1. News

২০২৩ ত বিনামূলীয়াকৈ খাদ্য শস্য লাভ কৰিব দেশৰ ৮০ কোটি জনতাই

Mrigakshi Phukan
Mrigakshi Phukan
Food grain
Food grain

দেশৰ ৮০ কোটি জনতাই লাভ কৰিব বিনামূলীয়া খাদ্যশস্য। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আইনখনে সামৰি লোৱা লোকসকলক ২০২৩ চনৰ ডিচেম্বৰ মাহলৈকে ৰাজসাহায্য হিচাপে নহয়, বিনামূলীয়াকৈ ৰেচন প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে।

২০২০ চনত ক’ভিডে সৰ্বসাধাৰণৰ জীৱিকাৰ ওপৰত প্ৰভাৱ পেলোৱাৰ পাছত হাতত লোৱা বিশেষ বিনামূলীয়া ৰেচন আঁচনি— প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীন এই সিদ্ধান্ত লোৱা হৈছে।

এইদৰে এই আইনখনে এতিয়া ৮০ কোটিৰো অধিক লোকক সামৰি ল’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত মন্ত্ৰী পীয়ুষ গোৱেলে এই সিদ্ধান্ত ঘোষণা কৰি কয় যে এই যোজনা কাৰ্যকৰী হোৱাৰ ২৮ মাহ হ’ল। ইয়াৰ শেহতীয়া সম্প্ৰসাৰণৰ ম্যাদ এই মাহতে শেষ হ’বলগীয়া আছিল। এতিয়া এই আইনৰ অধীনত দেশক ৰেচন মুক্ত কৰাৰ পদক্ষেপৰ বাবে চৰকাৰে এবছৰৰ বাবে ২ লাখ কোটি টকা খৰচ কৰিব লাগিব।

এই আইনৰ অধীনত প্ৰতিজন ব্যক্তিৰ বাবে মূলতঃ চাউল প্ৰতি কিলোগ্ৰামত ৩ টকা, ঘেঁহু ২ টকা, বাজৰা ১ টকা দামত ৫ কিলোগ্ৰামলৈকে যোগান ধৰিব লাগে। ২০২০ চনৰ মাৰ্চ মাহত আৰম্ভ হোৱা যোজনাত ইয়াৰ ওপৰত আৰু ৫ কেজিকৈ খাদ্যশস্য বিনামূলীয়াকৈ দিয়া হৈছিল।

এতিয়া চৰকাৰে নিজে বিশেষ আইনৰ অধীনত ৰেচন বিনামূলীয়া কৰি দিছে। অৰ্থাৎ ২০২০ চনৰ পৰা বিশেষ আঁচনিৰ অধীনত দিয়া সুবিধা অব্যাহত থাকিব, কিন্তু এতিয়া এন এফ এছ এৰ অধীনত ইয়াক প্ৰদান কৰা হ’ব।

গোৱালে ঘোষণা কৰে যে কেবিনেটে ২০২৩ চনৰ ডিচেম্বৰলৈকে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনখনৰ সৈতে একত্ৰিত কৰাৰ সিদ্ধান্ত লৈছে।

যোৱা সপ্তাহত চৰকাৰে কৈছিল যে ভাৰতত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু ইয়াৰ অন্যান্য কল্যাণমূলক আঁচনিৰ অধীনত প্ৰয়োজনীয়তা পূৰণৰ লগতে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অতিৰিক্ত আবণ্টনৰ বাবে পৰ্যাপ্ত খাদ্যশস্য মজুত আছে।

লগতে পঢ়কঃ বাগিচাত ব্যৱহাৰ হোৱা কেইটামান প্ৰয়োজনীয় সামগ্ৰী

English Summary: Over 80 Crore To Get Free Foodgrain For A Year In New Scheme

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.