1. News

২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল

PANKAJ KHANIKAR
PANKAJ KHANIKAR
কৃষিৰ বাবে অসম গৌৰৱ লাভ কৰা সকল
কৃষিৰ বাবে অসম গৌৰৱ লাভ কৰা সকল

শুকুৰবাৰে কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে প্ৰদান কৰে ৰাজ্য চৰকাৰৰ অসামৰিক বঁটাসমূহ। বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিত প্ৰদৰ্শন কৰা ব্যক্তিসকলক প্ৰদৰ্শন কৰা ব্যক্তিসকলক প্ৰদান কৰা হয় এই বঁটাসমূহ । কৃষি আৰু কৃষিখণ্ডৰ বাবে কাম কৰা কেইবাগৰাকী কৃষক আৰু কৃষিৰে জড়িত ব্যক্তিয়েও লাভ কৰিলে ৰাজ্য চৰকাৰৰ অসামৰিক সন্মান।

ড° যোগেশ দেউৰী

বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ৰেচম বিভাগৰ প্ৰাক্তন সঞ্চালক ড° যোগেশ দেউৰীয়ে উন্নতমানৰ পাট সূতা উৎপাদনৰ লগতে বিশেষকৈ অসম চৰকাৰৰ সোণালী সূতা আৰু সোণালী ধাৰা প্ৰকল্পৰ অধীনত অগ্ৰণী ভূমিকা লৈছিল। ৰেচম ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতে বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতে নতুন দিল্লীৰ ইনষ্টিটিউট অৱ ইক'নমিক ষ্টাডিজৰ পৰা উদ্যোগ ৰত্ন বঁটা লাভ কৰিছে।

ডাঃ পংকজ লাল গগৈ

১৯৯৯ চনৰে পৰা কুকুৰা পালনৰে জড়িত ডাঃ পংকজ লাল গগৈয়ে মালিকানাধীন গুৱাহাটীৰ নৰ্থ ইষ্ট এগ্ৰ'ভেট প্ৰাইভেট লিমিটেডে প্ৰতিমাহে ৮ লাখ কিল'গ্ৰাম ব্ৰইলাৰ কুকুৰা উৎপাদন কৰে। তেখেতৰ এই কোম্পানীত ১৩০জন যুৱকে কৰ্মসংস্থান লাভ কৰাৰ লগতে তেখেতে ১০০০তকৈও অধিক উৎপাদনকাৰীক সংগঠিত কৰিবলৈ সমৰ্থ হৈছে। ব্যৱসায়িক কাম-কাজৰ লগতে তেখেতৰ প্ৰতিষ্ঠানটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ শিক্ষাৰ্থীলৈ শিক্ষাগ্ৰহণৰ বাটত আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে।

লগতে পঢ়ক- 

Stevia : বহি:ৰাজ্যই দখল কৰাৰ পূৰ্বে অসমীয়া কৃষকে ষ্টেভিয়াৰ খেতি কৰক

সৰ্বেশ্বৰ বসুমতাৰী

চিৰাঙৰ এগৰাকী প্ৰগতিশীল কৃষক শ্ৰীসৰ্বেশ্বৰ বসুমতাৰীয়ে আধুনিক কৃষি সঁজুলি যেনে ড্ৰিপ স্প্ৰিংকলাৰ আৰু সৌৰ-চালিত পাম্প ছেট আদিৰ সৈতে এখন আদৰ্শ বহুমূখী কৃষিপাম আৰু ১৫ বিঘা পৰিসৰৰ মীন পালন গোট প্ৰতিষ্ঠা কৰিছে। তেখেতে এৰী বীজ আৰু এৰী কাপোৰ উৎপাদনৰ লগতে প্ৰশিক্ষক আৰু যোগানধাৰী হিচাপে কাম কৰাৰ লগতে নগাঁৱৰ কৃষি বিকাশ কেন্দ্ৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত ৰঞ্জিত - ১ প্ৰজাতিৰ ধানৰ প্ৰত্যায়িত বীজ উৎপাদন কৰে।

মানথাং মাৰ – অসম গৌৰৱ

কাছাৰ জিলাৰ নতুন কালাম পুঞ্জি গাঁৱৰ মাৰ এগ্ৰো অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ পৰিচালনা সমিতিৰ সদস্য শ্ৰীমানথাং মাৰে কৃষক সৃষ্টিকাৰী কোম্পানীসমূহৰ অধীনত কৃষক গোট আৰু ক্লাষ্টাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ২০১৯-২০ আৰু ২০২১-২২ৰ ভিতৰত অসমৰ উদ্যানশস্য আৰু কৃষি সংসাধন বিভাগৰ অধীনত কৃষি আৰু সংসাধিত খাদ্য ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ জৰিয়তে আনাৰস ৰপ্তানিৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা পালন কৰিছিল।

ড° ধ্ৰুৱজ্যোতি শৰ্মা

উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ নাৰ্ছাৰী 'ডেফ'ডিল নাৰ্ছাৰী পুৰণি'ৰ স্বত্বাধিকাৰী ড° ধ্ৰুৱজ্যোতি শৰ্মাই কৃষি খণ্ডলৈ বিশেষ বৰঙণি আগবঢ়াই আহিছে। প্ৰায় ৩০০গৰাকী লোকক সংস্থাপন প্ৰদান কৰা এই নাৰ্ছাৰীখনত ৪,০০০তকৈ অধিক প্ৰজাতিৰ ফুল, ফল-মূল, শাক-পাচলি, ঔষধি গুণসম্পন্ন উদ্ভিদ আৰু আলংকৰিক উদ্ভিদ পোৱা যায়। ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° শৰ্মাই ২০১৯ চনত ক্ষেত্ৰীত ডেফ'ডিল কলেজ অৱ হৰটিকালচাৰ প্ৰতিষ্ঠা কৰে।

মানজে লা

চিংফৌসকলৰ পৰম্পৰাগত চাহ 'ফালাপ'ক জনপ্ৰিয় কৰি তোলাৰ আঁৰৰ অন্যতম ব্যক্তি হ'ল শ্ৰীমানজে লা। এই চাহবিধ 'কইন টী' বা 'বেম্ব' টী' বা 'স্মোকড্ টী' বুলিও জনাজাত। 'চিংফৌ হেৰিটেজ টী'ৰ স্বত্ত্বাধিকাৰী হোৱাৰ লগতে চিংফৌসকলৰ খাদ্যাভ্যাস, কৃষ্টি-সংস্কৃতি আৰু জীৱন- ধাৰণক প্ৰতিফলিত কৰাৰ উদ্দেশ্যে সমুহীয়াভাৱে হাতত লোৱা প্ৰকল্প 'চিংফৌ ইক'লজ'ৰো তেখেত পৰিচালন সঞ্চালক। এই চিংফৌ ইক'লজে বহু স্থানীয় যুৱক-যুৱতীক কৰ্মসংস্থাপন দিয়াৰ উপৰি থলুৱাভাৱে উৎপাদিত সামগ্ৰী ক্ৰয় কৰি কৃষকসকলৰ উপকাৰ সাধন কৰিছে।

লগতে পঢ়ক- 

১০০ বিঘা মাটিত সমন্বিত খেতি কৰা সৰ্বেশ্বৰ বসুমতাৰীলৈ অসম গৌৰৱ সন্মান

English Summary: Asom Gourav Win for Agriculture sector

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.