Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 24 December, 2022 7:52 PM IST
Millet : A solution to health and nutritional security

২০২২ চনৰ বিশ্ব পুষ্টি প্ৰতিবেদন অনুসৰি, ১২৯ খন দেশৰ প্ৰায়সংখ্যক জনগনে পুষ্টিহীনতা, ওজন বৃদ্ধি, মেদবহুলতাত ভূগি আছে। বেছিভাগ ৰোগৰ বাবে পুষ্টিৰ ভাৰসাম্যহীনতা দায়ী। স্বাধীনতাৰ প্ৰায় ৭৫ বছৰৰ পিছতো  পুষ্টিহীনতাই ভাৰতক পীড়িত কৰি আহিছে। যেনে- অনুপুষ্টিৰ অভাৱ, মেদবহলতা আৰু দীৰ্ঘম্যদী ৰোগ, বহুমুত্ৰ ৰোগ,  হৃদৰোগ,  কৰ্কটৰোগ আদি। ২০২২ চনৰ গ্লোবেল হাংগাৰ ইণ্ডেক্সৰ প্ৰতিবেদন অনুসৰি, ভাৰতে ১২১ খন দেশৰ ভিতৰত ১০৭ সংখ্যক স্থান লাভ কৰিছে। ২০০১ চনত ১০১ নম্বৰ স্হানৰ পৰা ভাৰতে ৬ টা স্হান পিছুৱাই গৈছে। 

ভাৰতৰ স্হান পাকিস্থান,  নেপাল,  শ্ৰীলংকা আৰু বাংলাদেশতকৈও পিছত। প্ৰ'টিনৰ পুষ্টিহীনতা (PEM)ৰ ফলত ৪,৬৯,০০ লোকৰ মৃত্যু আৰু অন্যান্য গুৰুত্বপূৰ্ণ পুষ্টি যেনে- আইৰণ, আয়ডিন আৰু ভিটামিন এ-ৰ অভাৱৰ ফলত ৮৪,০০০ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

ভাৰত হৈছে সৰ্বাধিক অপুষ্টিগ্ৰস্ত জনসংখ্যাৰ ঘৰ। দেশত অপৰিপুষ্টিৰ প্ৰচলন ২০১৮-২০২১ বৰ্ষত  ১৪.৬% ৰ পৰা ২০১৯-২০২১ বৰ্ষত ১৬.৩% লৈ বৃদ্ধি পাইছে। ইয়াৰ অৰ্থ হৈছে যে ভাৰতত ২২৪.৩ নিযুত লোকক (বিশ্বৰ ৮২৮ নিযুতৰ ভিতৰত) অপুষ্টিগ্ৰস্ত বুলি গণ্য কৰা হয়। মেদবহুলতা হৈছে ভাৰতৰ অন্যতম চিন্তনীয় বিষয় আৰু  ১১% পুৰুষ আৰু ১৫% মহিলা এই ৰোগত ভূগি আছে। মেদবহুলতা সম্পৰ্কীয় জটিলতা যেনে- হৃদৰোগ আৰু বহুমূত্ৰ ৰোগ ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা মহামাৰী হিচাপে ঘোষণা কৰা হৈছে। ইয়াৰ প্ৰধান কাৰণ হৈছে দৈনন্দিন খাদ্যভ্যাসৰ পৰা মিলেট নাইকিয়া হৈ যোৱা আৰু খাদ্যাভ্যাস সলনি হোৱা।

মিলেট হৈছে সৰু বীজযুক্ত বাৰ্ষিক ঘাঁহৰ এক সামূহিক গোট যাক খাদ্যশস্য হিচাপে খেতি কৰা হয়। মুখ্যতঃ নাতিশীতোষ্ণ, উপ-ক্ৰান্তীয় আৰু ক্ৰান্তীয় অঞ্চলৰ শুকান এলেকাৰ প্ৰান্তীয় ভূমিত। পৃথিৱীৰ ১৩১ খন দেশত মিলেট খেতি কৰা হয় আৰু এছিয়া আৰু আফ্ৰিকাৰ ৫৯ কোটি লোকৰ বাবে ই পৰম্পৰাগত খাদ্য। শস্যৰ আকাৰৰ ওপৰত আধাৰিত কৰি, মিলেটবোৰক মুখ্য মিলেট (জোৱাৰ আৰু বাজৰা) আৰু সৰু শস্যৰ মিলেট (ফিংগাৰ মিলেট/ৰাগি/মৰুৱা ধান, ফক্সটেইল মিলেট আৰু লিটল মিলেট) হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে।

