1. News

কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ৩ লাখ টকালৈকে কৃষকে লাভ কৰিব ঋণ!

RAHUL ALI
RAHUL ALI
Kisan Credit Card
Kisan Credit Card

দেশৰ অন্নদাতাসকলক শক্তিশালী কৰাৰ উদ্দেশ্যৰে কেন্দ্ৰীয় চৰকাৰে চলাই আছে কেইবাখনো অভিলাসী আচঁনি। ইয়াৰ ভিতৰত কিষাণ ক্ৰেডিট কাৰ্ড (Kisan Credit Card) আঁচনিও অন্তৰ্ভুক্ত আছে। এই আঁচনিৰ বিত্তীয় সহযোগৰ মাধ্যমেৰে সমগ্ৰ দেশৰ কৃষকসকৰ বাবে কৃষিকাৰ্য সহজ হৈ পৰিছে। গতিকে আজিৰ প্ৰবন্ধটোত কিষাণ ক্ৰেডিট কাৰ্ড সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰো-

কিষাণ ক্ৰেডিট কাৰ্ড কি? (What is Kisan Credit Card)

এই আঁচনিৰ অধীনত, কৃষকসকলক কৃষি কাৰ্য কৰাৰ বাবে অতি কম সূতত 3ৰ পৰা 4 লাখ টকালৈকে ঋণ দিয়া হয়। এই পৰিমাণৰ সহায়ত, কৃষকজনে তেওঁৰ কৃষিত বিনিয়োগ কৰিব পাৰে। কিষাণ ক্ৰেডিট কাৰ্ড বেংকৰ দ্বাৰা জাৰী কৰা হয়।

ইয়াৰ লক্ষ্য হৈছে কৃষকসকলক সাৰ, বীজ, কীটনাশক আদিৰ দৰে কৃষিজাত সামগ্ৰী ক্ৰয়ৰ বাবে ঋণ প্ৰদান কৰা। দ্বিতীয় উদ্দেশ্য টো হ'ল কৃষকসকলে মহাজনৰ পৰা ঋণ লোৱাৰ প্ৰয়োজন নাই।

এছ.বি.আই. একাউণ্টৰ পৰা কেনেদৰে আবেদন কৰিব? (How to apply from SBI Account)

যদি আপুনি এজন কৃষক আৰু ভাৰতীয় ষ্টেট বেঙ্কত একাউণ্ট আছে, তেনেহ'লে আপুনি ঘৰত বহি কিষাণ ক্ৰেডিট কাৰ্ড এখন বনাব পাৰে। ইয়াৰ বাবে, আপুনি YONO এপ্পৰ সহায়ত কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে। ইয়াৰ বাবে, আপুনি প্ৰথমে আপোনাৰ ফোনত SBI YONO এপ্পটো ডাউনলোড কৰিব লাগিব। ইয়াৰ লগতে, আপুনি SBI YONOৰ অনলাইন ৱেবছাইটলৈ গৈ Log in কৰিব পাৰে।

এনেদৰে আবেদন কৰক

  • SBI YONO অফিচিয়েল ৱেবছাইট খোলক

  • ইয়াৰ পিছত, আপুনি কৃষিৰ বিকল্প দেখিব

  • এই বিকল্পলৈ যোৱাৰ পিছত, একাউণ্ট বিকল্পটো বাছনি কৰক

  • এতিয়া কিষাণ ক্ৰেডিট কাৰ্ড সমীক্ষা শাখালৈ যাওক

  • তাৰ পিছত আপুনি এপ্লিকেচনৰ বিকল্পত ক্লিক কৰি পৃষ্ঠাত সোধা সকলো তথ্য পূৰণ কৰিব লাগিব।

  • এনেদৰে আপোনাৰ এপ্লিকেচন সম্পূৰ্ণ হ'ব।

লগতে পঢ়কঃ Good News for Farmers: শীঘ্ৰেই লাভ কৰিব পি-এম কিষাণ আচঁনিৰ দ্বাদশ কিস্তিৰ ধন?

English Summary: Kisan Credit Card Big Update!

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.