1. News

জলসিঞ্চনৰ অভাৱত বাক্সাৰ কৃষকৰ নদীৰ বুকুত জীৱন সংগ্ৰাম, প্ৰাকৃতিক বান্ধ দি খেতি পথাৰলৈ পানী নিয়াৰ চেষ্টা গঞা ৰাইজৰ!

RAHUL ALI
RAHUL ALI
জলসিঞ্চনৰ অভাৱত বাক্সাৰ কৃষকৰ নদীৰ বুকুত জীৱন সংগ্ৰাম
জলসিঞ্চনৰ অভাৱত বাক্সাৰ কৃষকৰ নদীৰ বুকুত জীৱন সংগ্ৰাম

ৰাজ্যত জলসিঞ্চনৰ দৰে এটা বিয়াগোম বিভাগ থকাৰ পিচতো বাক্সাৰ কৃষকে নদীত বান্ধ দিহে খেতিপথাৰত খেতিকাৰ্য সম্পাদন কৰিবলগীয়া হৈছে ৷ বাক্সা জিলাৰ ভাৰত- ভূটান সীমান্তৰ কৃষক ৰাইজে বিগত ১৯৪০ চনৰে পৰা পাগলাদিয়া নদীত প্ৰাকৃতিক উপায়েৰে বান্ধ দি দোঙৰ জড়িয়তে পথাৰলৈ পানী বোৱাই নি কৃষি কাৰ্য কৰি আহিছে৷

বৃহত্তৰ অঞ্চলটোৰ কেবাখনো গাঁওৰ কৃষকক লৈ গঠিত দোঙ বান্ধ সমিতি সমূহে পাল পাতি পাগলাদিয়া নদীৰ বুকুত ভৰ বাৰিষাও বান্ধৰ কাম কৰিবলগীয়া হয়৷ অঞ্চলটোৰ নিকাছী, সূৱণখাটা, চাউলকাড়া, জোপাদং, ভাওনী, ভূটানখুটি, মৈথাবাৰী, বগৰীবাৰীকে ধৰি প্ৰায় ত্ৰিশখনৰো অধিক গাঁওৰ কৃষকসকলে প্ৰতি বছৰে নিজৰ গাঠিৰ ধন খৰচ কৰি কাম কৰি আহিছে৷

গছৰ ডাল, শিল, জাৱৰ আদিৰে বান্ধ নিৰ্মাণ কৰি নদীৰ পানী দোঙ বা নলাৰ জড়িয়তে খেতিপথাৰলৈ বোৱাই আনে ৷ অঞ্চলটোৰ কৃষকসকলে সেই পানী খেতিপথাৰৰ লগতে অন্যান্য কামকাজতো ব্যৱহাৰ কৰি আহিছে৷

অভিযোগ অনুসৰি বিগত সময়চোৱাত কেবাখনো চৰকাৰ আহিল আৰু গ' ল যদিও বৃহত্তৰ অঞ্চলটোৰ কৃষকসকলৰ সমস্যা সমাধানৰ বাবে কোনো পদক্ষেপ গ্ৰহন নকৰিলে ৷ যাৰবাবে ৰাইজে এনেদৰে নিজৰ শ্ৰমেৰে নদীত বান্ধ বান্ধি খেতি কৰিবলৈ বাধ্য হৈছে।

লগতে পঢ়ক-যোৰহাটৰ মুকুন্দ ৰাজখোৱাৰ 'ৰাজপ্ৰিয়ম নাৰ্ছাৰী' পৰিদৰ্শন অতুল বৰাৰ

English Summary: Baksa Farmer Story

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.