এই শস্যবোৰৰ প্ৰধান বৈশিষ্ট হৈছে খৰাং সহনশীলতা, শস্যৰ মজবুততা, কমৰ পৰা মধ্যমীয়া ম্যাদ, নিম্ন শ্ৰমিকৰ প্ৰয়োজনীয়তা, কম খৰচী, কীট পতংগ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা। মিলেটে কাৰ্বন পৃথক কৰে আৰু ইয়াৰ দ্বাৰা সেউজগৃহ গেছৰ বোজা হ্ৰাস কৰে। খাদ্যশস্যৰ বিশ্ব কৃষি উৎপাদনৰ ক্ষেত্ৰত ষষ্ঠ স্থান দখল কৰে আৰু এতিয়াও পৃথিৱীৰ বহুতো অঞ্চলত এক মুখ্য খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। মিলেট হৈছে বহু গুৰুত্বপূৰ্ণ পুষ্টিৰ সমৃদ্ধ উৎস আৰু সেয়েহে, তৃতীয় বিশ্বৰ দেশবোৰত পুষ্টিৰ অভাৱৰ মোকাবিলা কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। খৰাং আৰু উষ্ণতাৰ প্ৰতিৰোধী হৈ মিলেটে পৰিৱেশৰ চাপো সহ্য কৰিব পাৰে। সেয়েহে ই হৈছে ভৱিষ্যতৰ শস্য আৰু “harbingers for evergreen revolution”।

বৰ্তমান ৬০% ৰো অধিক ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ মুখ্য জীৱিকা হৈছে মিলেটে। শেহতীয়াকৈ উন্নত কৃষি প্ৰযুক্তি আৰু উৎপাদন বৃদ্ধিৰ লগে লগে মিলেটৰ অধীনৰ এলেকাও বৃদ্ধি হোৱা দেখা গৈছে। বিশ্বৰ মিলেট উৎপাদনত প্ৰায় ৪১ শতাংশ অংশৰ সৈতে ভাৰত হৈছে বিশ্বৰ মিলেটৰ অন্যতম আগশাৰীৰ উৎপাদক। FAO-ৰ মতে, ২০২০ চনত মিলেটৰ বিশ্ব উৎপাদন আছিল ৩০.৪৬৪ নিযুত মেট্ৰিক টন আৰু ভাৰতৰ অংশ আছিল ১২.৪৯ নিযুত মেট্ৰিক টন। ২০২১-২০২২ বৰ্ষত ভাৰতৰ উৎপাদন আছিল ১৬.৯২ নিযুত মেট্ৰিক টন অৰ্থাৎ ২৭ শতাংশ উৎপাদন বৃদ্ধি হৈছিল পিছৰ বছৰত। ভাৰতৰ মুখ্য মিলেট ৰপ্তানিকাৰী দেশবোৰ হৈছে UAE, নেপাল, চৌদি আৰৱ, লিবিয়া, ওমান, ইজিপ্ত, টিউনিচিয়া, য়েমেন, ইউ.কে. আৰু আমেৰিকা যুক্তৰাজ্য। ভাৰতে ৰপ্তানি কৰা মিলেট প্ৰকাৰবোৰৰ ভিতৰত আছে বাজৰা, ৰাগি, কেনাৰী, জাৱাৰ আৰু বাকহুইট। ভাৰতৰ মুখ্য মিলেট খেতি কৰা ৰাজ্যবোৰ হৈছে ৰাজস্থান, মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, আৰু মধ্য প্ৰদেশ। বৰ্তমানেও উত্তৰ-পূবৰ ৰাজ্যসমূহত বাজৰাৰ উৎপাদন অতি কম।

