1. News

ৰাজ্যৰ কৃষি বিষয়াৰে কৃষিমন্ত্ৰীৰ বৈঠক

KJ Staff
KJ Staff
ATUL BORAH MEETING WITH  AGRICULTURE OFFICERS
ATUL BORAH MEETING WITH AGRICULTURE OFFICERS

মঙলবাৰে গুৱাহাটীত কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়া তথা জিলাসমূহৰ কৃষি বিষয়া আৰু মহকুমা কৃষি বিষয়াসকলৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাই ৰাজ্যিক পৰ্যায়ৰ এক পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত "আজাদী কা অমৃত মহোৎসৱ" উদযাপনৰ অংশবিশেষ "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচীক সম্পূৰ্ণৰূপে সফল কৰি তুলিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে বিষয়াসকলক আহ্বান জনায় কৃষিমন্ত্ৰী অতুল বৰাই।

সভাতে কৃষক ৰাইজৰ কল্যাণৰ বাবে লোৱা পিএম-কিষাণ, PMFBY, NFSM, PMKSY, RKVY, RIDF আদি আঁচনিসমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত জিলা পৰ্যায়ৰ বিষয়াসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা স্বীকাৰ কৰে কৃষিমন্ত্ৰী অতুল বৰাই। লগতে শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা কৃষকৰ ক্ষতিপূৰণ প্ৰদান তথা এইবাৰ ৰবিশস্যৰ বতৰত বিভাগে কৃষকসকলক আগবঢ়াবলগীয়া বিশেষ সহযোগিতাৰ বিষয়কে ধৰি বিভাগীয় আন বিষয়সমূহ সভাত আলোচনা হয়। শেহতীয়াকৈ অসমৰ কৃষকসকলৰদ্বাৰা উৎপাদিত কৃষি সামগ্ৰীয়ে দেশ-বিদেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। এয়া ৰাজ্যৰ কৃষি ক্ষেত্ৰখনলৈ অহা যোগাত্মক পৰিৱৰ্তনৰ এক অনন্য প্ৰতিচ্ছবি বুলি উল্লেখ কৰি সভাত কৃষিমন্ত্ৰীগৰাকীয়ে যুৱপ্ৰজন্মক কৃষিখণ্ডৰ প্ৰতি অধিক আকৰ্ষিত কৰিবলৈ বিভাগীয় আঁচনিসমূহৰ সুবিধাৰ বিষয়ে যুৱপ্ৰজন্ম তথা ৰাইজৰ মাজলৈ লৈ যাবলৈ বিষয়াসকলক আহ্বান জনায়।

ATUL BORAH MEETING WITH  AGRICULTURE OFFICERS
ATUL BORAH MEETING WITH AGRICULTURE OFFICERS

ইফালে জলবায়ুৰ সঘন পৰিৱৰ্তনে কৃষিখণ্ডত পেলোৱা প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি "মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ" মহৎ প্ৰকল্পটো সফল কৰি তুলিবৰ বাবে ১০ লাখ গছপুলি ৰোপণৰ যি লক্ষ্য বান্ধি লৈছে, সেই লক্ষ্যত উপনীত হ'বৰ বাবে অসমৰ জিলাসমূহত থকা কৃষি বিভাগৰ প্ৰতিটো কাৰ্যালয়ত গছপুলি ৰোপণ কৰি এই প্ৰকল্পটোৰ সফল ৰূপায়ণত পূৰ্ণ সহযোগ কৰিবলৈ সভাত উপস্থিত বিষয়াসকলক অনুৰোধ জনায় মন্ত্ৰী অতুল বৰাই।

লগতে মন্ত্ৰীগৰাকীয়ে জৈৱিক তথা প্ৰাকৃতিক কৃষি উৎপাদন বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা পৰামৰ্শসমূহৰ কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবেও বিষয়াসকলক সভাত নিৰ্দেশ দিয়ে। অনষ্ঠানত উপস্থিত থাকে কৃষি উৎপাদন আয়ুক্ত তথা কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডাঃ আশিস ভূটানী, কৃষি সঞ্চালক শ্ৰী অনন্তলাল জ্ঞানী, উদ্যান শস্য সঞ্চালক শ্ৰী ত্ৰিৰংগ ভাৰতীয় বৰা প্ৰমুখ্যে আন সংশ্লিষ্ট বিষয়াসকল।

লগতে পঢ়ক- কৃষকসকলে ৰাজসাহাৰ্যপ্ৰাপ্ত ইউৰিয়া লাভ কৰিছে নে! লখিমপুৰত ৫ টকীয়া সূলভ মূল্যৰ ইউৰিয়া বিক্ৰিছে ১৫-২৪ টকা দৰত

English Summary: ATUL BORAH MEETING WITH AGRICULTURE OFFICER

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.