Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 14 November, 2023 2:03 PM IST
Mahinda Tractors as "Title Sponsor' of India's Millionaire Farmer Awards

দেশৰ প্ৰগতিশীল কৃষকসকলক সন্মান জনোৱা আৰু কৃষি খণ্ডত লুকাই থকা সম্ভাৱনাসমূহক লোকচক্ষুৰ সন্মুখত তুলি ধৰাৰ উদ্দেশ্য কৃষি জাগৰণ মিডিয়া গ্ৰুপে আয়োজন কৰিছে ভাৰতৰ মিলিয়নাৰ কৃষক বঁটা ২০২৩। ৬,৭ আৰু ৮ ডিচেম্বৰত ৰাজধানী দিল্লীত অনুষ্ঠিত হ’ব দেশৰ কৃষি খণ্ডৰ এই সৰ্ববৃহৎ কৃষকৰ অনুষ্ঠানটো। কৃষি জাগৰণ মিডিয়া গ্ৰুপে আয়োজন কৰা ভাৰতৰ মিলিয়নাৰ কৃষক বঁটা ২০২৩ অনুষ্ঠানটো স্পনছৰশ্বিপৰ বাবে আগবাঢ়ি আহিছে দেশৰ সৰ্ববৃহত টেক্টৰ নিৰ্মাতা প্ৰতিষ্ঠান মহিন্দ্ৰা টেক্টৰছ। মহিন্দ্ৰা কোম্পানীৰ এই আগ্ৰহৰ প্ৰতি সন্মান জনাইছে কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ স্বত্তাধিকাৰী এম চি ডমিনিক।

এই সন্দৰ্ভত কৃষি জাগৰণ আৰু মহিন্দ্ৰা টেক্টৰছৰ মাজত এক চুক্তিও স্বাক্ষৰিত হৈছে। চুক্তি অনুসৰি, ভাৰতৰ মিলিয়নাৰ কৃষক বঁটা ২০২৩ ৰ পৰিৱৰ্তে কৃষক বঁটা অনুষ্ঠানটোৰ নাম হ’ব- মহিন্দ্ৰা ট্ৰেক্টৰছ ভাৰতৰ মিলিয়নাৰ কৃষক বঁটা ২০২৩। ইংৰজীত ‘Millionaire Farmer of India Awards 2023’ ৰ পৰিৱৰ্তে Mahindra Tractors Millionaire Farmer of India Awards 2023 হ’ব। চমুকৈ MFOI-2023 ৰ ঠাইত হ’ব MTMFOI-2023।

লগতে পঢ়ক- 

MFOI Award 2023: ১৫ টা শিতানত কৃষকসকলক পুৰস্কৃত কৰিব কৃষি জাগৰণে

এই সন্দৰ্ভত কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ সঞ্চালক তথা মুখ্য সম্পাদক এম চি ডমিনিকে কয়- মহিন্দ্ৰা টেক্টৰছক স্পনছৰশ্বিপ হিচাপে পাই আমি আনন্দিত। ২৭ বছৰ পূৰ্বে এটা সম্পূৰ্ণ দেখিছিলো দেশৰ কৃষকসকলক লৈ। সেই সপোনটো আছিল MFOI । সেই সপোনটোক পূৰ্ণ ৰূপ দিবলৈ বিশ্বাসী আৰু নিৰ্ভৰযোগ্য এজনৰ সন্ধানত আছিলো। আৰু আজি আমাৰ সৈতে কঠিন যাত্ৰা কৰিবলৈ আগবাঢ়ি আহিছে মহিন্দা টেক্টৰছ। লগতে তেওঁ কয়- মহিন্দ্ৰা ট্ৰেক্টৰছ মিলিয়নাৰ ভাৰতীয় কৃষক বঁটা ২০২৩ কেৱল এটা বঁটা প্ৰদান অনুষ্ঠানেই নহয়। ই দেশৰ দেশৰ মাটিত কৃষকৰ পথাৰত লুকাই থকা সোণৰ সন্ধান দিব কৃষকক। লগতে কৃষক-কৃষক, ব্যৱসায়ী-ব্যৱসায়ী আৰু কৃষক-ব্যৱসায়ীৰ মাজত সম্বন্ধ স্থাপন কৰিবলৈ এখন ৰাষ্ট্ৰীয় মঞ্চ দিব মহিন্দ্ৰা ট্ৰেক্টৰছ মিলিয়নাৰ ভাৰতীয় কৃষক বঁটা ২০২৩।

উল্লেখ্য যে শেহতীয়াকৈ মহিন্দ্ৰা টেক্টৰচ আৰু কৃষি জাগৰণৰ একক প্ৰচেষ্টাত Mahindra Tractors Millionaire Farmer of India Awards 2023 ৬,৭ আৰু ৮ ডিচেম্বৰ এটা ঐতিহাসিক দিন হ’বলৈ গৈ আছে। আৰু আমাৰ যিসকল উপযুক্ত কৃষকে বৰ্তমানেও MTMFOI-2023 ৰ বাবে নাম পঞ্জীয়ন কৰা নাই তেওঁলোকে https://millionairefarmer.in/as/  এই লিংকত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে।

লগতে পঢ়ক- 

কৃষকসকলৰ বাবে এটা ঐতিহাসিক দিন হ’বলৈ গৈ আছে- ৬, ৭ আৰু ৮ ডিচেম্বৰ

English Summary: Mahinda Tractors as "Title Sponsor' of India's Millionaire Farmer Awards
Published on: 14 November 2023, 01:56 IST