চাউল আৰু ঘেঁহুৰ দৰে অত্যাধিক খোৱা খাদ্যশস্যৰ তুলনাত মিলেটৰ পুষ্টিগত মূল্য উৎকৃষ্ট। মিলেটত কেলচিয়াম, আইৰণ, মেগনেচিয়াম, জিংক, ফছফৰাছ, পটাছিয়াম আৰু যথেষ্ট পৰিমাণে আঁহ থাকে যি শিশুৰ স্বাস্থ্যকৰ বিকাশৰ বাবে অত্যাৱশ্যকীয় পুষ্টি শক্তিশালী কৰাত সহায় কৰে। লগতে, নৱজাতকৰ খাদ্য আৰু পুষ্টি সামগ্ৰীৰ মিলেটৰ ব্যৱহাৰ বৃদ্ধি পাইছে। কেইবাটাও স্বাস্থ্যজনিত সমস্যা প্ৰতিৰোধ আৰু নিৰাময়ত মিলেটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

মিলেটবোৰ অকল পুষ্টিকৰ খাদ্যই নহয়, ইয়াত অনন্য সোৱাদ থাকে, যি আহাৰৰ সোৱাদৰ অংশ বৃদ্ধি কৰে। প্ৰ'টিন, খনিজ আৰু ভিটামিনৰ ক্ষেত্ৰত প্ৰতিটো মিলেট চাউল আৰু ঘেঁহুতকৈ তিনিৰ পৰা পাঁচ গুণ পুষ্টিগতভাৱে উৎকৃষ্ট। মিলেট গ্লুটেন-মুক্ত হোৱাৰ বাবে ঘেহুৰ প্ৰতি এলাৰ্জী থকা সকলে মিলেটক খাদ্যত অন্তৰ্ভূক্ত কৰিব পাৰে। লগতে বহুমূত্ৰ ৰোগী আৰু ওজন হ্ৰাস কৰাৰ বাবে মিলেট হৈছে উৎকৃষ্ট খাদ্য।

লগতে পঢ়ক- 

জানুৱাৰী-ফ্ৰেব্ৰুৱাৰীতে কৃষকসকলে আৰম্ভ কৰক নেডাৰলেণ্ডৰ ক’লা জিকাৰ খেতি

শিশুৰ পুষ্টিহীনতাক মিলেটৰ দ্বাৰা হ্ৰাস কৰিব পাৰি। মিলেটত যথেষ্ট পৰিমাণে কেলচিয়াম, আইৰণ আৰু আঁহ থাকে যি শিশুৰ স্বাস্হ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয় হয়। মিলেটে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, ৰক্তহীনতা আৰু হিডেন হাংগাৰ দৰে বেমাৰৰ পৰা ৰক্ষা কৰে। শিশুৰ অতুলনীয় পুষ্টিৰ প্ৰয়োজনীয়তা থাকে যি প্ৰাপ্তবয়স্ততকৈ পৃথক আৰু সেয়েহে তেওঁলোকক অত্যাৱশ্যকীয় মেক্ৰো আৰু মাইক্ৰ’ পুষ্টিৰ বাবে সুষম খাদ্যৰ প্ৰয়োজন হয়। শিশুৰ বৃদ্ধি আৰু বিকাশৰ গুৰুত্বপূৰ্ণ স্তৰ থাকে আৰু পুষ্টি সিঁহতৰ বাবে এক গুৰুত্বপূৰ্ণ অৱদানকাৰী কাৰক হৈ থাকে। এই পৰ্যায়বোৰত পুষ্টিৰ অভাৱেই শিশুৰ শাৰীৰিক আৰু সামগ্ৰিক বিকাশত বাধা দিব পাৰে।  

