1. News

Assam Money Plant : ভালকে কৰিলে প্ৰতিখিলা পাতত লাভ কৰিব পইচা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Assam Money Plant
Assam Money Plant

অসমত তিনি প্ৰকাৰে পাণ খেতি কৰা হয়-

  • তামোল গছ বা অন্য গছৰ গুৰিত
  • বোৰোজ পদ্ধতি
  • খুটি পদ্ধতি

ইয়াৰে প্ৰথম পদ্ধতিতে সাধাৰণতে প্ৰায় বিলাক ঘৰতে কৰা হয়৷ আন দুটা পদ্ধতি ব্যৱসায় ভিত্তিত কৰা হয়৷

সঁচ

অসমীয়া পাণ, খাছী পাণ, গাৰো পাণ, চাঁচী পাণ, বাংলা পাণ (কালী বাংলা, মুৱা বাংলা, ইৰানিগিটি, গুদি বাংলা) মিঠা পাণ আৰু কাৰ্বি পাণ৷

মাটি

সাৰুৱা আলতীয়াৰ পৰা বালিচঁহীয়া মাটি আৰু পানী জমা নোহোৱা মাটি পাণ খেতিৰ বাবে উপযোগী৷ নতুনকৈ পাণ বাৰী প্ৰস্তুত কৰিবলৈ অন্য ঠাইৰ পৰা মাটিৰ ওপৰ ভাগ কাটি আনি কৰিব পাৰিলে ভাল৷ পুলি ৰোৱাৰ এমাহৰ আগতে মাটিত চূণ মিহলাই মাটিৰ অম্লতা কমাই ল’লে ভাল হয় অৰ্থাৎ পি, এইচ ৬.৫ মানত ৰাখিব লাগে৷

তামোল গছৰ সহায়লৈ কৰা পাণ খেতি

তামোল গছৰ গুৰিৰ পৰা ৬০-৭০ ছে: মি: দুৰত্বত ৬০ ছে: মি:x ৬০ ছে: মি: x ৬০ ছে: মি: ব্যাসাৰ্দ্ধৰ গাত খান্দি তাত পচন সাৰ বা গোবৰ আদি প্ৰয়োগ কৰিব লাগে ৷ প্ৰত্যেক জোপা তামোলগছৰ বাবে ৩-৪ টা পাণৰ ডাল (cutting) ৰোব লাগে ৷ সাধাৰণতে ২-৩ ফুট দীঘল ডাল য’ত ৬ টা মানকৈ কোঁহ/গাঁঠি থাকে তেনেবোৰ ডালহে ৰোৱাৰ বাবে উপযোগী ৷

লগতে পঢ়ক-

GOAT farming কম মূলধনতে অধিক লাভ দিব ছাগলী পালনৰ ব্যৱসায়ে

বোৰজ আৰু খুটি পদ্ধতি

বাঁহ আৰু খেৰ আদিৰ বোৰজ প্ৰস্তুত কৰি সকলো দিশ খেৰেৰে বেৰি দিব লাগে ৷ পাণ গছবোৰ বাঁহৰ খুটিত বগাবলৈ দিব লাগে ৷ খুটি পদ্ধতিত কৰা পাণ খেতিৰ বাবে ওপৰ ভাগ আবদ্ধ কৰি পাণ গছবোৰ বাঁহৰ খুটিত বগাবলৈ দিব লাগে ৷ এই ক্ষেত্ৰত বাঁহৰ দীঘল খুটিৰ ব্যৱহাৰ হয় ৷পুলি ৰোৱাৰ আগেয়ে পাণ ৰোবলৈ লোৱা মাটি দৰা ভালদৰে চহায় লব লাগে ৷

