1. News

ৰাজ্যৰ চহা কৃষকৰ উৎপাদিত ১৮০০ কোটি টকাৰ খাদ্য সামগ্ৰী বিশ্বৰ ৮৮খন দেশলৈ ৰপ্তানি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ৰাজ্যৰ চহা কৃষকৰ উৎপাদিত ১৮০০ কোটি টকাৰ খাদ্য সামগ্ৰী বিশ্বৰ ৮৮খন দেশলৈ ৰপ্তানি
ৰাজ্যৰ চহা কৃষকৰ উৎপাদিত ১৮০০ কোটি টকাৰ খাদ্য সামগ্ৰী বিশ্বৰ ৮৮খন দেশলৈ ৰপ্তানি

ৰাজ্যৰ কৃষিখণ্ডৰ বাবে এক বৃহত সফলতা। অসমৰ কৃষকৰ উৎপাদিত সামগ্ৰীয়ে দখল কৰিছে বিশ্বৰ বজাৰ। এই সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাই জনাই যে ২০২১-২২ বৰ্ষত ৰাজ্যখনৰ কৃষকসকলে কৃষি আৰু আনুষংগিক খণ্ডত উৎপাদন কৰা প্ৰায় ১৮০০ কোটি টকাৰ খাদ্যসামগ্ৰী বিশ্বৰ ৮৮খন দেশলৈ ৰপ্তানি হৈছে।

অসমৰ চাউল, নেমু টেঙা, লিচু, মালভোগ কল, ৰঙালাও, আদা, হালধি, জলকীয়া, ভোট জলকীয়া, তিল, চাহপাত, মচলাজাতীয় সামগ্ৰী, ফলমূল, ভিন্ন সংসাধিত খাদ্যসামগ্ৰীয়ে সম্প্ৰতি বিশ্বৰ ভিন্ন প্ৰান্তৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। এই সমগ্ৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ আছে ৰাজ্যখনৰ যুৱপ্ৰজন্ম-নিশ্চিতভাৱে ই এক শুভ লক্ষণ বুলি কয় মন্ত্ৰীগৰাকীয়ে।

Atul Borah facebook post
Atul Borah facebook post

তেওঁ লগতে কয় যে ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত কৃষি আৰু আনুষংগিক খণ্ডটোক স্ব-নিয়োজনৰ এক অন্যতম শক্তিশালী খণ্ড হিচাপে গঢ়ি তুলিবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

উল্লেখ্য যে বৰ্তমান অসমত খৰাং আৰু বানৰ বাবে বহু কৃষকে ৰুৱ নোৱাৰিলে শালিধানৰ খেতি। ফলত বহু মাটি ছন পৰা দিশে আগবাঢ়িছে। এই ছন পৰা মাটিসমূহ কৃষকক অন্য খেতি কৰিবলৈ চৰকাৰী সাহাৰ্য প্ৰদান কৰা হ’লে কৃষকসকল উপকৃত হলেহেঁতেন। লগতে ৰাজ্যৰ ৰবিশস্যৰ ক্ষেত্ৰখন ব্যাপকৰূপত প্ৰসাৰ ঘটিলহেঁতেন।

লগতে পঢ়ক- ঘৰতে খাবলৈ আপুনিও কৰিব পাৰে এই কেইবিধ খেতি

English Summary: atul Borah facebook post

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.