1. News

বিশ্বনাথৰ পাভৈত PMKSY সন্দৰ্ভত সজাগতা সভা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
বিশ্বনাথৰ পাভৈত PMKSY সন্দৰ্ভত সজাগতা সভা
বিশ্বনাথৰ পাভৈত PMKSY সন্দৰ্ভত সজাগতা সভা

সোমবাৰে বিশ্বনাথৰ পাভৈ গাঁও পঞ্চায়তত অনুষ্ঠিত হৈ যায় প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা চমুকৈ PMKSY  সন্দৰ্ভত সজাগতা সভা। সভাখনত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা (Pradhan Mantri Krishi Sinchai Yojana) চমুকৈ PMKSY ৰ জৰিয়তে কৃষকসকলে লাভ কৰিব পৰা লাভালাভৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় ।

সভাত পাভৈ কৃষি চক্ৰৰ অন্তৰ্গত বামুণীপথাৰ, ৰঙামুৰী, মিছামাৰী, চেলাইখাটি, ধূলি আদি অঞ্চলৰ প্ৰায় অৰ্দ্ধ শতাধিক কৃষকে অংশগ্ৰহণ কৰে । ৰাজ্যৰ কৃষিবিভাগৰ নিৰ্দেশনামৰ্মেই অনুষ্ঠিত হয় সজাগতা সভাখন। সভাত কৃষকসকলক চৰকাৰী কৃষি আঁচনিসমূহৰ সুবিধা কিদৰে গ্ৰহণ কৰিব পাৰি সেই বিষয়ে বিস্তৃতভাৱে কয় পাভৈ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া আৰু পাভৈ গাঁও পঞ্চায়তৰ সভাপতিয়ে।

ইতিমধ্যে ৰাজ্যৰ কৃষিমন্ত্ৰীয়ে খৰাঙ বানত শস্য লোকচান হোৱা খেতিয়কসকলে কিদৰে প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনিৰ অধীনত ক্ষতিপুৰণ পাব পাৰে তাৰবাবে চৰকাৰী বিষয়াসকলক কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰ নিৰ্দেশ দিছিল। ইয়াৰেই অংশস্বৰূপে চৰকাৰী বিষয়াসকলে সজাগতা সৃষ্টি লক্ষ্যৰে কৃষকসকলৰ মাজত উপস্থিত হয়।

সজাগতা সভাখনত উপস্থিত থাকে পাভৈ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া লয়নময় বৰঠাকুৰ, পাভৈ গাঁও পঞ্চায়তৰ সভাপতি চৰণ নাৰ্জাৰী আৰু বিশ্বনাথ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অন্যান্য বিষয়া আৰু কৰ্মচাৰীসকলো উপস্থিত থাকে ।

লগতে পঢ়ক- বান-খৰাঙৰ পাছতে এতিয়া শুৰপোকৰ আক্ৰমণ চলিছে পথাৰত

English Summary: MEETING ON PMKSY

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.