Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 July, 2022 11:21 AM IST
Assam Indigenous Farmers self-reliant by the great revolution of agriculture

যি সময়ত খিলঞ্জীয়া অসমীয়াৰ হাতৰ পৰা খেতি মাটি, কৃষি কৰ্ম আন লোকৰ হাতলৈ গুচি গৈছে বুলি হা-হুমুনিয়া কাঢ়িছে সেই সময়ত ‘মালয়বাৰী’  গাওঁ পঞ্চায়তত পাঁচখন ৰাজহ গাঁৱৰ প্ৰায় ৭ হাজাৰ পৰিয়ালে কৃষিৰে অভূতপূৰ্ব সফলতা লাভ কৰিছে। ক্ষেত্ৰীৰ পৰা উত্তৰে প্ৰায় ৭ কিলোমিটাৰ ভিতৰত দিছপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কলং নদীৰ পাৰৰ ‘মালয়বাৰী’ গাঁৱৰ কৃষকে বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰি অসমৰ ভিতৰতেই আত্মনিৰ্ভৰশীল গাঁৱৰ নিদৰ্শন দাঙি ধৰিছে। প্ৰায় এশ শতাংশ খিলঞ্জীয়া বাসিন্দাই বৰোধান, পাচলি, গাখীৰ, মাছ উৎপাদন আদি কৃষি কৰ্মৰেই স্বাৱলম্বী হৈছে।  

উপযুক্ত জলসিঞ্চন ব্যৱস্হ, প্ৰধানমন্ত্ৰী সিসাই যোজনাৰ অধীনত সৌৰ বিদ্যুৎচালিত নদী নলাৰ ব্যৱস্হা, যন্ত্ৰচালিত নাঙল (পাৱাৰ টিলাৰ) আদিৰে বছৰৰ ৬ মাহত মালয়বাৰী গাঁৱত ১৮০০ হেক্টৰ ভূমি বৰো ধানৰ খেতি কৰা হয়। এই ক্ষেত্ৰত অসম চৰকাৰৰ ৰাজ্যিক কৃষক বঁটাপ্ৰাপ্ত মালয়বাৰীৰ জ্যেষ্ঠ খেতিয়ক সোনেশ্বৰ কোঁৱৰে কয়-“বহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পলাশবাৰী অঞ্চলৰ বহু পৰিয়ালে গৰাখহনীয়াত নিজৰ মাটি হেৰুৱাই ১৯৪৯ চনত তুলসীৰাম পাঠকৰ নেতৃত্বত কৃষকে ক্ষেত্ৰীৰ ওচৰৰ কলং নদীৰ পাৰৰ মালয়বাৰীত খেতি আৰম্ভ কৰিছিল। ঠিক একে সময়তেই ১৯৫০ চনৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ শুৱালকুছি, লাহ আদি অঞ্চলৰ জয়কান্ত দাসৰ নেতৃত্বত খহনীয়াত মাটি হেৰুওৱা কৃষকে মালয়বাৰীলৈ আহিছিল। যি কৃষি বিপ্লৱ আৰম্ভ কৰিছিল সেয়া এতিয়া মহাবিপ্লৱলৈ ৰূপান্তৰ হৈছে। ১৯৫৪ চনত মহেন্দ্ৰ মোহন চৌধুৰীয়ে ১০ হাজাৰ বিঘা মাটি আৱন্তন দি যি শুভাৰম্ভ কৰিছিল, এতিয়াৰ চৰকাৰে তেনে সহায় অব্যাহত ৰাখিছে। আমি ১৯৬১ চনত প্ৰথম বৰো ধানৰ খেতিৰে যি বৈপ্লৱিক পৰিবৰ্তনৰ চেষ্টা কৰিছিলো, সেই ধাৰা নতুন পুৰুষে অব্যাহত ৰখাত সমগ্ৰ অসমৰ ভিতৰতেই গাওঁ হিচাপে আটাইতকৈ বেছি কৃষি উৎপাদনৰ মালয়বাৰী গাঁৱে নিদৰ্শন দাঙি ধৰিছে”।

