1. News

কৃষি কাৰ্যৰে আদৰ্শ গহপুৰৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া থিৰেশ্বৰ শইকীয়া!

KJ Staff
KJ Staff
কৃষি কাৰ্যৰে আদৰ্শ গহপুৰৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া থিৰেশ্বৰ শইকীয়া!
কৃষি কাৰ্যৰে আদৰ্শ গহপুৰৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া থিৰেশ্বৰ শইকীয়া!

ঘৰতে প্ৰতিষ্ঠা কৰা বহু মূখী কৃষি পামৰ দ্বাৰা আদৰ্শ দেখুৱাইছে বিশ্বনাথ জিলাৰ গহপুৰৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া থিৰেশ্বৰ শইকীয়াই।

থিৰেশ্বৰ শইকীয়াই চাকৰি জীৱনৰ পৰা অৱসৰ পোৱাৰ পিছতে গহপুৰৰ নিজ গৃহতে গঢ়ি তুলে কুঁহিয়াৰ খেতি, নেমু খেতি, মুৰ্গী ফাৰ্ম,হাহ, গাখীৰ উৎপাদন, বিভিন্ন শাক পাচলি ইত্যাদিৰ খেতিৰে এক সুন্দৰ বহু মুখী কৃষি পাম।

কোনো ধৰণৰ চৰকাৰী সা সুবিধা নাইবা কৃষি বিভাগৰ সহায় সহযোগিতা নিবিচৰাকৈয়ে নিজৰ একক প্ৰচেষ্টাত গঢ়ি তুলে এই কৃষি পাম।

ইয়াৰ দ্বাৰা নিজে আৰ্থিকভাৱে লাভবান হোৱাৰ লগতে স্থানীয় আন দহজন নিবনুৱা যুবককো সংস্থাপন দিবলৈ সক্ষম হৈছে।

বৰ্তমান বৃহৎ কৃষি ভূমি নাথাকিলেও নগৰ অঞ্চলৰ ক্ষুদ্র কৃষক সকলে যে কম পৰিসৰৰ মাটিতে এনেধৰণৰ বহু মূখী কৃষি পামৰ দ্বাৰা বছৰি কেইবা লাখ টাকাৰ আৰ্থিক লাভ কৰিব পাৰি সেই ক্ষেত্রত গহপুৰৰ এইজন কৃষক আন কৃষক সকলৰ মাজত আদৰ্শ হবলৈ সক্ষম হৈছে।

প্ৰেৰকঃ প্ৰাচুৰ্য বৰুৱা, গহপুৰ

লগতে পঢ়ক-“মৃত্যুৰ আগমুহূৰ্তলৈ নিজৰ মাটিত খেতি কৰি যাম”- ধনেশ্বৰী ৰাজখোৱা!

English Summary: Gohpur Ideal Farmer Thireswar Saikia

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.