Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 31 December, 2023 6:22 PM IST

২০১৩ চনত কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ পৰা অব্যাহতি লৈ ৰাজ্য চৰকাৰৰ চাকৰিত যোগদান কৰি কিছু প্ৰশান্তি অনুভৱ কৰিছিলো। অত্যধিক ব্যস্ততা কিছু কমিছিল। সামাজিকভাৱে মানুহৰ লগত থাকি ভাল পোৱা মনটোৰ বাবে সেই বছৰৰে ডিচেম্বৰ মাহত জন্ম দিছিলো গাঁৱৰে ১৫ গৰাকী দুখীয়া অশিক্ষিত/অল্পশিক্ষিত খেতি-বাতি, সৰু-সুৰা ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰা লোকক একত্ৰিত কৰি “চিনাকি” নামৰ এটা গোট । প্ৰতি মাহে ১০০ টকাকৈ তুলি দুবছৰৰ পিছত সেই পৰিমাণ ২০০ লৈ বৃদ্ধি কৰি, সেই টকা জমা কৰি দুই এটা সামাজিক কাম-কাজো আগবঢ়াই নিয়াৰ চেষ্টা কৰি আমাৰ যাত্ৰা পথত আগবাঢ়ি গৈছিলো । প্ৰথম অৱস্থাত আমোদ, বিনোদনৰ লগতে আমাৰ পুঁজি বঢ়াবলৈ ভোগালী বিহুত উপহাৰ কুপন খেলৰ ব্যৱস্থা কৰিছিলো । আমাৰ গোটৰ অন্তৰ্গত কোনো সদস্যৰ পুত্ৰ-কন্যাই বৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰীক্ষাত উত্তীৰ্ণ হ”লে আমি মাহিলি সভাত যি পাৰি উৎসাহিত কৰি তেওঁলোকক আগুৱাই যোৱাৰ বাবে আশীৰ্বাদ কৰিছিলো, অনুপ্ৰেৰণা যোগাইছিলো ।

এতিয়া পিছে আমাৰ গোটৰ পৰা সম্বৰ্ধনা জনাবলৈ তেনে কোনো ছাত্ৰ-ছাত্ৰীয়ে নোহোৱা হ’ল । আমি গৌৰৱ কৰো আমাৰ মাজৰে এজন সদস্য, বজাৰে বজাৰে কাঁহ-পিতলৰ বাচন বিক্ৰী কৰা ব্যৱসায়ী, যিয়ে নিজৰ নামটো পৰ্যন্ত লিখিব নাজানে তেওঁৰ পুত্ৰই আজি এম.এ পাঠ্যক্ৰমত নাম ভৰ্তি কৰিছে। আন এগৰাকী সদস্যৰ পুত্ৰই অসম লোকসেৱা আয়োগৰ দ্বাৰা এই বছৰ অনুষ্ঠিত হোৱা মূল পৰীক্ষাত উত্তীৰ্ণ হৈ মৌখিক পৰীক্ষাত অৱত হোৱাৰ সুযোগ লাভ কৰিছে । আনৰ মাটি আধি খেতি কৰি নিজৰ পুত্ৰক পঢ়া শুনা কৰোৱা এজন সদস্যৰ পুত্ৰই আজি SRD ৰ দৰে ব্যৱসায় প্ৰতিষ্ঠানত কেক তৈয়াৰ কৰা কামত জেষ্ঠ বিশেষজ্ঞ হিচাপে কাৰ্য্যনিৰ্বাহ কৰাৰ সুযোগ লাভ কৰিছে । এগৰাকী সদস্যৰ পুত্ৰই Jack Tran নামৰ আমেৰিকান কোম্পানী এটাৰ ভিডিঅ এডিটৰ হিচাপে কাম কৰাৰ সুযোগ লাভ কৰিছে । আমাৰ মাজৰে আন এগৰাকী সদস্যৰ পুত্ৰই হোটেল মেনেজমেন্টৰ পাঠ্যক্ৰম সমাপ্ত কৰি বৰ্তমান গুৱাহাটীৰ ওচৰৰ মিৰ্জাত "ৰয়েল পেলচ" হোটেলৰ মহা প্ৰবন্ধক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি থকাটো আমাৰ বাবে গৌৰৱৰ বিষয়। ইয়াৰোপৰি ২০২৩ চনত আমাৰ গোটৰ এগৰাকী সদস্যই অসম বেটেলিয়নত ৰান্ধনী হিচাপে সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক- 

