Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 18 October, 2022 11:00 AM IST
jowar cultivation in Assam

কৃষি উৎপাদনৰ ক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ অসম চৰকাৰে ৰাজ্যখনত ‘অসম জোৱাৰ অভিযান শীৰ্ষক আচনিখন গ্ৰহণ কৰিছে। এই আঁচনিখনৰ অধীনত জোৱাৰ খেতিৰ অভিযান আৰম্ভ কৰিছে ৰাজ্য চৰকাৰখনে। সাত বছৰীয়া এই অভিযানৰ আৰম্ভনি হ’ব ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা৷ লগতে আঁচনিখনৰ জড়িয়তে ভাৰত চৰকাৰে জোৱাৰ শস্য আৰু খেতিৰ প্ৰসাৰৰ বাবে কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ সংকল্প লৈছে৷ 

আৰিয়াছ ছ’চাইটীৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক ৰ’শ্নি কোৰাটিয়ে এই সন্দৰ্ভত কয় যে এই অভিযানৰ অধীনত জোৱাৰ উৎপাদন, শস্য চপোৱাৰ পাছৰ ব্যৱস্থা, সংসাধীকৰণ, মূল্য সংযোজন আৰু বজাৰ সংযোগক সামৰি সকলো কাৰ্যপন্থা এক মান শৃংখলা ৰূপত গ্ৰহণ কৰা হ’ব৷ “মূলতঃ জনসাধাৰণৰ পুষ্টিসম্পৰ্কীয় প্ৰয়োজনীয়তা পূৰণ কৰাৰ ক্ষেত্ৰত বিশেষকৈ গৰ্ভৱতী মহিলা, দুগ্ধপান কৰোৱাই থকা মাতৃ আৰু শিশুৰ পুষ্টিক গুৰুত্ব দিয়া হ’ব, ” বুলি কয় ৰ’শ্নি কোৰাটিয়ে৷লগতে ৰ’শ্নি কোৰাটিয়ে কয় যে জোৱাৰ খেতিয়ে বিশ্বৰ বহুকেইটা সমস্যা যেনে- আহাৰত পুষ্টিৰ অভাৱৰ সমস্যা (পুষ্টিহীনতাৰ পৰা মেদবহুলতালৈ), পৰিৱেশৰ সমস্যা (জলবায়ু পৰিৱৰ্তন, পানীৰ অভাৱ আৰু পৰিৱেশৰ অৱক্ষয়) আৰু গ্ৰামাঞ্চলৰ দৰিদ্ৰতা আদিৰ সমাধানৰ পথ দেখুওৱাব। 

লগতে পঢ়ক- 

অসমত ধেমচি খেতিৰ সম্ভাৱনাৰ

jowar crop

ৰ’শ্নি কোৰাটিয়ে জানিবলৈ দিয়া মতে কৃষকসকলৰ ব্যক্তিগত প্ৰচেষ্টাৰে জোৱাৰৰ খেতি ৰাজ্যখনৰ ১৫খন জিলাত চলি আছে৷ এই অভিযানে পৰিৱেশ, শস্যৰ বৈচিত্ৰ্যৰ সম্ভাৱনা আৰু খেতি নকৰাকৈ পৰি থকা মাটি আদি দিশবোৰৰ পৰ্যালোচনা কৰি জোৱাৰ উৎপাদনৰ ক্ষেত্ৰত পৰিচালনা কৰিব৷ আৰম্ভণিতে, এই অভিযানে ১৫খন জিলাক অগ্ৰাধিকাৰ প্ৰদান কৰিব বুলি কয় ৰাজ্যিক প্ৰকল্প সঞ্চালকগৰাকীয়ে।

উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাৰতৰ পৃষ্ঠপোষকতাত ২০২৩ বৰ্ষটো আন্তৰ্জাতিক জোৱাৰ বৰ্ষ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ভাৰত চৰকাৰে জোৱাৰ শস্য আৰু খেতিৰ প্ৰসাৰৰ বাবে কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ সংকল্প লৈছে৷ অসম চৰকাৰেও ২০২৩ বৰ্ষটো জোৱাৰ বৰ্ষ হিচাপে পালন কৰিবলৈ প্ৰকৃতাৰ্থত সাজু হৈছে৷ তেজুপুৰৰ উপায়ুক্ত সন্মিলনত মুখ্যমন্ত্ৰীগৰাকীয়ে জোৱাৰ খেতি সম্পৰ্কে এক বিশেষ ঘোষণা কৰাৰ পাছত প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে ৷

লগতে পঢ়ক- 

যুৱ-প্ৰজন্মই খেতি নকৰে কিয়?

English Summary: jowar cultivation in Assam
Published on: 18 October 2022, 10:49 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now