকসকলৰ সৈতে মত-বিনিম়য় কৰে।

লগতে পঢ়ক- 

Lady rosetta : মৰিগাঁৱত এপাৰ্টৰ অধিনত উন্নত প্ৰজাতিৰ লেডী ৰজেটাৰ আলু খেতি

গোলাঘাট জিলা কৃষি বিভাগৰ হৈ কাৰ্যসূচী বিষয়া ড: অমৰজীত শইকীয়া আৰু সংবাদ বিশেষজ্ঞ ভাৰ্গৱ শইকীয়াও এই কৰ্মশালাখনত অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে প্ৰশিক্ষণ কাৰ্যসূচীত কলিয়াপানী গাঁও পঞ্চায়তৰ সভাপতি ধৰ্মেশ্বৰ দাস, ভাৰতীয় জনতা পাৰ্টীৰ আঠগাওঁ মণ্ডলৰ সাধাৰণ সম্পাদক হেমেন গগৈ উপস্থিত থাকে। এই তৈল খেজুৰ খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰায় শতাধিক প্ৰগতিশীল কৃষক উপস্থিত থাকে।

লগতে পঢ়ক- 

গোলাঘাটৰ বিভিন্ন গাঁওত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা সন্দৰ্ভত সজাগতা কাৰ্যসূচী

English Summary: Oil Palm Cultivation Workshop in Golaghat

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.