1. পশুপালন

ছাগলীৰ পেষ্টিদিচ পেটিচ ৰুমিনেন্ট (PPR) ৰোগ কি?

KJ Staff
KJ Staff
Disease and Treatment of PPR
Disease and Treatment of PPR

পি.পি.আৰ.(পেষ্টিদিচ পেটিচ ৰুমিনেন্ট)নামৰ ৰোগ বিধ সম্প্ৰতি অসমৰ সকলো জিলাত দেখা দিয়া এবিধ নতুন আৰু মাৰাত্মক সংক্ৰামক বিজানু(ভাইৰাচ)জনিত ছাগলীৰ বেমাৰ। সকলো বয়সৰ ছাগলী এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়।

লক্ষণ সমূহ:-

এই ৰোগ হলে ছাগলীৰ মুখত ঘাঁ লাগে, জ্বৰ হয়,পাতল পায়খানা হয়, নাকেৰে পানী, শেঙুণ ওলায়, চকুত বিজলুৱা পদাৰ্থ দেখা যায় আৰু উশাহ-নিশাহত অতিপাত কষ্ট পায়। এই ৰোগ হলে ¾ দিনৰ ভিতৰতে ছাগলীৰ মৃত্যু হব পাৰে। বিশেষকৈ পোৱালীৰ মৃত্যু সৰ্বাধিক হয়।

চিটাৰ পৰিমাণ:-

2 মাহ বয়সৰ ওপৰত সকলো ছাগলীকে পি.পি.আৰ. (পেষ্টিদিচ পেটিচ ৰুমিনেন্ট)চিটা ছালৰ তলত 1 মি.লি.কৈ দিব লাগে।আনকি গাভিনী ছাগলীকো (3 মাহ) দিব পৰা যায়।

চিটা দিয়াৰ নিয়ম:-

সাধাৰণতে সৰু পি.পি.আৰ.(পেষ্টিদিচ পেটিচ ৰুমিনেন্ট)চিটাৰ বটলত ঔষধ খিনি 100 মি.লি. বটলৰ দ্ৰাৱকৰ লগত ভালকৈ মিহলাই 1 মি.লি. কৈ 100 টা ছাগলীক ছালৰ তলত চিটা হিচাপে দিয়া হয়।

পি.পি.আৰ.চিটাৰ যোগান:-

সাধাৰণতে এই পি.পি.আৰ. চিটাসমূহ খানাপাৰাত থকা জৈৱিক উৎপাদন প্ৰতিষ্ঠানে সকলো জিলা শু-পালন ও পশু-চিকিৎসা বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে আৰু জিলা পশু-পালন ও পশু-চিকিৎসা বিষয়াৰ কৰ্যালয়ে সকলো উপকেন্দ্ৰ,পশু-চিকিৎসালয়লৈ বিনামূলীয়াকৈ যোগান ধৰে আৰু পশু-চিকিৎসালয়/উপকেন্দ্ৰ সমূহে বিনামূলীয়াকৈ সকলো ছাগলীকে এই ৰোগৰ প্ৰতিশেধক চিটা দিয়ে।

প্ৰতিক্ৰিয়া:-

চিটা দিয়া ঠাইখিনি 2-3 দিনলৈ অলপ ফুলি থাকে। তাৰ বাহিৰে কোনো ধৰণৰ অনিষ্টকাৰী প্ৰতিক্ৰিয়া নহয়।

ৰোগ প্ৰতিৰোধ ক্ষমতা:-

চিটা দিয়াৰ 7 দিনৰ ভিতৰত ছাগলীবোৰে ৰোগ প্ৰতিৰোধৰ ক্ষমতা আয়ত্ব কৰে আৰু 6 মাহলৈকে এই প্ৰতিৰোধ ক্ষমতা অটুট থাকে।

উৎস:অসম পশুপালন ও পশু-চিকিৎসা বিভাগ,কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ "এচকাড" আচনিৰ অধীনত প্ৰকাশিত আৰু প্ৰচাৰিত

লগতে  পঢ়ক-

ছাগলীৰ দুটা মাৰাত্মক ৰোগঃ পি.পি. আৰ আৰু এণ্টাৰ’টক্সিমিয়া

English Summary: Disease and Treatment of PPR

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.