গাওঁখনৰ আন এজন জ্যেষ্ঠ খেতিয়ক তৰুণ চন্দ্ৰ কলিতাই কয়-“মালয়বাৰী গাওঁ সংগঠন সমিতিৰ প্ৰচেষ্টাৰ বাবেই পূৰ্বৰে পৰা সকলো চৰকাৰে মালয়বাৰীত কৃষি উৎপাদনৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাত কৃষক উৎসাহিত হৈছে। প্ৰায় ৭০০০ কৃষক পৰিয়াল থকা এখন গাঁৱত ৭০০ কৃষকে নাঙলেৰে (পাৱাৰ টিলাৰ) খেতি কৰে। দৈনিক অসংখ্য ট্ৰেক্টৰেৰে বৰো ধানৰ বতৰত শ শ কুইন্টল ধান কঢ়িয়াই পথাৰৰ পৰা কৃষকৰ ঘৰলৈ আনিছে। সেয়া এখন গাওঁ পঞ্চায়তৰ এলেকাৰ বাবে সৌভাগ্যৰ কথা। কিন্তু কৃষকে উপযুক্ত দাম নাপায়। মধ্যভোগীৰ ওচৰত মোনে প্ৰতি (৪০ কিলোগ্ৰাম) ৫০০-৫২০ টকাতহে ধান বিক্ৰী কৰিবলৈ বাধ্য হৈছে। চৰকাৰে বজাৰৰ সু-ব্যৱস্হা কৰিলে অঞ্চলটোত ধান, মাছ, পাচলি আদিৰ উৎপাদন দুগুণ হ’লহেঁতেন।

আন এজন আদৰ্শ খেতিয়ক ৰত্নেশ্বৰ দাসে কয়-‘ প্ৰতি বিঘাত ২৫ মোনকৈ বৰো ধানৰ উৎপাদন হৈ আছে। মোনে প্ৰতি আমি ৫০০-৫২০ টকাত ধান মধ্যভোগীৰ ওচৰত বিক্ৰী কঁৰো। অৰ্থাৎ ২৫ মোন ধান বিক্ৰী কৰি গড়ে ১৩,০০০ টকাকৈ পোৱা যায়’। দাসে লগতে কয় যে গড়ে এবিঘাত ধান খেতি কৰাৰ বাবদ ৮০০০-৯০০০ টকা খৰচ হয়। সেই হিচাপত আমি এবিঘাত ২৫ মোনকৈ ধান উৎপাদন কৰি গড়ে ৪০০০-৫০০০ টকা উপাৰ্জন কঁৰো। অৱশ্যে বানপানীৰ বাবে আমি বৰো ধানৰ খেতি কৰি ৬ মাহ বহি থাকিব লাগে।

শিক্ষিত খেতিয়ক ৰত্নেশ্বৰ দাসে কয়-‘মালয়বাৰী গাঁৱত আধুনিক পদ্ধতিৰে ১৮০০ হেক্টৰ মাটিত ধান খেতি কৰা হয়। বিঘাই প্ৰতি ২৫ মোনৰ হিচাপ কৰিলে ১৮০০ হেক্টৰত ৬ মাহত ১,৬২,০০০ কুইণ্টল ধান উৎপাদন হয়। অৰ্থাৎ বছৰি ৪,০৫,০০০ মোন  ধান উৎপাদন কৰে। ইয়াৰে কমেও ৩,৭০,০০০ মোন ধান বিক্ৰী কৰা হয়। মধ্যভোগীৰ ওচৰত মোনে ৫২০ টকাকৈ বিক্ৰী কৰিবলৈ ধাৰ্য হোৱাত ধান বিক্ৰী কৰি সমগ্ৰ গাওঁখনৰ খেতিয়কে মাত্ৰ ১৯-২০ কোটি টকাহে উপাৰ্জন কৰে। উপযুক্ত বজাৰ ব্যৱস্হা বা চৰকাৰে ধান সংগ্ৰহ কৰিলে কৃষকৰ ২০-২৭ কোটি টকা উপাৰ্জন হ’লহেঁতেন।

