সপোন দেখাজনক কেৱল এটা যুঁজাৰু মন লাগে ।বাকী জীৱনৰ ঘাত-প্ৰতিঘাত, প্ৰত্যাহ্বানক পানীৰ বুৰবুৰণি দৰে নিমিষতে মাৰ যোৱাব পাৰে এই যুঁজাৰু মনটোৱে। ইয়াকে পুনৰবাৰ প্ৰমাণ কৰিছে কমনৱেলথত স্বর্ণ জিনি ইতিহাস ৰছা অসমৰ বোৱাৰী নয়নমণি শইকীয়াই। বিবাহৰ পাছতে সাধাৰণতে অধিকাংশ মহিলাই সপোন দেখা বা সপোন পূৰ্ণ কৰাৰ সাধনা প্ৰায় ত্যাগ কৰে। কোনোৰ থাকে যদিও বুকুত কোলাৰ কেঁচুৱাৰ দৰেই লৈ ফুৰে, আৰু কোনোৱে সকলো বাদ দিয়ে। ইয়াৰ অন্তৰালত অৱশ্যে আমাৰ কিছুমান সামাজিক কাৰণো নিহিত হৈ আছে।
সাপৰ কণিৰ পৰা বহু পোৱালী ওলায়। মনকৰিবলগীয়া কথাটো হ'ল পোৱালিবোৰ ডাঙৰ হৈ স্বাধীন হোৱাৰ সপোন দেখিলেই মাকে নিজেই নিজৰ পোৱালিবোৰক খাব ধৰে। ইয়াৰ যিটো দুটা-এটাহে সংগ্ৰাম কৰি বাছি আহি জীয়াই থকা তথা জীৱনৰ সোৱাদ ল’ব পাৰে। একেদৰে প্ৰতিজন মানুহক সময়ে, পৰিৱেশে শেষ কৰাৰ পৰিকল্পনাত ব্যস্ত থাকে। কিন্তু এই সকলো প্ৰত্যাহ্বানৰ মাজৰ পৰা ওলাই আহি নিজৰ সাধনাৰ দ্বাৰা সপোনক বাস্তবায়িত কৰাতোহে আটাইতকৈ ডাঙৰ কথা। তাকেই কৰিলে বৰপথাৰৰ নয়নমণি শইকীয়াই।
প্ৰথম অৱস্থাত নয়নণিয়ে ভাৰোত্তোলন খেলিছিল নয়নমণিয়ে।কিন্তু ভাৰোত্তোলন খেলি থকা সময়তে ভৰিত পোৱা এক আঘাতে দুর্বিষহ কৰি তুলিছিল নয়নমণিৰ জীৱন । পাছলৈ ভাৰোত্তলন বাদ দি লন বলৰে সপোন পূৰণ কৰাৰ চেষ্টা চলাইছিল নয়নমণিয়ে। ইয়াৰ মাজতেই কৃষক পৰিয়ালৰ সদস্য হোৱা বাবে সত্ত্বেও সীমিত সুবিধাৰ মাজেৰেই অব্যাহত ৰাখিছিল লন বলৰ অনুশীলন । কিয়নো এইবিধ খেলত না আছে ধন , না আছে প্রাপ্য সন্মান। আন্তঃগাঁথনিৰ নামতো বিশেষ সুবিধা নাই । আন্তর্জাতিক কোনো প্রতিযোগিতাত খেলিবলৈ সুযোগ পালেও নিজৰ পকেটৰ ধন খৰচ কৰি যাবলগীয়া হয় । তদুপৰি ব্যৰ্থ হ'লেই শুনিবলগীয়া হয় বিভিন্নজনৰ কটাক্ষ ।কিন্তু এই সকলোবোৰক আওকাণ কৰি আগবাঢ়ি গৈছিল নিজ লক্ষ্যৰ দিশে।
বিচলিত নহৈ এনেদৰে নিজ লক্ষ্যৰ দিশে আগবাঢ়ি নয়নমণিয়ে বিবাহিত আৰু এটি সন্তানৰ মাতৃ হৈয়ো। যাৰবাবে আজি নিজৰ লগতে দেশ তথা ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ’ল নয়নমণিয়ে। এনে অপৰিসীম ধৈৰ্য, সাধনা আৰু একাগ্ৰতাৰ বাবে দ্বিতীয়গৰাকী অসমীয়া ৰূপে কমনৱেলথ গেমছত পদক জয় কৰিলে নয়নমণিয়ে । ইয়াৰ পূৰ্বে তাৰকা আৰ্চাৰ জয়ন্ত তালুকদাৰে ২০১০ চনত দিল্লী কমনৱেলথ গ্ৰেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ পাছতে সুদীৰ্ঘ ১২ বছৰ পিছত নয়নমণিয়ে স্বর্ণ পদক জয় কৰি ইতিহাস ৰচাৰ লগতে সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰিলে ।
নয়নমণিৰ এই বিজয় কেৱল নয়নমণিৰ মাজতেই সীমাৱদ্ধ নাথাকিব। বহুতৰ বাবে এতিয়া নয়নমণি হৈ পৰিছে প্ৰেৰণা স্বৰূপ। বুকুত সপোন পুহি ৰখা প্ৰতিগৰাকী প্ৰতিভাৱানকে জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বানক উফৰাবলৈ বুকুত সাহস দিব নয়নমণিয়ে। তদুপৰি আমাৰ সমাজত এটা ধাৰণা আছে বিবাহৰ পাছতে এগৰাকী নাৰীৰ পৰিয়াল পৰিচালনা কৰা, সন্তানৰ যত্ন লোৱাৰ মাজতে সকলো শেষ হৈ যায়। কিন্তু ই যে ভুল ধাৰণা প্ৰমাণ কৰিলে নয়নমণিৰ স্বৰ্ণ জয়ে।
লগতে পঢ়ক- “মৃত্যুৰ আগমুহূৰ্তলৈ নিজৰ মাটিত খেতি কৰি যাম”- ধনেশ্বৰী ৰাজখোৱা!
Share your comments