বাজৰা  হৈছে  অত্যাৱশ্যকীয় পুষ্টিৰে সমৃদ্ধ এক বিস্ময়কৰ চুপাৰফুড, শিশুৰ দৈনন্দিন সন্তুলিত আহাৰত এক উৎকৃষ্ট সংযোজন। নৱজাতকৰ বিভিন্ন খাদ্যত মিলেট ব্যৱহাৰ কৰা দেখা গৈছে। ই হৈছে গ্লুটেন-মুক্ত, পুষ্টিকৰ, সহজে হজম কৰিব পৰা  আৰু ক’ম এলাৰ্জেনিক খাদ্য যাক বিভিন্ন ৰূপত শিশুসকলক দিব পাৰি। যেনে- সুস্বাদু পাফ, কুকিজ, কাটলেট অথবা মুখ্য আহাৰৰ এটা অংশ খিচিৰি, ডছা, ইডলি, ৰুটি ইত্যাদি। মিলেটত থকা  জিংক যি শিশুৰ স্বাভাৱিক জ্ঞানবৃদ্ধি কাৰ্যত সহায় কৰে, মেগনেছিয়াম ভাগৰ হ্ৰাস কৰাত সহায় কৰে, আহ যি ভাল হজম কৰে আৰু কেলচিয়ামৰ দ্বাৰা হাড়ৰ বিকাশ শক্তিশালী হোৱাত সহায় কৰে। লগতে আইৰণৰ দ্বাৰা হিম’গ্লৱিন গঠনত সহায়ক হয়। তদুপৰি মিলেটক পশুখাদ্য হিচাপেও ব্যৱহাৰ কৰিব পাৰি।

ইমানবোৰ গুণ থকা পিছতো ভাৰত মিলেট উৎপাদন আৰু ব্যৱহাৰৰ ক্ষেত্ৰত বহুত পিছুৱাই আছে। বাজৰা খেতিৰ প্ৰায় ৫০% এলেকা মুখ্যতঃ চয়াবীন, মাকৈ, কপাহ, কুঁহিয়াৰ আৰু সূৰ্যমুখী ফুললৈ পৰিৱৰ্তন কৰা হৈছে। অন্যান্য খাদ্য শস্যৰ তুলনাত কম পাৰিশ্ৰমিক, ইনপুট ৰাজসাহায্য আৰু মূল্য ইনচেণ্টিভৰ অভাৱ, ৰাজহুৱা বিতৰণ প্ৰণালীৰ (পিডিএছ) জৰিয়তে সূক্ষ্ম খাদ্যশস্যৰ ৰাজসাহায্যযুক্ত যোগান  আৰু গ্ৰাহকৰ অগ্ৰাধিকাৰৰ পৰিৱৰ্তন (প্ৰক্ৰিয়াকৰণত অসুবিধা, ময়দাৰ নিম্ন শ্বেল্ফলাইফ আৰু বাজৰাৰ সৈতে সংলগ্ন নিম্ন সামাজিক স্থিতি)ৰ দৰে কাৰকৰ সংমিশ্ৰণৰ ফলত মিলেটৰ উৎপাদনৰ পৰা আন প্ৰতিযোগিতামূলক শস্যলৈ স্থানান্তৰিত হৈছে।

প্ৰদৰ্শনীমূলক খেতি আৰু মিলেটৰ উৎপাদনৰ মাজত এক বিশাল ব্যৱধান আছে যি কৃষিৰ উন্নত প্ৰযুক্তিৰ স্হানান্তৰ সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তা আৰু উন্নত বীজৰ গুৰুত্বৰ ফালে আঙুলিয়াই দিয়ে। শেহতীয়াকৈ মিলেট খেতিক পুনৰজ্জীৱিত কৰাৰ দিশত কিছু প্ৰচেষ্টা হাতত লোৱা হৈছে। মিলেটক লাখ লাখ শিশু, মহিলাসকলৰ খাদ্য সংকট আৰু পুষ্টিৰ অভাৱ দূৰ কৰাৰ বাবে আটাইতকৈ শক্তিশালী বিকল্প হিচাপে স্বীকৃতি দিয়া হৈছে। মিলেটক আন্তৰাষ্ট্ৰীয়কৰণ কৰাৰ বাবে ভাৰতে কেইবাবছৰ প্ৰচেষ্টা চলাই আহিছে আৰু ২০১৮ চনত FAO ৰ দ্বাৰা ২০২৩ বৰ্ষক আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে ঘোষণা কৰা হৈছে।

অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ ৰপ্তানিৰ চাহিদা পূৰণ, সুষম খাদ্যৰ দ্বাৰা পুষ্টি বৃদ্ধি আৰু কৃষকসকলৰ উপাৰ্জন দুগুণ কৰাৰ পৰিকল্পনাৰে অসম মিলেট মিছম আৰম্ভ কৰে। কেন্দ্ৰ চৰকাৰে ডিচেম্বৰৰ পৰা বিশ্বজুৰি ভাৰতীয় মিলেট ৰপ্তানিৰ প্ৰচাৰৰ বাবে ব্যাপকভাৱে ৰণনীতি প্ৰস্তুত কৰিছে। প্ৰধানমন্ত্ৰীয়ে 'আত্মনিৰ্ভৰশীলতা'  প্ৰাপ্ত কৰাৰ লক্ষ্যৰ সৈতে সমন্বয় কৰি এই অভিযান আৰম্ভ কৰা হৈছে। মিলেট অভিযানৰ অধীনত, কৃষকসকলক তেওঁলোকৰ শস্য পদ্ধতিত বৈচিত্ৰতা আনিব আৰু মিলেট খেতি প্ৰসাৰতাৰ বাবে এক বিশাল এলেকা সামৰি ল’ব। ৰাজ্যৰ কৃষি বিভাগে আৰম্ভণিতে ১৫,০০০ হেক্টৰ শস্যভূমিত বাজৰা অভিযান আৰম্ভ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰী পৰিকল্পনা অনুসৰি, ৰাজস্থানৰ দৰে উচ্চ উৎপাদনশীল ৰাজ্যৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ ইয়াক পৰৱৰ্তী পৰ্যায়ত ৫০,০০০ হেক্টৰলৈ সম্প্ৰসাৰিত কৰা হ'ব।

যিহেতু ৰাজ্যখনৰ কৃষকসকল মিলেট খেতিৰ সৈতে কম পৰিচিত, অসম চৰকাৰে কৃষকসকলৰ সুবিধাৰ বাবে দুটা জ্ঞান কেন্দ্ৰ স্থাপন কৰিছে। অনাগত দিনত কৃষি উৎপাদনৰ ক্ষেত্ৰত এক বৃহৎ বৃদ্ধিৰ বাবে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ (RIDF) অধীনত ৰাজ্যজুৰি আৰু ৯৬ টা জ্ঞান কেন্দ্ৰ স্থাপন কৰা হ'ব। যদিও ৰাজ্য চৰকাৰে ২০২৩ বৰ্ষক 'মিলেটৰ বছৰ' হিচাপে পালন কৰিবলৈ গৈ আছে।  2022-23 বৰ্ষৰ পৰা আৰম্ভ কৰি সাত বছৰৰ বাবে ৰাজ্যখনত এক সম্পূৰ্ণ বাজৰা অভিযান ত্বৰান্বিত কৰাৰ পৰিকল্পনা হাতত লোৱা লৈছে। 

সদৌ শেষত মিলেটৰ চাহিদা এইবোৰৰ দ্বাৰা বৃদ্ধি কৰিবলৈ পাৰিপাৰ্শ্বিক স্থিৰতা, পুষ্টিগত আৰু অন্যান্য স্বাস্থ্য লাভালাভ সম্পৰ্কে সজাগতা সৃষ্টি কৰা, মূল্য সংযোজন, ৰাজহুৱা বিতৰণৰ ব্যৱস্হা, মধ্যাহ্ন ভোজন, সমন্বিত শিশু বিকাশ সেৱা (ICDS) খাদ্য প্ৰদান আৰু কিশোৰীসকলৰ পুষ্টি আঁচনিৰ অধীনত অন্তৰ্ভুক্তি কৰিব লাগিব।

লেখক: সুস্মিতা গগৈ

বিষয়বস্তু বিশেষজ্ঞ, শস্য বিজ্ঞান

কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজি

লগতে পঢ়ক- 

২০২৩ ত বিনামূলীয়াকৈ খাদ্য শস্য লাভ কৰিব দেশৰ ৮০ কোটি জনতাই

English Summary: Millet : A solution to health and nutritional security
Published on: 24 December 2022, 06:09 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now