মালয়বাৰীত চৰকাৰী জলসিঞ্চন ব্যৱস্হাৰ অধীনত ঔজাৰিৰপৰা অমৰাপথাৰলৈ ৩০ খন পাম পৰিচালনা সমিতি আছে। মালয়বাৰী গন্ধীৰোড ১ নং পাম্প পৰিচালনা সমিতিৰ সভাপতি খেতিয়ক পৰমা পাঠকে কয়-‘এটা জলসিঞ্চন পাম্পৰ পৰা ১২০-৫০০ গৰাকী খেতিয়ক উপকৃত হয়। কলং নদীত থকা জলসিঞ্চনৰ পাম্পৰ ডেলিভাৰী পাইপেৰে পথাৰে পথাৰে পানী যায় বাবে ধানৰ উৎপাদন বেছি হয়। বৰি শস্যৰ সময়তে পাইপেৰে পথাৰত পানী যোগান ধৰা হয়’। খেতিয়ক নলিনী বৰ্মন, হৰিচন্দ্ৰ কলিতা, কমলেশ্বৰ কলিতা, অশোক দাসে কয়- “সৌৰ বিদ্যৎচালিত নলীনাদ, পাম্প ব্যৱস্হাৰে জলসিঞ্চনৰ ব্যৱস্হা উন্নত কৰাত উৎপাদন বাঢ়িছে যদিও উচিত দামৰ অভাৱত খেতিয়কে জুৰুলা হৈছে। কষ্ট অনুসাৰে ফল পোৱা নাই। গাওঁখনত বৰো ধানৰ লগতে মাছ, পাচলি, গাখীৰ আদি প্ৰচুৰ উৎপাদন হয়। খেতিৰ জৰিয়তে গাঁৱৰ খিলঞ্জীয়া অসমীয়াই সমগ্ৰ অসমবাসীৰ বাবে নিদৰ্শন দাঙি ধৰিব পৰাত আমি গৌৰৱান্বিত। যদি চৰকাৰে সকলো খিলঞ্জীয়া গাঁৱত উৎপাদন বৃদ্ধিৰ লগতে দাম পোৱাৰ ক্ষেত্ৰত অধিক মনোযোগ দিলে আমি বেছি আনন্দিত হ’ম”।

ৰাজ্য চৰকাৰৰ মালয়বাৰী গাঁৱৰ দায়িত্বত থকা জলসিঞ্চন বিভাগৰ দিছপুৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা গোপাল ছেত্ৰীয়ে কয়-‘ মালয়বাৰী বৈদ্যুতিক উত্তোলিত জলসিঞ্চন আচঁনিৰ অধীনত ১ নং ঔজাৰিৰপৰা বগীবাৰী আমগুৰিলৈ ৩০ টা পাম্প কেন্দ্ৰ আছে। এই কেন্দ্ৰত ৩৪ টা ২০ অশ্বশক্তি সম্পন্ন পাম্প আৰু মিনিটী পাম্প কেন্দ্ৰত চাৰিটা ১১০ অশ্বশক্তি সম্পন্ন মটৰ পাম্প স্হাপন কৰি পথাৰে পথাৰে পানী দিয়া হয়। জলসিঞ্চন বিভাগৰ এই কামত বিভাগৰ বিষয়া মনোজ ডেকা, হেমেনচন্দ্ৰ মালাকাৰ, সতীশ কলিতাই খেতিয়কক সহায় কৰে।

