1. News

চৰাইদেউত কৃষি উন্নয়ন বিষয়াৰ দুটাকৈ কাৰ্যালয় উদ্বোধন আৰু কম্বাইন্ড হাৰ্ভেষ্টাৰ বিতৰণ

KJ Staff
KJ Staff
Distribution of combined harvesters
Distribution of combined harvesters

বিগত ২৯ মে’, সোমবাৰে চৰাইদেউ জিলা কৃষি বিভাগৰ অধীনত 'এপাৰ্ট'ৰ অন্তৰ্গত দুটাকৈ কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হয়। চৰাইদেউ জিলা কৃষি বিভাগৰ চৌহদত সোণাৰি কৃষি উন্নয়ন বিষয়াৰ নৱ নিৰ্মিত কাৰ্যালয় গৃহ শুভ উদ্বোধন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা উপায়ুক্ত নিবেদন দাস পাটোৱাৰী, সহকাৰী আয়ুক্ত ভাস্কৰ জ্যোতি বৰা আৰু জিলা কৃষি বিষয়া ৰবীন য়েইন। তদুপৰি বিভাগীয় বিষয়া কৰ্মচাৰীৰ লগতে কৃষক ৰাইজ উপস্থিতি থাকে অনুষ্ঠানটোত। আনহাতে কৃষি বিভাগৰ অন্তৰ্গত নিমনাগড় কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়টো শুভ উদ্বোধন কৰে ৰাজহ ও দুৰ্যোগ ব্যবস্থাপনা বিভাগ আৰু পাৰ্বত্য অঞ্চল উন্নয়ণ মন্ত্ৰী যোগেন মহনে।

লগতে উপস্থিত থাকে সাংসদ তপন কুমাৰ গগৈ। স্থানীয় কৃষক ৰাইজ আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ উপস্থিতিত উদ্বোধন কৰা হয় নিমনাগড় কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়টো। ইয়াৰ সমান্তৰালকৈ জিলাখনৰ সোণাৰি সমষ্টিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাহমৰা সমষ্টিত ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু পাৰ্বত্য অঞ্চল উন্নয়ণ মন্ত্ৰী তথা স্থানীয় বিধায়ক যোগেন মহনে কৃষি বিভাগৰ CMSGUY 2020-2021 আঁচনিৰ অধীনত দুটাকৈ Combined Harvester বিতৰণ কৰে।

দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কৃষক ৰাইজক কৃষিকাৰ্যৰ বাবে উৎসাহিত কৰে। লগতে চৰকাৰে প্ৰদান কৰা সা-সুবিধাসমূহৰ বিষয়েও উপস্থিত ৰাইজক অৱগত কৰে।

লগতে পঢ়কঃ নীলা হালধিৰ খেতি কৰকঃ এক কিলোৰ দাম ৩ হাজাৰ টকা পৰ্যন্ত

English Summary: Inauguration of two offices of Agriculture Development Officer in Charaideo and distribution of combined harvesters

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.