Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 17 September, 2023 5:26 PM IST
ভাৰত-ভূটান সীমান্তত সমন্বিত জনজাতি উন্নয়ন প্ৰকল্প নাৰ্বাডৰ

ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক চমুকৈ নাবাৰ্ডৰ অৰ্থসাহায্যত অসমৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম্য বিকাশ মঞ্চৰ সহযোগত সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পই উদ্যান শস্যৰ জৰিয়তে ভাৰত ভূটান সীমান্তৰ কৃষক সকলৰ মাজত সম্ভৱনাৰ নতুন দুৱাৰ মুকলি কৰিবলৈ প্ৰয়াস কৰা দেখা গৈছে ৷ ভাৰত- ভূটান সীমান্তৰ বৃহত্তৰ অঞ্চলটোৰ খাটাৰবাৰী আৰু কালচেনী গাঁৱ দুখনৰ কৃষকসকলক উদ্যান শস্যৰ দ্বাৰা উপকৃত কৰাৰ লগতে সীমান্তৱৰ্তী অঞ্চলটোলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ 

নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত খাটৰবাৰী আৰু কালচেনীৰ  পোন্ধৰশ জনসংখ্যাৰে পৰিবেষ্টিত গাঁৱ দুখনৰ মুঠ ১৮০ গৰাকী কৃষকৰ ১৪৪ একৰ ভূমিত উন্নত জাতৰ আম, মধুৰীআম  আৰু নেমুটেঙা ৰোপন কৰি তেওঁলোকৰ  জীৱন-জীৱিকাৰ সন্ধান দিবলৈ প্ৰয়াস কৰিছে ৷ সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পটোৰ জৰিয়তে গাঁও দুখনৰ প্ৰতিঘৰ পৰিয়ালৰ কৃষি অৰ্থনীতি টনকিয়াল কৰা আৰু কৃষিকাৰ্যত পৰম্পৰাগত পদ্ধতিৰ বিপৰীতে আধুনিক কৃষি প্ৰযুক্তি কৌশল অৱলম্বন কৰি কৃষকৰ আয় দুগুন কৰাৰ লক্ষ্যৰে কৃষক ৰাইজৰ মাজত গ্ৰাম্য বিকাশ মঞ্চই এক নতুন বাটৰ সন্ধান দিবলৈ সামাৰ্থ হৈছে ৷ নাবাৰ্ডৰ অৰ্থ সাহায্যত গ্ৰাম্য বিকাশ মঞ্চৰ সহযোগত খাটৰবাৰী আৰু কালচেনীৰ এই কৃষকসকলৰ কাৰণে আশাৰ বাট বান্ধি সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পৰ অধীনত ৰোপন কৰা উদ্যান শস্যৰ পথাৰ শেহতীয়াকৈ নাবাৰ্ডৰ অসম ক্ষেত্ৰীয় কাৰ্যলয়ৰ, মূখ্য মহাপ্ৰৱন্ধক নবীন ধিংৰাই অসমৰ ১০ খন জিলাৰ বিষয়া আৰু স্বেচ্ছাসেৱী আনুষ্ঠানৰ বিযয়াসকলৰ সৈতে আহি পৰিদৰ্শন কৰে আৰু বিষয়াগৰাকীয়ে উদ্যান শস্য পথাৰ দেখি অভিভূত হৈ পৰে ৷ ইয়াৰ পূবে তামুলপুৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যলয়ত বিষয়াসকলৰ সৈতে অসমত প্ৰথমবাৰৰ বাবে প্ৰকল্প ৰূপায়িত কৰা ঠাইত এখন সভাত মিলিত হৈ নাবাৰ্ডৰ অৰ্থ সাহায্যৰে পৰিচালিত কামৰ খতিয়ান লয় ।

লগতে পঢ়ক- 

Agricultural Sector Challenges : কৃষি খণ্ডৰ প্ৰত্যাহ্বান: বিকল্পৰ সন্ধান

 