কৃষি বিভাগৰ বিষয়া গৈতম কাকতিয়ে ৰাজহ গাঁৱলৈ গৈ পৰামৰ্শ দি থকাৰ বাবে কৃষক উৎসাহিত হৈছে। গোপাল চেত্ৰীয়ে কয় জলসিঞ্চন বিভাগে কলং নদীৰ ৩০ টা পাম্পেৰে পথাৰে পথাৰে পানী দিয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আঁচনিৰ পৰাও গাওঁবাসী উপকৃত হৈছে। প্ৰধানমন্ত্ৰী সিসাই যোজনাৰ অধীনত মালয়বাৰী গাঁৱত ২৬ টা সৌৰশক্তি চালিত নলীনাদ বিতৰণ কৰা হৈছে। এটা সৌৰশক্তিচালিত নলীনাদত কেন্দ্ৰীয় চৰকাৰে ৬ লাখ টকা পৰ্যন্ত ৰাজসাহাৰ্য দিছে। প্ৰধানমন্ত্ৰী সিসাই যোজনাৰ অধীনত সৌৰশক্তিৰ নলীনাদেৰেও অসংখ্য কৃষক উপকৃত হৈছে। গোপাল ছেত্ৰীয়ে কয়- মালয়বাৰীৰ দৰে এখন সৰু গাঁৱত ২৬ টা সৌৰশক্তি নলীনাদ বিতৰণ হোৱাটো গৌৰৱৰ কথা। কাৰণ এই নলীনাদে কৃষকক বিভিনন দিশেৰে উপকৃত কৰিছে।

মালয়বাৰীত ধান উৎপাদনেৰে অভিলেখ সৃষ্টি কৰা খেতিয়ক ৰত্নেশ্বৰ দাসে কয়-‘সিসাই যোজনাৰ সৌৰশক্তি নলীনাদ সকলো খেতিয়কক দিব লাগে। কাৰণ ৬ লাখ টকাৰ নলীনাদ পোৱাৰ বাবেই বছৰি মোৰ ডেৰ লাখ টকাৰ ডিজেলৰ খৰচ বাছি গৈছে’। লক্ষণীয় যে মালয়বাৰীৰ দৰে এখন গাঁৱৰ বাসিন্দাই পাঞ্জাৱৰ গাঁৱৰ দৰে কৃষিৰেই মহাবিপ্লৱত আত্মনিয়োগ কৰিছে। গাওঁখনৰ প্ৰতিটো পৰিয়ালেই ৫ বিঘাৰ পৰা ৭৫ বিঘা পৰ্যন্ত মাটিত খেতি কৰে। খেতিৰেই সমগ্ৰ অঞ্চলটোৰ আৰ্থসামাজিক দিশত বৈপ্লৱিক পৰিবৰ্তন হৈছে। খেতিয়কৰ সন্তান চিকিৎসক, অভিযন্তা, বিষয়া হৈছে যদিও কোনেও খেতি এৰা নাই। বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰা গাওঁখনত ৭ টা ধানকলো আছে। নতুন পুৰুষেও খেতিত আত্মনিয়োগ কৰি আৰু অধিক উৎপাদন বৃদ্ধিত মনোনিবেশ কৰিছে। কিন্তু বানপানীৰ বাবে বছৰি কেইবাবাৰো খেতি কৰাত প্ৰত্যাহ্বান সন্মুখীন হোৱা মালয়বাৰীক চৰকাৰে আদৰ্শ গাওঁ হিচাপে আৰু অধিক সহায় কৰিলে সমগ্ৰ অসমবাসীৰ আত্মনিৰ্ভশীলতাৰ পৰিবেশৰ গৌৰৱ হ’ব মালয়বাৰী।

লেখকঃ জিতেন্দ্ৰ কুমাৰ চৌধুৰী

ফোন-৯৮৬৪০৩৭৪১৬ 

লহতে পঢ়ক-Guwahati Flood Big Update: বান পৰিস্থিতিত বন্ধ শিক্ষানুষ্ঠান!

English Summary: Malayabari: Assam Indigenous farmers, Revolution of agriculture
Published on: 17 July 2022, 11:21 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now