1. News

যোৰাহাটত সোমবাৰে পশু ধন প্ৰদৰ্শনী মেলা লগতে কৰ্মশালা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Livestock exhibition fair and workshop in Jorhat on Monday
Livestock exhibition fair and workshop in Jorhat on Monday

যোৰহাটত সোমবাৰে অনুষ্ঠিত হ’ব পশুধন প্ৰদৰ্শনী মেলা লগতে এক কৰ্মশালা। অনুষ্ঠানটো আয়োজন কৰিছে যোৰহাট জিলা প্ৰশাসনে। তেওঁলোকক সহযোগ কৰিছে অসম পশু পালন আৰু পশু চিকিৎসা বিভাগে। যোৰহাটৰ ক’ৰ্ট ফিল্ডত অনুষ্ঠিত হ’ব এই প্ৰদৰ্শনী আৰু কৰ্মশালা।

পুৱা ৯:০০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া অনুষ্ঠানটোত পশু ধন( আমন্ত্ৰণ মূলক) প্ৰদৰ্শনী মেলা, পশুপালনৰ ওপৰত প্ৰশিক্ষণ আৰু পশুধন ভিত্তিক আলোচনাৰ আয়োজন কৰা হৈছে। উদ্যোক্তাসকলে ইচ্ছুক পশু পালক সকলক গোপালন, ঘাঁহ খেতি, ছাগলী পালন, ছাগলী পালন, গাহৰি পালন , চাইলেজ মেকিং আৰু হাহ কুকুৰা পালনৰ এই কৰ্মশালাত যোগদান কৰিবলৈ আহ্বান জনাইছে।

এই সন্দৰ্ভত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পশু চিকিৎসা বিষয়া ডাঃ মৃন্ময় চুতীয়াত এক ফেচবুক পোষ্টযোগে এই কথা জানিবলৈ দিয়ে।

ডাঃ মৃন্ময় চুতীয়াত এক ফেচবুক পোষ্ট
ডাঃ মৃন্ময় চুতীয়াত এক ফেচবুক পোষ্ট

তেওঁ ফেচবুক পোষ্টটোত লিখিছে- ‘যোৰহাট জিলা প্ৰশাসনৰ দ্বাৰা, পশু পালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত কৰ্ট ফিল্ডত অহা সোমবাৰে পশু ধন( আমন্ত্ৰণ মূলক) প্ৰদৰ্শনী মেলা, পশুপালনৰ ওপৰত প্ৰশিক্ষণ আৰু পশুধন ভিত্তিক আলোচনাৰ আয়োজন কৰা হৈছে । ইচ্ছুক পশু পালক সকলে গোপালন , ঘাঁহ খেতি, ছাগলী পালন, ছাগলী পালন, গাহৰি পালন , চাইলেজ মেকিং আৰু হাহ কুকুৰা পালনৰ এই কৰ্মশালাত যোগদান কৰিব পাৰে ।  সময় : পুৱা ন বজাৰ পৰা। স্থান : ক'ৰ্ট ফিল্ড, যোৰহাট। তাৰিখ : ২১/১১/২০২২।’

লগতে পঢ়ক- 

ছাগলীৰ মুখত হো ঘাঁহ

English Summary: Livestock exhibition fair and workshop in Jorhat on Monday

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.