1. News

এইবাৰ আয় দুগুণ হ'ব নে কৃষকৰ! বৰুণ দেৱতাৰ ওপৰতে এতিয়া মোডীৰ আয় দুগুণৰ প্ৰতিশ্ৰুতি!

PANKAJ KHANIKAR
PANKAJ KHANIKAR

বানৰ পাছতে এতিয়া তীব্ৰ খৰাঙে কালৰূপ ধাৰণ কৰিছে ৰাজ্যত। ছিৰাল ফাঁট মেলা পথাৰখন সন্মুখত লৈ এতিয়া মূৰে-কপাঁলে হাত দিয়াৰ বাহিৰে গত্যন্তৰ নাইকিয়া হৈছে কৃষকৰ।

বানত ক্ষতিগ্ৰস্ত কৃষকৰ বাবে কৃষি বিভাগে সমূহীয়া কঠীয়াতলীৰ ব্যৱস্থা কৰিছিল যদিও কঠিয়া ৰুৱলৈ পথাৰত নাই পানী। বৰষুণলৈ অপেক্ষা মাথো এতিয়া অসমৰ কৃষকৰ।

স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো কৃত্ৰিম জলসিঞ্চন ব্যৱস্থা নাই অসমৰ পথাৰত। ইফালে কৃষকসকলৰ আয় দুগুণ কৰা লক্ষ্য বান্ধ লৈছে দেশৰ প্ৰধানমন্ত্ৰীয়ে। খৰাঙৰ বাবে বৰষুণৰ মুখলৈ চায় থকা কৃষকৰ ছবিখনে প্ৰধানমন্ত্ৰীৰ আয় দুগুণ কৰা লক্ষ্যকো বাৰুকৈয়ে ভেঙুচালি কৰিছে।

ইফালে ৰাজ্যত কৃষিবিভাগ আৰু জলসিঞ্চন বিভাগ নামৰ দুটা বিয়াগোম বিভাগ আছে। জলসিঞ্চনৰ নামত বাজেটত কোটি কোটি টকা ধাৰ্য কৰা হয় কৃষকৰ বাবে। ততস্বতেও আজি পৰ্যন্ত খৰাঙৰ সময়ত জলসিঞ্চনৰ এটোপাল পানীও নপৰিল কৃষকৰ পথাৰত।

লগতে পঢ়ক- খৰাঙৰ বাবে ৰুৱ নোৱৰা খেতিডৰাত তিল খেতি কৰক

English Summary: nO rAIN

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.