Horticulture : এবিঘা মাটিত মাত্ৰ এবাৰ আৰম্ভ কৰি গোটেই জীৱন পাওঁক ফল

যোৱা দহটা বছৰৰ ভিতৰত আমাৰ সকলো সদস্যই কম বেছি পৰিমানে গোটৰ পৰা সহায় (ঋন) লৈ নিজৰ ঘৰ খনক বা নিজৰ পৰিয়ালটোক কিছু হলেও নিম্ন পৰ্য্যায়ৰ পৰা ওপৰলৈ আনিবলৈ সমৰ্থ হৈছে । ২০১৬ চনত গাঁৱৰ ৰাজহুৱা শ্মশান খন আমাৰ প্ৰচেষ্টাত চাফ চিকুন কৰি অদৰকাৰী গছ বন কাটি নতুনকৈ ৰোপন কৰা ৪০টা চেগুন পুলি আজি ১৫ ফুটতকৈয়ো ওখ হৈ গাঁৱৰ সম্পদ হিচাপে পৰিগনিত হৈছে । বিগত সময়ত ১৫ জন সদস্য ভিতৰত পাঁচ গৰাকী সদস্যই বিভিন্ন অসুবিধাৰ বাবে গোটৰ পৰা অব্যাহতি লৈছে যদিও ২০১৮ চনত বাকী দহ গৰাকী সদস্যৰে আমি চৰকাৰী সাহাৰ্য্যত এখন ট্ৰেক্টৰ পাবলৈ সক্ষম হও । তেনেদৰে আমি আমাৰ জমা ধনৰ পৰা লাভ কৰা সুতৰ উপৰিও ট্ৰেক্টৰৰ পৰা পোৱা লাভাংশয়ো আমাৰ পুজি বৃদ্ধিত অৰিহনা যোগাইছে আৰু এটা ভাল পৰিমানৰ ধন প্ৰতি গৰাকী সদস্যই লাভ কৰিবলৈ সক্ষম হৈছে।

যোৱা দহটা বছৰত প্ৰায় নিয়মীয়াকৈ প্ৰতি মাহৰ দহ তাৰিখে আমাৰ গোটৰ কোনো এগৰাকী সদস্যৰ ঘৰত আমি সকলোৱে একাপ চাহ বিস্কুট/ কেতিয়াবা ৰাতিৰ আহাৰ গ্ৰহন কৰি মাহিলী জমা সংগ্ৰহ কৰাৰ লগতে আমাৰ ব্যক্তিগত জীৱনৰ সমস্যা সমূহৰ বিষয়ে আলোচনা কৰি সুখ আৰু দুখৰ ভাগ বতৰা কৰি পৰামৰ্শ আৰু মন্তব্য প্ৰকাশ কৰি আমাৰ সকলোৰে মনৰ উদ্বিগ্নতা কমাইছিলো। বছৰৰ শেষত, নতুন বছৰত আমাৰ গোটৰ সদস্য সকলক পৰিয়ালৰ কামত অহা ক্ষুদ্ৰ উপহাৰ একোটাকৈ প্ৰদান কৰি আমাৰ মাজত মৰম চেনেহৰ আদান প্ৰদান কৰিছিলো ।আমাৰ গোটটোৰ প্ৰতিষ্ঠা কৰাৰ বাবেই যে আমাৰ ল’ৰাছোৱালী সকলে সুশৃংখল ভাৱে জীৱন পথত আগবাঢ়ি গৈছে সেইটো নহয়, যদিও আমি ইজনে সিজনক দিয়া দিহা পৰামৰ্শ, সহায় সহযোগীতা, সামুহিক চিন্তা আৰু আলোচনাকেন্দ্ৰীক বাতাবৰনে আমাক সকলো সময়তে উৎসাহিত কৰি জীৱনটো আগবঢ়াই নিয়াত অনুপ্ৰেৰনা যোগাইছে ।

লগতে পঢ়ক- 

Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক

English Summary: Inspiring Story
Published on: 31 December 2023, 06:22 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now