1. News

এম জি এনৰেগাৰ নামত ভেঁকো-ভাওনা চলি থকাৰ মাজতে অসমক বঞ্চনা কেন্দ্ৰৰ

KJ Staff
KJ Staff
এনৰেগা আঁচনি
এনৰেগা আঁচনি

ৰাজ্যৰ গ্ৰামাঞ্চলসমূহত অব্যাহত আছে এম জি এনৰেগাৰ আঁচনিৰ কাম-কাজ। কিন্তু কিদৰে কাম চলি আছে সেয়া সকলোৰে জ্ঞাত। এন জি এন ৰেগাৰ উদ্দেশ্য আছিল অশৈলীগত কামৰ প্ৰতি আগ্ৰহী গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালৰ প্ৰাপ্তবয়স্ক লোকসকলক এটা বিত্তীয় বৰ্ষত কমেও ১০০ দিনৰ মজুৰিভিত্তিক নিশ্চিত নিয়োগৰ সুবিধাৰে গ্ৰামাঞ্চলত জীৱন ধাৰণৰ নিৰাপত্তা বৃদ্ধি কৰা।

কিন্তু ৰাজ্যত বৰ্তমান ইয়াৰ সম্পূৰ্ণ বিপৰীতে এন জি এন এন ৰেগাৰ কাম একাংশ দালাল আৰু পঞ্চায়ত প্ৰতিনিধিয়ে মিলি টেক্টৰ, জেচিপি আদিৰে এনজিএন ৰেগাৰ কাম চলাই আছে। এই দালাল চামে গাঁৱৰ নিৰক্ষৰ মানুহখিনিৰ পৰা চলনাৰে জৱকাৰ্ডসমূহ সংগ্ৰহ কৰি জবকাৰ্ডেৰ পইচা উলিয়াই খাই আছে। জবকাৰ্ডৰ নামত এনে ভেকোঁভাওনা চলি থকাৰ মাজতে শেহতীয়াকৈ এম জি এনৰেগাৰ পুঁজিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসমক কৰা বঞ্চনাৰ কথা পোহৰলৈ আহিছে ।  তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষত এম জি এনৰেগাৰ বাবে কেন্দ্ৰই অসমক ২৬০২ কোটি টকা মোকলাই দিছিল । আনকি পৰবৰ্তী সময়ত এই শিতানত ধন বৃদ্ধি কৰা হ’ব বুলিও ৰাজ্য চৰকাৰখনক আশ্বাস দিয়া হৈছিল । কিন্তু ইয়াৰ বিপৰীতে ২০২১-২২ চনত মোকলাই দিলে মাত্র ২২২০ কোটি টকাহে । অর্থাৎ পূৰ্বৰ বছৰতকৈ অসমক প্ৰদান কৰা ধনৰ পৰিমাণ ৩৮২ কোটি টকা হ্ৰাসহে কৰা হ’ল ।

আনহাতে চলিত বিত্তীয় বৰ্ষৰ পাঁচ মাহ সমাপ্ত হ’ল যদিও এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৯০০ কোটি টকাহে মোকলাই দিছে । দিল্লী আৰু দিছপুৰত একেটা দলৰে চৰকাৰ থকাৰ পাছতো পাব লগীয়া ধনৰ পৰা বঞ্চিত হোৱাটো অসমৰ বাবে চৰম পৰিতাপৰ বিষয় হৈ পৰিছে । ইফালে ৰাজ্যখনত এম জি এনৰেগা আঁচনিৰ অধীনত অনুমোদিত বৃহৎসংখ্যক কাম আধৰুৱা হৈ ৰৈছে । আনকি তিনি - চাৰি বছৰ পূৰ্বে আৰম্ভ কৰা প্ৰায় ৫০ হাজাৰটা কাম এতিয়ালৈকে সম্পূর্ণ হোৱা নাই । খোদ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়ালৈকে ৰাজ্যখনত এম জি এনৰেগাৰ অধীনত সম্পূৰ্ণ নোহোৱাকৈ থকা কামৰ সংখ্যা হৈছে ৫১০,৯৪২ টা । ইয়াৰে ভিতৰত সৰ্বাধিক কাম সম্পূর্ণ নোহোৱাকৈ থকা জিলাখন হৈছে নগাঁও জিলা ।

নগাঁও জিলাত অসম্পূৰ্ণ কামৰ সংখ্যা হৈছে ৪০,৫১৮ টা । আনহাতে বৰপেটা জিলাত ৩৬,৪৫১ টা , কাছাৰ জিলাত ২৮,০১৫ টা , দৰং জিলাত ২৩,৫৬৮ টা , ধুবুৰী জিলাত ২৩,৮৬৬ টা কাম সম্পূৰ্ণ হোৱা নাই । ৰাজ্যখনৰ ভিতৰতে দক্ষিণ শালমাৰা - মানকাছৰ জিলাত এম জি এনৰেগাৰ কাম অত্যন্ত লেহেম গতিত চলি আছে । জিলাখনত অনুমোদিত কামৰ মাত্ৰ ৩৮.৯ শতাংশহে সম্পূৰ্ণ হৈছে । উল্লেখযোগ্য যে কভিডকালীন পৰিস্থিতিত ৰাজ্য চৰকাৰে কৰ্মহীন হৈ পৰা লোকসকলক এম জি এনৰেগাৰ অধীনত সকাহ দিয়াৰ প্ৰতিশ্রুতি দিছিল । কিন্তু বাস্তৱত সেয়া কাৰ্যকৰী নহ’ল । ইফালে ৰাজ্যখনত নিৱনুৱা সমস্যাই ভয়ানক ৰূপ ধাৰণ কৰিছে । এনে পৰিস্থিতিত এম জি এনৰেগাৰ যোগেদি চৰকাৰে নিৱনুৱা লোকসকলক কর্মসংস্থাপনৰ সুযোগ - সুবিধা কৰি দিব লাগিছিল যদিও সেয়াও কৰি দিয়া নাই । বৰঞ্চ কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে উক্ত আঁচনিখনৰ ধন হ্ৰাস কৰাহে পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক-  FOOD CORPORATION OF INDIA ত ১১৩ টা মেনেজাৰৰ পদ খালী

English Summary: Nrega-2022 : Current review

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.