1. News

বান-খৰাঙৰ পাছতে এতিয়া শুৰপোকৰ আক্ৰমণ চলিছে পথাৰত

PANKAJ KHANIKAR
PANKAJ KHANIKAR
বান-খৰাঙৰ পাছতে এতিয়া শুৰপোকৰ আক্ৰমণ চলিছে পথাৰত
বান-খৰাঙৰ পাছতে এতিয়া শুৰপোকৰ আক্ৰমণ চলিছে পথাৰত

বানপানী-খৰাঙৰ পাছতে শুৰপোক আক্ৰমণ চলিছে ভাদৰ পথাৰত। শ শ বিঘা পথাৰত শুৰ পোকৰ আক্ৰমণত হালধীয়া হৈ পৰিছে। শুৰ পোকৰ আক্ৰমণত উপায়হীন হৈ পৰিছে ৰাজ্যৰ কৃষকসকল। ৰাজ্যত কৃষিবিভাগ নামৰ এটা বিভাগ আছে যদিও কাণসাৰ নাই কৃষকৰ সমস্যাৰ প্ৰতি। যাৰ পৰিপ্ৰেক্ষিতত বঙাইগাঁও জিলাৰ অদলাগুৰীবাসীয়ে ৰাজ্যৰ কৃষিবিভাগৰ ওপৰত আস্থা হেৰুৱাইছে লক্ষ্মী দেৱীক পূজা কৰিছে।

ভুক্তভোগী কৃষকসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে অসমত কৃষি বিভাগ আছে যদিও কৃষকসকলক সহায়ৰ বাবে আগবাঢ়ি নাহে । এই বছৰটোত বানপানীয়ে জলা -কলা খুৱাইছে কৃষকসকলক । এই অঞ্চলটোৰ খেতি পথাৰত ভূতৰ ওপৰত দানহ পৰাদি আৰম্ভ হৈছে বহুতো অপায়-অমঙ্গল । নানা ধৰণৰ পোক-পৰুৱাই বিভিন্ন ধৰণে ক্ষতি সাধন কৰিছে ।

উপায়হীন কৃষক ৰাইজ এতিয়া ব্যস্ত হৈ পৰিছে পূজাত । কৃষি পথাৰত যাতে কোনো অপায় -অমঙ্গল নহয় তাৰ বাবে প্ৰত্যেক বছৰে এই মাহত পূজা পাৰ্বন কৰা হয় বুলি কৃষকসকলে কয় । ১৫ বছৰ আগতে শালি খেতি শুৰপোকে তহিলং কৰিছিল । তাৰ পিছৰে পৰাই গাওঁবাসীয়ে এইমাহত ভগৱানক সন্তুষ্টি কৰাৰ বাবে পথাৰত পূজা অৰ্চনা আৰু নাম-কীৰ্তন কৰে।

উল্লেখ্য যে প্ৰথমে বানত তাৰপাছত বৰষুণৰ অভাৱত এতিয়া পোকৰ আক্ৰমনত ধান খেতি নষ্ট হোৱাত বিপাঙত পৰিছে খেতিয়ক সকলে ।

লগতে পঢ়ক- এজোপা অমিতা গছে এবাৰত ৪০ কেজি পৰ্যন্ত ফল দিয়ে

English Summary: Worship of Goddess Lakshmi in Manikpur

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.