Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 8 October, 2023 3:10 PM IST
King Chilly Farming in Dhemaji

যি সময়ত একাংশ নিবনুৱা যুবকে চাকৰিৰ বাবে হাবাথুৰি খাই আছে সেই সময়ত ধেমাজি জিলাৰ শতাধিক নিবনুৱা যুৱকে ভোট জলকীয়াৰ খেতিৰেই বছৰি ১০ লাখ টকা পৰ্যন্ত লাভ কৰি নজিৰ সৃষ্টি কৰিছে৷কেইবছৰমান আগলৈ অসমীয়াই সপোনতো ভবা নাছিল যে এজন খেতিয়কৰ এবছৰত অকল ভোট জলকীয়া বিক্ৰী কৰি ১০ লাখ টকা পৰ্যন্ত লাভ হ’ব পাৰে বুলি৷ কিন্ত আজি সেয়া বাস্তৱত পৰিণত হৈছে৷ এই বছৰ ধেমাজি জিলাৰ শতাধিক নিবনুৱা যুৱকে নিজৰ নিজৰ মাটিত সুকীয়াকৈ ভোট জলকীয়াৰ খেতি কৰি গড়ে এজনে ১ লাখ টকাৰ পৰা ১০ লাখ টকা লাভ কৰিছে৷ লাভ আগন্তুক সময়ত আৰু বাঢ়িব বুলি ধেমাজিৰ খেতিয়কে জানিবলৈ দিছে৷

উল্লেখ্য যে ডিচেম্বৰ মাহৰ পৰা আগষ্ট মাহলৈকে ভোট জলকীয়াৰ খেতি হয়৷ একোটা ভোট জলকীয়াৰ পুলি ৰোপন কৰিলে ১৭০ দিনৰ ভিতৰত জলকীয়া বিক্ৰী কৰিব পৰা যায়৷ ধেমাজি জিলাৰ অসংখ্য নিবনুৱা যুৱককে পূৰ্বতকৈ এইবাৰ ভোট জলকীয়াৰ খেতি বেছিকৈ কৰিছিল৷ চিচিৰগাঁও প্ৰগতিশীল প্ৰডিউচাৰ কোম্পানীটোক অধিকাংশ খেতিয়কে জলকীয়া একেলগে বিক্ৰী কৰে যদিও সকলোৱে নিজাববীয়াকৈ খেতি কৰে৷ কোনোবাই এবিঘা আৰু কোনোবাই ১০-২০ বিঘা পৰ্যন্ত মাটিত ভোট জলকীয়াৰ খেতি কৰিছে৷ এনেদৰে এইবাৰ এই জিলাখনত ১০০ বিঘাতকৈ অধিক মাটিত ভোট জলকীয়া খেতি কৰা হৈছে। ইতিমধ্যেই  ১ কোটি টকাৰ জলকীয়া খেতিয়কে বিক্ৰী কৰিছে৷ আগষ্ট মাহৰ ভিতৰত আৰু ৫০-৬০ লাখ টকাৰ জলকীয়া বিক্ৰীৰ সম্ভাৱনা ৷লক্ষণীয় যে ধেমাজিৰ বনমালী কাকতি, ৰূপ দত্ত, ধৰ্মেন্দ্ৰ শইকীয়া, ভবেন শালৈ, যোগেশ্বৰ শালৈ, ৰামচন্দ্ৰ চেতিয়া, নিতুল শইকীয়া, বিজয় পামে, চিৰঞ্জীৱ বৰগোঁহাই, বিপুল বৰগোঁহাই, অনুজ দলে, ভূৱন পেগু, টিকেন কাকটি, টিকেন্দ্ৰজিৎ টাই, খগেন সোনোৱাল আদিকে ধৰি বহু খেতিয়কে লাখ লাখ টকাৰ ভোট জলকীয়া বিক্ৰী কৰিছে৷ বিশেষকৈ নাগালেণ্ড, মণিপুৰ আৰু চুবুৰীয়া দেশ ভূটানত বেছিকৈ ভোটজলকীয়া বিক্ৰী হৈছে৷