উক্ত সভাত মূখ্য মহাপ্ৰবন্ধকগৰাকীয়ে দৰং জিলাৰ জনজাতি উন্নয়ন প্ৰকল্পৰ পৰা উৎপাদিত আচাৰ, জেলী আৰু নাবাৰ্ডৰ কণীধান প্ৰকল্পৰ পৰা উৎপাদিত কণীধানৰ পৰা প্ৰস্তুত কৰা বিভিন্ন খোৱাবস্তু আৰু অন্যান্য উৎপাদিত সামগ্ৰী মুকলি কৰে৷ মুখ্য মহাপ্ৰবন্ধক ধিংৰাই কালচেনীৰ উদ্যান শস্যৰ বাগান পৰিদৰ্শন কৰাৰ লগতে ওৱাল্ড ৰিচোৰ্চেচ ইনষ্টিটিউটৰ সহযোগত নিৰ্মাণ কৰা সৌৰশক্তি চালিত জনসিঞ্চন আঁচনি এখন মুকলি কৰে । এই প্ৰকল্পৰ অধীনতে এটি সৌৰশক্তি চালিত ভ্ৰাম্যমাণ জলসিঞ্চন প্ৰকল্প এটিও উদ্বোধন কৰে৷ ইয়াৰ ওপৰিও মহিলা গোটৰ দ্বাৰা পৰিচালিত আৰোনাই উইভিং গোটৰ  হস্ততাঁত ভৱন মুকলি কৰে ৷

পৰিদৰ্শন কালত মুখ্য প্ৰবন্ধকগৰাকীক সহযোগ কৰে নাবাৰ্ড ক্ষেত্ৰীয় কাৰ্যলয়ৰ বিষয়া শংকৰ দাস, অন্নপূৰ্ণা কেকাৰে, ঐশ্বৰ্য প্ৰিয়দৰ্শী, নলবাৰী বাকসা জিলাৰ জিলা উন্নয়ন বিষয়া উৎপল বেজবৰুৱা, গ্ৰাম্য বিকাশ মঞ্চৰ উপসভাপতি প্ৰাঞ্জল চক্ৰৱৰ্তী সহ এটি দলে৷ উক্ত জনজাতি উন্নয়ন প্ৰকল্পৰ অধীনত প্ৰথম পৰ্যায়ত ৭২ গৰাকী আৰু দ্বিতীয় পৰ্যায়ৰ ১০৮ গৰাকী  কৃষকক সামৰি উদ্যান শস্যত আমৰ অম্ৰপালী উন্নত জাতৰ মুঠ প্ৰায় ১১০০০ জোপা, মধুৰীআমৰ এল -৪৯ জাতৰ ৭২০০ জোপা আৰু নেমুটেঙাৰ ৭২০০ জোপা সৰ্বমুঠ ২৫৪০০ জোপা গছপুলি ৰোপন কৰি প্ৰতিপালন কৰি আহিছে ৷ আনহাতে জনজাতি সমন্বিত আচনিখনৰ জৰিয়তে আন বিশটা পৰিয়ালৰ মাজত বিজ্ঞানসন্মত গাহৰি পালনৰো দিহা কৰি  কৃষক সকলক আৰ্থিক ভাৱে সবলীকৰনৰ দিহা কৰে বেচৰকাৰী সংস্থা গ্ৰম্য বিকাশ মঞ্চই । উক্ত কাৰ্যসূচীৰ অন্তত গ্ৰাম্য বিকাশ মঞ্চৰ কৰ্যসূচীসমূহক সকলো বিষয়াই ভূয়সী প্ৰসংশা কৰি প্ৰকল্পৰ সফল ৰূপায়ণ কামনা কৰে৷

লগতে পঢ়ক- 

তিঁয়হ খেতিৰে স্বাৱলম্বী গোলাঘাটৰ উদ্যমী যুৱক অংশুমান শৰ্মা আৰু নৱ হাজৰিকা

English Summary: NARBAD's Integrated Tribal Development Project on the Indo-Bhutan border
Published on: 17 September 2023, 05:26 IST