অসমীয়া সাহিত্য জগত উদং কৰি আজি এই পৃথিৱীৰপৰা বিদায় ল’লে জ্ঞানপীঠ বিজয়ী কবি নীলমণি ফুকনে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বৰ্ষীয়ান কবিগৰাকীয়ে আজি গুৱাহাটী মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ কৰে। আজি বিয়লি গুৱাহাটীৰ ভূতনাথ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে কবিক শেষ বিদায় দিয়া হ’ব। মৃত্যুৰ সময়ত কবিগৰাকীৰ বয়স আছিল ৮৯ বছৰ।
নীলমণি ফুকন অসমীয়া ভাষাৰ এজন কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক। তেওঁ অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। তেখেতৰ উল্লেখযোগ্য কৰ্ম হ'ল 'সূৰ্য হেনো নামি আহে এই নদীয়েদি', 'কবিতা', আৰু 'গোলাপী জামুৰ লগ্ন' ইত্যাদি।
'কবিতা' শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়। ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। তদুপৰি ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল' ২০০২ চনত প্ৰদান কৰা হয়। কবি ফুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় 'ডি লীট' উপাধি প্ৰদান কৰে।
নতুন দিল্লীস্থিত ভাৰতীয় জ্ঞানপীঠে ২০২১ চনত, নীলমণি ফুকনক সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অসামান্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰে। এই বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী অসমীয়া সাহিত্যিক। নীলমণি ফুকনৰ জন্ম ১৯৩৩ চনৰ ১০ ছেপ্টেম্বৰত গোলাঘাট জিলাৰ দেৰগাঁৱত হৈছিল। কবি, শিল্পী, সমালোচক, অধ্যাপক হিচাপে তেওঁ অসমীয়া সাহিত্য আৰু বৌদ্ধিক জগতলৈ অনবদ্য অৰিহণা যোগায়।
মানুহ ভালপোৱা, জীৱনক উদযাপন কৰা কবিগৰাকী চৌপাশৰ পৰিৱেশক লৈ কেতিয়াবা চিন্তিত হৈ পৰিছিল। জ্ঞানপীঠ বঁটা গ্ৰহণৰ সময়ত সেয়েহে বৰ্ষীয়ান কবিগৰাকীয়ে প্ৰশ্ন কৰিছিল- ‘‘ৰাজনীতিৰ দুৰ্বৃত্তায়ন– দিনে দিনে বাঢ়ি অহা পৰিৱেশ প্ৰদূষণ, ভয়ৰ মাজত মোলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাহ ল’ব পাৰিছেনে?’’
নৃত্যৰতা পৃথিৱী নামৰ কবিতাটোত কাব্যঋষিয়ে লিখিছে এইদৰে
“মই মানুহটো এতিয়া সলনি হৈ গৈ আছো
মোৰ নাম অভিজ্ঞতা কণ্ঠস্বৰ
তুমি বিচৰাতো এতিয়াও মই হ’ব পৰা নাই
সেই কাৰণই মাজে মাজে মই মোক শূলত দিওঁ…”
কবিৰ আন এটি কবিতাত অনুৰণন শুনা গৈছে হেৰাই যোৱা প্ৰেমৰ, ঠিক এনেদৰে-
“তুমি নোহোৱা হৈ যোৱাৰ পিছতো
অন্ধজনেও বুকুতে দেখা পাব
পৃথিৱীৰ প্রথম দিনৰ সূর্য’’
লগতে পঢ়কঃ Indigo: ভাৰতত নীল বা ইণ্ডিগ’ খেতিৰ ইতিহাস আৰু সম্ভাৱনা