1. News

তিঁয়হ খেতিৰে স্বাৱলম্বী গোলাঘাটৰ উদ্যমী যুৱক অংশুমান শৰ্মা আৰু নৱ হাজৰিকা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Cucumber Farming benefit
Cucumber Farming benefit

গোলাঘাটৰ জামুগুৰি গাঁওপঞ্চায়তৰ অন্তৰ্গত কালুজান গাঁৱৰ দুই উদ্যমী যুৱক অংশুমান শৰ্মা আৰু নৱ হাজৰিকাই মাত্ৰ এবিঘা মাটিতেই তিঁয়হৰ খেতিকৰি নিৱনুৱা যুৱক যুৱতীৰ বাবে স্বাৱলম্বিতাৰ এক জ্বলন্ত নিদৰ্শন দাঙি ধৰিছে ৷ শিক্ষিত যুৱক অংশুমান শৰ্মাৰ নদীৰ পাৰত খেতি কৰিবলৈ উপযুক্ত মাটি নোহোৱাত নৱহাজৰিকাৰ দৈয়াংনদীৰ পাৰত থকা মাটিৰ এবিঘা বেৰিলৈ দুয়ো তিয়ঁহৰ খেতি আৰম্ভ কৰে ৷

আহাৰ মাহত তিঁয়হৰ বীজ অংকুৰিত হোৱাৰ পিছত শাওন মাহৰ ১৫ দিনৰ পিছত লতা বোৰতৰ ফুল ধৰে৷ ৪০ ৰ পৰা ৪১ দিনৰ পিছত ফচল উৎপাদন আৰম্ভ হোৱাত দুয়োৰে মন উৎফুল্লিত হৈ পৰে ৷ প্ৰথমবাৰ তেওঁলোকে ৫০ কেজি তিয়ঁহ চিঙি বজাৰলৈ নি বিক্ৰী কৰে এতিয়া সপ্তাহত তিনিদিন ফচল চিঙি বিক্ৰী কৰে৷ এই ভৰপক বতৰত এতিয়া প্ৰতিবাৰতে ডেৰ কুইণ্টল পয্যন্ত ফচল উৎপাদন কৰে ৷

লগতে পঢ়ক- 

Sesame Farming & its benefit : তিল খেতি কৃষি পদ্ধতি বিষযে জানো আঁহক

তেওঁলোকৰ কৃষিপথাৰৰ পৰাই জিলাখনৰ বিভিন্ন ঠাইৰ বেপাৰী আহি প্ৰতি কিল’গ্ৰামত ২৫ ৰ পৰা ৩০ টকা পয্যন্ত মূল্য দি লৈ যায় ৷ এবিঘা মাটিতেই এই খেতিকৰি এতিয়া তেওঁলোকে এসপ্তাহত ২৫ ৰ পৰা ২৮ হেজাৰ টকা আয় কৰে ৷ এলেকাটোত উদঙীয়া গৰুৰ বিচৰণ হোৱাৰ বাবে কৃষক সকলে বাহঁৰ জেওৰাৰে বেৰা দিছিল যদিও ভূতৰ ওপৰত দানহ পৰাদৰে বান্দৰৰ ব্যাপক প্ৰজননৰ বাবে সংখ্য বৃদ্ধি হোৱাত কৃষক সকলে মুৰে কপালে হাতদিব লগা হৈছে ৷

বান্দৰৰ পৰা কৃষিৰ ফচল ৰক্ষাৰ বাবে অংশুমান আৰু নৱয়ে সৌৰশক্তি চালিত ঝাটকা মেচিন আনি নিজেই চৌদিশে তাঁৰ দি বেৰি দিয়ে ৷ ফলত আশেপাশে জপিয়াই অনিষ্টসাধন কৰা বান্দৰবোৰ তেঁওলোকৰ বাৰিলৈ নহা হ’ল ৷ ঝাটকা মেচিনৰ সুৰক্ষাত এতিয়া দুয়োগৰাকী কৃষকে নিবিঘ্নে তিঁয়হ খেতি কৰি ধন উপাৰ্জন কৰিছে।

লগতে পঢ়ক- 

ধান ভাল নোহোৱা বাম মাটি এবিঘাত এইবাৰ তিয়ঁহ খেতি কৰক

English Summary: Cucumber Farming: Grow cucumber with better system

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.