1. এগ্ৰিপেডিয়া

বানে মৰা খেতিডৰাত তিল খেতি কৰি উভতাই আনক আপোনাৰ ধন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
তিল গছ
তিল গছ

তিলৰ ব্যৱহাৰ অসমত সচৰাচৰ কম কিন্তু তিলৰ চাহিদা আছে। বিহুৰ সময়ত সাধাৰণতে তিলপিঠা বনাবলৈ অসমত তিলৰ ব্যৱহাৰ কৰা হয়। কিন্তু তিল খেতি কৰা হয় তেল প্ৰস্তুতৰ বাবেহে। তিলৰ পৰা প্ৰস্তুত কৰা  তেল অতি মূল্যৱান। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বজাৰত এই তিল তেলৰ চাহিদা বেছি। তদুপৰি এইবিধ শস্যই হিন্দু ধৰ্মৰ বিভিন্ন পূজা-পাৰ্বনত আগস্থান পাই আহিছে।গতিকে তিলৰ এখন ভাল বজাৰ লাভ কৰাৰ সমান্তৰালভাৱে আপুনি তিল খেতি কৰি লাভান্বিত হ’ব পাৰিব। অসমত এই খেতি ধানৰ বিকল্প খেতি হিচাপে কৰিব পৰা স্থল আছে।

কিয়নো শেহতীয়া বানে অসমৰ কৃষিক্ষেত্ৰখনক প্ৰায় নিঃশেষ কৰি গৈছে। বানে মাৰি যোৱা ধানৰ পথাৰসমূহত তিলৰ খেতি কৰিব পাৰো। কাৰণ বানে মৰা পথাৰখন ইয়াৰ পাছতে খালি হৈয়ে ৰ’ব পুনৰ বাৰিষা নহালৈকে। গতিকে ধান খেতিত লোকচান হোৱা আপোনাৰ ধন তিল খেতিৰে উভতাই আনিব পাৰিব। অৱশ্যে বেছি দ ঠাইসমূহ তিল খেতিৰ বাবে উপযোগী নহয়। বালিঅহিয়া পলসুৱা মাটি তিলৰ বাবে উপযোগী। তদুপৰি ধানৰ খেতি ভাল নোহোৱা বাম ঠাই সমূহো তিল খেতিৰ বাবে উপযোগী। এনে ঠাইসমূহত আমি বাৰিষা পাচলি খেতি কৰি জুলাই-আগষ্ট মাহত সেইবোৰ উঠাই তিলৰ খেতি কৰিব পাৰোঁ।

মাটি

  • পানী ওলাই যোৱাৰ সু-ব্যৱস্থা থকা বালি পলসুৱা মাটি এই খেতিৰ বাবে উপযুক্ত
  • ৩-৪ বাৰ হাল বাই, মৈ দি মাটিডৰা মিহি কৰি ল’ব লাগে।
  • বীজ সিঁচাৰ সময় -
  • জুলাই মাহৰপৰা আগষ্ট মাহৰ প্ৰথম পষেকৰ ভিতৰত বীজ সিঁচিব লাগে।

বীজ

  • বীজ নিৰ্বাচন: বীজ অনুসৰি সময়ৰ প্ৰয়োজন
  • এছ পি ১১৮১(মুগা) ৭০-৭৫ দিন
  • এছ টি ১৬৮৩(ক’লা) ৯০-৯৫ দিন
  • গৌৰী(মুগা) ৭৫-৮০ দিন
  • বিনায়ক(মুগা) ৭৫-৮০ দিন
  • আৰ টি-১(ক’লা) ৮০-৯০ দিন
  • পঞ্জাব তিল নং-১(বগা)
  • বীজৰ পৰিমাণ -

সিঁচি কৰা বা শাৰীবদ্ধ প্ৰণালীৰে কৰা- উভয় ক্ষেত্ৰতে প্ৰতি বিঘাত ৬০০ গ্ৰাম বীজৰ প্ৰয়োজন।

ব্যৱধান:

  • শাৰীৰ মাজত ৩০ ছেন্টিমিটাৰ আৰু গছৰ মাজত ১৫ ছেন্টিমিটাৰ।

সাৰ প্ৰয়োগ -

পচন সাৰ বা গোবৰ সাৰ বিঘাত ১০ কুইন্টল ৰাসায়নিক সাৰ(বিঘাই প্ৰতি) ইউৰীয়া-৯ কিলোগ্ৰাম, একক ছুপাৰ ফছফেট- ১৮ কিলোগ্ৰাম, মিউৰেট অব পটাচ ৫ কিলোগ্ৰাম। বীজ সিঁচাৰ সময়ত সমুদায় সাৰ প্ৰয়োগ কৰিব লাগে।

প্ৰতিপালন:

  • ২০ দিন পিছত খুৰপি বা কোৰেৰে বনবাত নিৰাই দিব লাগে।

উল্লেখ্য যে কৃষকসকলে তিলৰ খেতিৰ পৰা কম খৰচতে ভাল লাভ অৰ্জন কৰিব পাৰে। কৃষকজনে নিজেই তিলৰ পৰা তেল উলিয়াই বজাৰত বিক্ৰী কৰি কৰিব পাৰে। বহুতো তেল সামগ্ৰী তিলৰ পৰা তৈয়াৰ কৰা হয়। বজাৰত ইয়াৰ মূল্য যথেষ্ট বেছি। কেতবোৰ ডাঙৰ কোম্পানীয়েও ভাল দামত কৃষকসকলৰ পৰা তিল ক্ৰয় কৰি আহিছে।

লগতে পঢ়ক- Pointed Gourd Farming: পটল খেতি, বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ!

English Summary: Return your money by cultivating sesame seeds in flood affected farm

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.