1. News

গৌৰৱময় ২৬ টা বছৰ সম্পূৰ্ণ কৰিলে কৃষি সংবাদ প্ৰতিষ্ঠান কৃষি জাগৰণে

RAHUL ALI
RAHUL ALI
krishi Jagran Celebrates 26th Anniversary
krishi Jagran Celebrates 26th Anniversary

আজি দেশৰ অন্যতম অগ্ৰণী কৃষি সংবাদ প্ৰতিষ্ঠান কৃষি জাগৰণে সম্পূৰ্ণ কৰিলে গৌৰৱময় ২৬ টা বছৰ। এই উপলক্ষে দিল্লীত কৃষি জাগৰণৰ মুখ্য কাৰ্যালয় উদযাপন কৰা হয় বাৰ্ষিকী অনুষ্ঠানৰ। এই অনুষ্ঠানত উপস্হিত থাকে প্ৰতিষ্ঠানৰ মুৰব্বী, এডিটৰ-ইন-চিফ এম চি ডমিনিক, সঞ্চালক চাইনী ডমিনিক, মুখ্য কাৰ্যকৰী বিষয়া ড০ পি কে পন্ত, কণ্টেন মুৰব্বী সঞ্জয় কুমাৰ সমন্বিতে উপস্হিত থাকে কৃষি জাগৰণৰ পৰিয়ালবৰ্গ।  কেক কাটি অনুষ্ঠানটো উদযাপনৰ নেতৃত্ব দিয়ে প্ৰতিষ্ঠানৰ মুৰব্বী এম চি ডমিনিকে।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি প্ৰতিষ্ঠাপক সম্পাদক এম চি ডমিনিকে কয়, "আজি কৃষকসকলৰ সৈতে আমাৰ যাত্ৰাৰ ২৬ বছৰ পূৰ্ণ হৈছে। বিগত বছৰবোৰত প্ৰতিষ্ঠানচোৱে ইয়াৰ নিজা অনন্য অভিলেখ স্থাপন কৰিছে। আহক আমি সকলোৱে অনাগত দিনবোৰত আমাৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ একেলগে কাম কৰোঁ। তেওঁ লগতে কয় যে বহুতো প্ৰত্যাহ্বানৰ সৈতে প্ৰতিষ্ঠানটোৱে আজি আগবাঢ়ি যাবলৈ সক্ষম হৈছে। তেওঁ এই দীঘলীয়া যাত্ৰাৰ সৈতে জড়িত সকলোকে ধন্যবাদ জনায়।

“আগন্তুক দিনবোৰতো, আমি ভাল কামেৰে এক নতুন ইতিহাসৰ প্ৰস্তাৱনা লিখিম। লগতে, আমি কৃষকসকলৰ সৈতে থিয় হওঁ আৰু তেওঁলোকৰ উপাৰ্জন দুগুণ কৰোঁ আহক। দেশৰ প্ৰতিটো কোণত তেওঁলোকৰ কণ্ঠস্বৰ প্ৰদান কৰাত আগভাগ লওঁ আহক। ২৬ বছৰ আগতে এইটো এক সপোন আছিল। আজি যেন এইটো বাস্তৱত পৰিণত হৈছে। আজি দেশৰ প্ৰতিটো কোণতে মাহেকীয়া আলোচনী আৰু ডিজিটেল ৱেবছাইটৰ জৰিয়তে কৃষি জাগৰণৰ কণ্ঠস্বৰ প্ৰতিধ্বনিত হৈছে। মাহেকীয়া আলোচনীখনৰ পৰা আৰম্ভ হোৱা আমাৰ যাত্ৰা এতিয়াও যুৱ দলটোৰ সৈতে দৃঢ়ভাৱে আগবাঢ়িবলৈ সাজু হৈ আছে।"-তেওঁ এনেদৰে কয়।

উল্লেখ্য যে এই অনুষ্ঠানত কনটেণ্ট প্ৰবন্ধক পংকজ খান্না, ছ'চিয়েল মিডিয়াৰ জিএম নিশান্ত তাক আৰু কৃষি জাগৰণৰ সকলো কৰ্মচাৰী য়ে উদযাপনত অংশগ্ৰহণ কৰিছিল।

লগতে পঢ়ক-বৰষুণৰ পৰিমাণ কমাৰ লগে লগে কৰিব পৰা কিছুমান খেতি

English Summary: krishi Jagran Celebrates 26th Anniversary

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.