ৰোপন সামগ্ৰী

  • সাধাৰণতে পাণ গছৰ উৰ্দ্ধমুখী ২-৩ বছৰীয়া পূৰঠ আগবোৰ কাটি আনি তাৰ পৰা সৰু সৰুকৈ অৰ্থাৎ ৩০-৪০ ছে: মি: দীঘলে কাটি ল’ব লাগে ৷ এই সৰু সৰু ডাল বা কাটিং বিলাকত ৩-৪ টাকৈ গাঁঠি থাকিব লাগে ৷ এই ডালবোৰৰ পৰা যেতিয়া নতুন পোখা ওলাই বাঢ়িবলৈ ধৰিব তেতিয়া মূল পথাৰত অৰ্থাৎ তামোল গছৰ গুৰিত ৰোপন কৰিব লাগে ৷
  • বোৰজ পদ্ধতিত পোখা ওলোৱা ডালবোৰ ৫০ ছে: মি: আৰু ১৫ ছে: মি: দূৰত্বত অথাৎ দুটা শাৰীৰ মাজত দূৰত্ব ৫০ ছে: মি: আৰু প্ৰতিটো শাৰীত দুটা পুলিৰ মাজৰ দূৰত্ব ১৫ ছে: মিটাৰত ৰোৱাৰ ব্যৱস্হা কৰিব লাগে ৷ এই পদ্ধতিত প্ৰতি বিঘা মাটিত ১২,৬০০-১২,৭০০ টা পুলি ৰোপন কৰিব পাৰি ৷ কিন্তু খুটি পদ্ধতিত পুলি আৰু শাৰীৰ দূৰত্ব ৯০ ছে: মি: ৰাখিব লাগে বাবে প্ৰতি বিঘা মাটিত ১০০০-১৪০০ টা পুলিহে ৰোপন কৰিব পাৰি ৷
  • ৰোৱাৰ আগতে মাটিডৰা ভালদৰে চহায় লব লাগে আৰু ৰাসায়নিক দ্ৰৱ্যৰে মাটিডোখৰ শোধন কৰি লব লাগে৷ তাৰ বাবে ০.২ শতাংশ পি, চি, এন্, বি (ব্ৰাচিক’ল) নামৰ ঔষধৰে মাটিডোখৰ তিয়াই লব লাগে৷ আকৌ পুলবাৰীৰ পৰা উঠাই অনা পোখা পুলিবোৰ ০.৫ শতাংশ শক্তিৰ ব'ৰডো মিশ্ৰণ আৰু ষ্টেপ্টোচাইক্লিন(Streptocycline) ৫০০ পি, পি, এম মিশ্ৰণত আধা ঘন্টা ডুবাই ৰাখিব লাগে৷ অসমত সাধাৰণতে মে’ - আগষ্ট মাহলৈকে পাণ পুলি ৰোৱা হয়৷

সাৰ প্ৰয়োগ

  • ১৫০ কেজি নাইট্র'জেন প্ৰতি হেক্টৰত প্ৰতি বছৰে ১০০ কেজি ফছফৰাচ প্ৰতি হেক্টৰত প্ৰতি বছৰে৫০ কেজি পটাচ প্ৰতি হেক্টৰত প্ৰতি বছৰে
  • এই গোটেইখিনি সাৰ মাটিডৰাত বছেৰেকত ৬-৮ টা ভাগত ভাগ কৰি গোবৰৰ লগত প্ৰয়োগ কৰিব লাগে ৷
  • বোৰজ পদ্ধতিত কৰা পাণ খেতি প্ৰতিবছৰে হেক্টৰে প্ৰতি ২০০ কেজি নাইট্র'জেন (ইউৰিয়াৰ) লগত খলিহৈৰ লগত ১ : ১ অনুপাতত মিহলাই সমানে চাৰিভাগ কৰি প্ৰয়োগ কৰিব৷
  • পাণৰ উৎপাদন আৰু মানদণ্ড বৃদ্ধি কৰিবলৈ ৪ শতাংশ জিঙ্ক চালফেটৰ মিশ্ৰণ ৬ বাৰ মানলৈ ৬০ দিনৰ ব্যৱধানত স্প্ৰে কৰিব৷
  • যদি পৰা যায় নাইট্ৰ'জেনৰ ৫০ শতাংশ পৰিমাণৰ জৈৱিক সাৰ আৰু পচন সাৰ প্ৰয়োগ কৰিব পাৰিলে ভাল ফল পোৱা যায়৷