লগতে পঢ়ক- 

Success story: জৈৱিক চাবোনেৰে শিৱসাগৰৰ চুমী বৰা ৰ বৃহৎ প্ৰত্যাহ্বান

নিতুল শইকীয়া, নিলখ

এজন খেতিয়কে কয় যে এবিঘা মাটিত ৮ কুইন্টলকৈ ভোট জলকীয়া উৎপাদন হৈছে৷ যদি আশ্ৰাধন ( পলিথিন দি) পদ্ধতিৰে খেতি কৰা হয়, এবিঘাত উৎপাদন খৰচ ৩২ হাজাৰ টকা হয়৷ এই পদ্ধতিৰে খেতি কৰিলে জলকীয়াৰ মাজত হোৱা জংঘল কাটিবলগীয়া নহয় ৷ তেতিয়া হাজিৰা লগাই জংঘল কটাৰ খৰচ ৰাহি হয়৷ খেতিয়কসকলি লগতে কয় যে পলিথিন নিদিয়াকৈ সাধাৰণভাবে ভোট জলকীয়াৰ খেতি কৰিলে প্ৰতি বিঘাত উৎপাদন খৰচ ১৬ হাজাৰ টকাকৈ ব্যয় হয়৷ এবিঘাত ৮ কুইন্টলকৈ উৎপাদন হ’লে ৮০০ কিলোগ্ৰাম হয়৷ খেতিয়ক কেইজনে কয় যে ডিচেম্বৰৰ পৰা ১০৭ দিন পাছত জলকীয়া বিক্ৰী কৰি কিলোগ্ৰামে প্ৰতি ৪৫০ ৰ পৰা ৬০০ টকাকৈ পোৱা গৈছিল৷ যদি গঢ়ে কিলোগ্ৰামেপ্ৰতি ৪০০ টকাকৈও ধৰা হয় এবিঘা মাটিত ভোট জলকীয়াৰ খেতি কৰিলে বিক্ৰীৰ সময়ত ৩,২০০০০ টকা পোৱা যায়৷ অৱশ্যে এইবাৰ ভোট জলকীয়াৰ উৎপাদন অধিক হৈছে বাবে জুন মাহত প্ৰতিকিলোগ্ৰামৰ দাম ৩০০ টকালৈ নামিছে৷ আৰম্ভণিতে ৪৫০- ৬০০ টকাকৈ কিলোগ্ৰামেপ্ৰতি বিক্ৰী কৰি বতৰৰ শেষত ৩০০ টকাকৈ পালেও উৎপাদন ব্যয়তকৈ অধিক লাভ হৈছে৷

ভৱেন শালৈ, তৰাণি পথাৰ

ধান বা অন্যান্য খেতি কৰাতকৈ ধেমাজিৰ শতাধিক যুবকে ভোট জলকীয়াত অধিক মনোনিৱেশ কৰাত অধিক লাভ হৈছে৷ বছৰি যদি এজন খেতিয়কৰ ভোট জলকীয়াত ৫ লাখ টকাও লাভ হয়, তেতিয়াহ’লে অসম চৰকাৰৰ তৃতীয় বৰ্গৰ কৰ্মচাৰীতকৈও অধিক উপাৰ্জন হয়৷ উল্লেখযোগ্য যে যিসকলৰ বছৰি ৮ লাখ টকা লাভ হৈছে তেওঁলোকৰৰ উপাৰ্জন অসম চৰকাৰৰ দ্বিতীয় বৰ্গৰ কৰ্মচাৰীতকৈও অধিক হয় বুলি ক’ব পাৰি৷ ভোট জলকীয়া বিক্ৰী কৰি এই পৰ্যন্ত যি কেইজনৰ ১০ লাখ টকা লাভ হৈছে, তেওঁলোকৰ মাহে ৮৩ হাজাৰ টকাকৈ উপাৰ্জন হৈছে৷ জুন, জুলাই, আগষ্টলৈকে এই বছৰৰ উৎপাদীত জলকীয়া বিক্ৰী কৰিবলৈ আছেই! কৃষি বিপ্লৱৰ এনে ইতিবাচক খবৰে অসমক আত্মনিৰ্ভৰশীল কৰাৰ লগতে ৰাজ্যৰ অৰ্থনীতি সুদৃঢ় কৰিব৷ এইক্ষেত্ৰত অসম চৰকাৰে কৃষকসকলক আন ধৰণে সহায় নকৰিলেও এবাৰ আমন্ত্ৰণ কৰি মাত এষাৰ দিলেও উৎসাহ পাব৷দু ৰ্ভাগ্যজনক কথা যে বিভাগীয় মন্ত্ৰী অতুল বৰাৰ এনেবোৰ দিশত মন কান দিবলৈ বাৰুকৈয়ে সময়ৰ অভাব হৈছে!

লেখক : জিতেন্দ্ৰ কুমাৰ চৌধুৰী

লগতে পঢ়ক- 

কাঠফুলা খেতিৰে উজ্বলিছে ডিব্ৰুগড় বিনয়গুটীয়াৰ উদ্যমী মহিলা জ্যোৎস্না গগৈ

 

English Summary: King chilly Farming in Dhemaji
Published on: 08 October 2023, 03:05 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now