পাণ বগোৱা

মূখ্য লতাডাল যেতিয়া আশ্ৰয়কাৰী বাঁহৰ খুটাত বা গছত বগাব তেতিয়া ৬-৮ ইঞ্চি অন্তৰত কলগছৰ পতুৱাৰ আঁহৰে বা দীঘল দুৱৰি বনৰ লতাৰে ঢিলাকৈ বান্ধিব লাগে যাতে গছজোপাত বগাই যাবলৈ সুবিধা হয় ৷ গছজোপাৰ বাঢ়নৰ ওপৰত লক্ষ্য ৰাখি ১৫-২০ দিনৰ অন্তৰত এবাৰ বান্ধিব লাগে৷

লতাপাণ নমোৱা

সাধাৰণতে পাণগছৰ মূখ্য লতাডাল এবছৰত প্ৰায় ১০ ফুট মানলৈ ওখ হয় ৷ গতিকে যেতিয়া লতাডাল সিমান ওপৰলৈ যায় তেতিয়া গছডাল বছৰেকত এবাৰ তললৈ নুৰা বান্ধি খহাই আনিব লাগে আৰু আগ অংশৰ মোটা গা-গছডাল মাটিত আকৌ পুতি দিব লাগে যাতে ওপৰৰ আনটোৰ মাত্ৰ ২-৩ ফুটহে ওলাই থাকে৷ তেনেকৈ নমাই আনিলে গছজোপাৰ গুৰিতো জোপোহা হ’ব আৰু একেডাল আশ্ৰয়কাৰীতে আকৌ বগাব পাৰিব৷

শস্য ৰক্ষা

  • পাত পচা (Phytophthora leaf rot), শিপা পছা (root rot): এই বিধ বেমাৰত ০.১ শতাংশ শক্তিৰ বৰডো মিশ্ৰণ বেমাৰৰ প্ৰকোপ অনুযায়ী ১ মাহৰ অন্তৰত ৪ বাৰ গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে ৷ আনহাতে ০.৫ শতাংশ ব'ৰডো মিশ্ৰণ বেমাৰৰ প্ৰকোপ অনুযায়ী ১৫ দিনৰ অন্তৰত ৮ বাৰ গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে ৷ এই ঔষধ প্ৰয়োগ জুন মাহৰ পৰা চেপ্তেম্বৰ মাহৰ ভিতৰত কৰিব লাগে
  • পাত বা ঠাৰিত দাগ পৰা বেমাৰ (Bectrial leaf spot) : এই বেমাৰৰ বাবে ০.৫ শতাংশ বৰডো মিশ্ৰণ আৰু এক শতাংশ ষ্টেষ্ট্রোমাইচিনৰ মিশ্ৰণ তৈয়াৰ কৰি ২০ দিনৰ ব্যৱধানত ৰোগ আৰম্ভ পৰাৰে পৰা প্ৰয়োগ কৰিব ৷
  • এনথ্ৰেকন’জ (Anthracnose) : এই বেমাৰৰ বাবে ০.৫ শতাংশ বৰডো মিশ্ৰণ ২০ দিনৰ ব্যৱধানত ৪ বাৰ ৰোগ ৰোগৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ পৰা প্ৰয়োগ কৰিব ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

লগতে পঢ়ক- 

খেৰত ইউৰিয়া প্ৰয়োগ কৰি কেনেদৰে প্ৰস্তুত কৰিব উৎকৃষ্টমানৰ পশুখাদ্য!

English Summary: Modern way of Betel Leaf Cultivation

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.